RBI Tokenisation Rule : টোকেনাইজেচন সম্পৰ্কে জানিবলগীয়া কেইটামান কথা

author img

By

Published : Oct 2, 2022, 10:38 AM IST

RBI tokenisation rule

কাৰ্ড লেনদেন অধিক সুৰক্ষিত কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে (Reserve Bank of India) কাৰ্ডধাৰকসকলক তেওঁলোকৰ কাৰ্ডবোৰ টোকেন কৰিবলৈ আহ্বান জনাইছে । (Tokenize Debit or Credit cards) । টোকেনাইজেচন মানে ই সংবেদনশীল ডাটাৰ সলনি একক চিনাক্তকৰণ নম্বৰ প্ৰদান কৰে, যিয়ে ইয়াৰ সুৰক্ষাৰ সৈতে আপোচ নকৰাকৈ ডাটাৰ বিষয়ে সকলো প্ৰয়োজনীয় তথ্য ৰাখে ।

বিজনেছ ডেস্ক,২ অক্টোবৰ : ভাৰতীয় ৰিজাৰ্ভ বেংকে অনলাইন, পইণ্ট অফ চেল আৰু এপৰ জৰিয়তে ধনৰ লেনদেনৰ ক্ষেত্ৰত ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ ডাটাসমূহ টোকেনলৈ সলনি কৰাটো বাধ্যতামূলক কৰিছে (Tokenisation mandatory)। ৩০ ছেপ্টেম্বৰৰ পৰা ৰিজাৰ্ভ বেংকে এই প্ৰক্ৰিয়া বাধ্যতামূলক কৰিছে । টোকেনাইজেচনৰ (Tokenisation) জৰিয়তে ব্যৱহাৰকাৰীয়ে ডিজিটেল পৰিশোধৰ ক্ষেত্ৰত পূৰ্বতকৈ সুৰক্ষিত অনুভৱ কৰিব বুলি আশা কৰা হৈছে ।

অংশীদাৰসকলৰ অনুৰোধত যোৱা দুবছৰত এই সন্দৰ্ভত সময়সীমা একাধিকবাৰ বৃদ্ধি কৰা হৈছিল আৰু শেহতীয়াকৈ জুলাইৰ পৰা তিনি মাহলৈ এই সময়সীমা বৃদ্ধি কৰা হৈছিল (RBI Tokenisation deadline)। যাতে অতিৰিক্ত সময়সীমাত সকলো অংশীদাৰক টোকেনাইজড লেনদেনৰ বাবে সাজু হোৱাৰ সুবিধা প্ৰদান কৰিব পাৰে । ৩০ ছেপ্টেম্বৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে কয় যে প্ৰায় ৩৫ কোটি কাৰ্ড টোকেন কৰা হৈছে আৰু এই প্ৰণালীটো ১ অক্টোবৰৰ পৰা নতুন নিয়মৰ সৈতে সাজু কৰা হ'ব (Tokenisation of debit card)।

Tokenisation সম্পৰ্কে গ্ৰাহকৰ মাজত সজাগতা সৃষ্টি কৰা আৰু লেনদেনৰ সময়ত তাক ব্যৱহাৰৰ বাবেও কোৱা হৈছে । একাধিক প্ৰতিষ্ঠানৰ সৈতে কাৰ্ডৰ বিৱৰণ উপলব্ধ হোৱাৰ ফলত কাৰ্ডৰ তথ্য চুৰি বা অপব্যৱহাৰ হোৱাৰ আশংকা বৃদ্ধি হয় আৰু এনে কিছুমান উদাহৰণ আছে য'ত ব্যৱসায়ীসকলে সঞ্চিত কৰা এনে তথ্যৰ সৈতে খেলিমেলি হৈছে । যাৰ ফলত বহু লোক প্ৰৱঞ্চকৰ কৱলত পৰে । কাৰ্ডৰ তথ্য চুৰি কৰি বহুতে ধন লুটপাতৰ চেষ্টা কৰি আহিছে । RBIয়ে উল্লেখ কৰা মতে ভাৰতত এনে তথ্য ব্যৱহাৰ কৰি প্ৰৱঞ্চনা সংঘটিত কৰিব পাৰে ।

RBIয়ে আৰম্ভণিতে নিৰ্দেশ দিছিল যে ২০২১ চনৰ ৩১ ডিচেম্বৰৰ পিছত কাৰ্ড নেটৱৰ্ক আৰু কাৰ্ড প্ৰদান কৰাসকলৰ বাহিৰে আন প্ৰতিষ্ঠানবোৰে কাৰ্ডৰ ডাটা সংৰক্ষণ কৰিব নোৱাৰে ।

Tokenisation কি ?

RBIৰ মতে, টোকেনাইজেচন হৈছে প্ৰকৃত কাৰ্ডৰ বিৱৰণৰ সলনি ‘টোকেন’ নামৰ এক বৈকল্পিক কোড । অৰ্থাৎ ডেবিট বা ক্ৰেডিট কাৰ্ডৰ বিৱৰণৰ সলনি অপাৰেটিং বেংকৰ দ্বাৰা জাৰি কৰা টোকেন । ইয়াৰ অৰ্থ হৈছে, এতিয়া অনলাইন কিবা এটাৰ বাবে ধন পৰিশোধ কৰোঁতে এজন ব্যৱহাৰকাৰীয়ে তেওঁৰ কাৰ্ডত খোদিত 16 টা অংক উল্লেখ কৰিব নালাগে । বেংকবোৰে লেনদেনৰ বাবে এক অ-সংবেদনশীল সমতুল্য টোকেন জাৰি কৰিব । ইয়াৰ সৈতে গ্ৰাহকৰ কাৰ্ডৰ তথ্য কোনো ব্যৱসায়ী, পেমেণ্ট গেটৱে বা তৃতীয়-পক্ষৰ প্লেটফৰ্মত উপলব্ধ নহ'ব । প্ৰক্ৰিয়াটোৱে কাৰ্ডখনত নাম, ম্যাদ উকলি যোৱাৰ তাৰিখ আৰু চিভিভি কোডবোৰো (CVV codes) মাস্ক কৰিব ।

কাৰ্ড Tokenisation সম্পৰ্কে সঘনাই সোধা কেইটামান প্ৰশ্ন :

Tokenisation ৰ লাভ কি ?

লেনদেনৰ প্ৰক্ৰিয়াৰ সময়ত প্ৰকৃত কাৰ্ডৰ বিৱৰণ ব্যৱসায়ীৰ সৈতে ভাগ-বতৰা কৰাৰ পৰিৱৰ্তে এখন টোকেনযুক্ত কাৰ্ডৰ লেনদেন সুৰক্ষিত বুলি গণ্য কৰা হয় (Benefit of Tokenisation)।

কেনেকৈ টোকেনাইজেচন কৰিব পাৰি ?

কাৰ্ডধাৰকে টোকেনৰ বাবে এটা নিৰ্দিষ্ট এপত অনুৰোধ কৰিব পাৰে । কাৰ্ড জাৰীকৰ্তাৰ সন্মতিৰ সৈতে অনুৰোধটো কাৰ্ড নেটৱৰ্কলৈ প্ৰেৰণ কৰা হ'ব । তাৰ পাছত কাৰ্ড, টোকেন অনুৰোধকৰ্তা আৰু ডিভাইচৰ সংমিশ্ৰণৰ সৈতে সম্পৰ্কিত এটা টোকেন জাৰী কৰিব ।

কোনে Tokenisation কৰিব পাৰে ?

কেৱল কৰ্তৃত্বশীল কাৰ্ড নেটৱৰ্কৰ দ্বাৰাহে Tokenisation কৰিব পাৰি আৰু কৰ্তৃত্বশীল সংস্থাৰ তালিকা RBIৰ ৱেবছাইটত উপলব্ধ ।

এই সেৱাৰ বাবে গ্ৰাহক কিমান মাচুল পৰিশোধ কৰিব লাগিব ?

গ্ৰাহকে এই সেৱা গ্ৰহণৰ বাবে কোনো মাচুল পৰিশোধ কৰাৰ প্ৰয়োজন নাই (Charges for tokenisation)।

কি কি ব্যৱহাৰৰ ক্ষেত্ৰত Tokenisationৰ অনুমতি দিয়া হৈছে ?

কাৰ্ড অবিহনে পৰিশোধ কৰা, কিউআৰ কোড আৰু এপ আদিৰ দ্বাৰা মোবাইল বা টেবলেটৰ জৰিয়তে কৰা সকলো ধৰণৰ পৰিশোধৰ বাবে Tokenisationৰ অনুমতি দিয়া হৈছে ।

কাৰ্ডবোৰ টোকেন কৰাটো বাধ্যতামূলক নেকি ?

এতিয়ালৈ ইয়াক বাধ্যতামূলক কৰা নাই । যিসকলে টোকেন সৃষ্টি কৰিব নিবিচাৰে তেওঁলোকে লেনদেন কৰাৰ সময়ত কাৰ্ডৰ বিৱৰণ মেনুৱেলভাৱে অন্তৰ্ভুক্ত কৰি আগৰ দৰে লেনদেন অব্যাহত ৰাখিব পাৰে । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি ৩০ ছেপ্টেম্বৰৰ ভিতৰত সকলো অংশীদাৰক টোকেনাইজড লেনদেন চম্ভালিবলৈ, বৈকল্পিক প্ৰণালী ৰূপায়ণ কৰিবলৈ আৰু টোকেন সৃষ্টি কৰাৰ প্ৰক্ৰিয়াৰ বিষয়ে জনসজাগতা সৃষ্টি কৰিবলৈ আৰু লেনদেন কৰিবলৈ ব্যৱহাৰ কৰিবলৈ সাজু থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ।

লগতে পঢ়ক :RBI Tokenization Regulations : আপোনাক কেনেদৰে প্ৰভাৱিত কৰিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.