৫G ম’বাইল সেৱা উদ্বোধনী অনুষ্ঠানত অসমৰ মন্ত্ৰী কেশৱ মহন্ত

author img

By

Published : Oct 1, 2022, 9:44 PM IST

5G mobile service

প্ৰগতি ময়দানত ৰাজ্যসমূহৰ তথ্য-প্ৰযুক্তি মন্ত্ৰীসকলৰ সন্মিলনত মন্ত্ৰী কেশৱ মহন্তৰ অংশ গ্ৰহণ (5G mobile service)। প্ৰথম দিনাৰ কাৰ্যসূচীত ভাগ লৈ ৰাজ্যৰ তথ্য-প্ৰযুক্তি বিভাগৰ মন্ত্ৰী মহন্তই অসমত তথ্য-প্ৰযুক্তি খণ্ডৰ দ্ৰুত সম্প্ৰসাৰণৰ লগতে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ ক্ষিপ্ৰ-ফলপ্ৰসূ ৰূপায়ণেৰে জনসাধাৰণক উপকৃত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সদৰী কৰে ।

গুৱাহাটী, ১ অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দেশত পঞ্চম প্ৰজন্মৰ মোবাইল নেটৱৰ্ক (৫G) সেৱা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে অত্যাধুনিক প্ৰযুক্তিৰ ৫G ম’বাইল নেটৱৰ্ক সেৱা মুকলি কৰা এই অনুষ্ঠানত অসমৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তয়ো অংশগ্ৰহণ কৰে (5G mobile service) ।

ভাৰত চৰকাৰৰ যোগাযোগ, ইলেকট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে নতুন দিল্লীৰ প্ৰগতি ময়দানত শনিবাৰে আগবেলা আয়োজন কৰা ‘‘ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২২’’ ৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় যোগাযোগ, ইলেকট্ৰনিকছ, তথ্য-প্ৰযুক্তি আৰু ৰে’ল বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, যোগাযোগ ৰাজ্যমন্ত্ৰী দেবুসিং চৌহান, কৌশল্য বিকাশ আৰু উদ্যমিতা বিভাগৰ ৰাজ্যমন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ উপস্থিত থাকে ৷

5G mobile service
৫G ম’বাইল সেৱা

লগতে ৰাজ্যসমূহৰ তথ্য-প্ৰযুক্তি মন্ত্ৰীসকল, কেন্দ্ৰ আৰু চৰকাৰসমূহৰ জ্যেষ্ঠ বিষয়াবৰ্গ, যোগাযোগ আৰু তথ্য-প্ৰযুক্তি খণ্ডৰ বিশেষজ্ঞ, ভাৰতীয় ঔদ্যোগিক ক্ষেত্ৰৰ আগশাৰীৰ প্ৰতিনিধিসকলৰ উপস্থিতিত প্ৰধানমন্ত্ৰী মোডীয়ে বহুপ্ৰতীক্ষিত ৫G ম’বাইল সেৱা দেশত শুভাৰম্ভ কৰে ।

লগতে পঢ়ক : Road Safety World Series : ফাইনেলত ভাৰত লিজেণ্ডছ বনাম শ্ৰীলংকা লিজেণ্ডজ

আজিৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হোৱাৰ অনুভৱ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি অসমৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী মহন্তই কয় যে, দেশত ৫G সেৱাৰ শুভাৰম্ভণিৰ লগে লগে ভাৰতীয় ম’বাইল ইণ্টাৰনেট সেৱা তথা তথ্য-প্ৰযুক্তি খণ্ডই আজিৰে পৰা আন এক উচ্চতৰ শিখৰলৈ আৰোহণ কৰিলে ।

5G mobile service
৫G ম’বাইল নেটৱৰ্ক সেৱা মুকলি

ইফালে ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২২ ৰ সৈতে সংগতি ৰাখি প্ৰগতি ময়দানতে কেন্দ্ৰীয় চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ‘‘ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তথ্য-প্ৰযুক্তি মন্ত্ৰীসকলৰ সন্মিলন’’ত অসমক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰে মন্ত্ৰী মহন্তই ।

কেন্দ্ৰীয় যোগাযোগ, ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ অধ্যক্ষতাত শনিবাৰে দুপৰীয়াৰ পৰা অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সন্মিলনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত ভাগ লৈ ৰাজ্যৰ তথ্য-প্ৰযুক্তি বিভাগৰ মন্ত্ৰী মহন্তই অসমত তথ্য-প্ৰযুক্তি খণ্ডৰ দ্ৰুত সম্প্ৰসাৰণৰ লগতে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ ক্ষিপ্ৰ, ফলপ্ৰসূ ৰূপায়ণেৰে জনসাধাৰণক উপকৃত কৰিবলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷

5G mobile service
৫G ম’বাইল সেৱা উদ্বোধনী অনুষ্ঠানত অসমৰ মন্ত্ৰী কেশৱ মহন্ত

লগতে পঢ়ক : Durga Puja in Tripura : সপ্তমীৰ পৰা নৱমীলৈ চলিব দুখন বিশেষ যাত্ৰীবাহী ৰে’ল

ৰাজ্যখনত ডিজিটেল ৰূপান্তৰণ সূচনা কৰাৰ বাবে ইতিমধ্যে ৰাজ্যজুৰি ডিজিটেল আন্তঃগাঠনিৰ সম্প্ৰসাৰণ, আছৱান নেটৱৰ্কৰ জৰিয়তে সকলো জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ লগতে ১৫৫ টা ৰাজহ চক্ৰ কাৰ্যালয় আৰু আন গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়ত দ্ৰুত ইণ্টাৰনেট সংযোগ প্ৰদান, অসম ন’লেজ নেটৱৰ্কৰ জৰিয়তে হাইস্কুল, কলেজ আদি উচ্চ শিক্ষানুষ্ঠানসমূহক ব্ৰডবেণ্ড ইণ্টাৰনেট সংযোগ প্ৰদানৰ লোৱা ব্যৱস্থাৱলী আৰু ৰাজ্য চৰকাৰৰ সকলো বিভাগকে নিজা ৱেবচাইট তথা আই টি এপ্লিকেচন প্লেটফ’ৰ্মৰ সুবিধাৰ প্ৰদানৰ লগতে সুৰক্ষিত তথ্য-ভাণ্ডাৰ উপলব্ধ কৰি অসম ৰাজ্যিক ডাটা কেন্দ্ৰ প্ৰতিষ্ঠাৰ প্ৰসংগও মন্ত্ৰীগৰাকীয়ে সন্মিলনত উল্লেখ কৰে ।

তদুপৰি অসম চৰকাৰে তথ্য-প্ৰযুক্তিৰ সুপ্ৰয়োগেৰে জনসাধাৰণে বিভিন্ন চৰকাৰী সেৱাসমূহ যাতে সহজতে পাব পাৰে ৷ তাৰ বাবে আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচেছ, মিছন বসুন্ধৰা, মিছন ভূমিপুত্ৰ, মিছন সদ্ভাৱনা আৰু আছাম ষ্টাৰ্ট আপ আদিৰ দৰে প্ৰকল্প ইতিমধ্যে সফলতাৰে কাৰ্য ৰূপায়ণ কৰাৰ বিষয়েও সন্মিলনত সবিশেষ দাঙি ধৰে মন্ত্ৰী মহন্তই (Inauguration programme of 5G mobile service) ।

5G mobile service
ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২২

উল্লেখ্য যে, ভাৰত চৰকাৰৰ তথ্য-প্ৰযুক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী দেবুসিং চৌহান, কৌশল্য বিকাশ আৰু উদ্যমিতা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিভাগীয় মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সন্মিলনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মন্ত্ৰী মহন্তৰ সৈতে অসম ইলেকট্ৰনিক বিকাশ নিগম লিমিটেড (এমট্ৰন)ৰ পৰিচালন সঞ্চালক এছ সুন্দৰ, তথ্য প্ৰযুক্তি, ইলেকট্ৰনিকছ আৰু যোগাযোগ সঞ্চালকালয় (ডাইটেক)ৰ কনছালটেণ্টদ্বয় ইন্দ্ৰনীল ওজা আৰু আব্দুৰ ৰেজ্জক হুছেইনেও অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক : অসমে দেশৰ মেডিকেল হাব হিচাপে প্ৰতিষ্ঠা লাভ কৰিব: মন্ত্রী অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.