ETV Bharat / state

গোলাঘাটত ব্যাপক হাৰত লুণ্ঠন বনজ সম্পদ

author img

By

Published : Jun 11, 2020, 12:25 PM IST

গোলাঘাটত প্ৰশাসনৰ চকুত ধূলি মাৰি একাংশই অব্যাহত ৰাখিছে বনজ সম্পদৰ লুণ্ঠন ৷ বৃহৎ পৰিমাণৰ শিল-বালি কঢ়িয়াই অনা চাৰিখন ট্ৰাক বৃহস্পতিবাৰে জব্দ কৰে বন বিভাগে ৷ এই সম্পৰ্কত বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি বন বিষয়া ভাস্কৰ ডেকাই সংবাদমাধ্যমক জনায় ৷

truck seized for illegal activities by forest department golaghat assam etv bharat news
ট্ৰাক জব্দ

গোলাঘাট,11 জুন: গোলাঘাট জিলাত এতিয়াও অব্যাহত আছে বনজ সম্পদৰ লুণ্ঠন ৷ বিশেষকৈ জিলাখনৰ দৈগ্ৰোং নদীৰ বালি, শিল আৰু সমীপৰ নামবৰ দৈগ্ৰোং বন‍্যপ্ৰাণী অভয়াৰণ্যৰ মূল্যবান কাঠ আদিৰ চোৰাং ব্যৱসায় পূৰ্ণোদ‍্যমে চলি থকাৰ কথা পুনৰবাৰ হৈ পৰিছে স্পষ্ট ৷ জিলাখনৰ বন বিভাগে কিছুদিন পূৰ্বে এখন ট্ৰাকসহ বৃহৎ পৰিমাণৰ মূল্যবান চোৰাং কাঠ জব্দ কৰাৰ পিছত বৃহস্পতিবাৰে পুনৰ চাৰিখন মাটি, বালি আৰু শিলভৰ্তি ট্ৰাক জব্দ কৰে ।

বনজ সম্পদৰ লুণ্ঠন

গোলাঘাট বন সমণ্ডল বিষয়া ভাস্কৰ ডেকাই জব্দ হোৱা এখন ট্ৰাকৰো বৈধ নথিপত্ৰ নথকাৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি ট্ৰাককেইখন জব্দ কৰাৰ কথা প্ৰকাশ কৰে ৷ এই সম্পৰ্কত বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ডেকাই জানিবলৈ দিয়ে ৷

লগতে চাওকঃ বাঘজানৰ ভয়ংকৰ ঘটনাৰ পাছতে নিলম্বন অইলৰ দুই বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.