ETV Bharat / state

লভিতা নাটক কাৰ ! জ্যোতিপ্ৰসাদ আগৰৱালাৰ নে অভিজিৎ ভট্টাচাৰ্যৰ ?

author img

By

Published : Oct 8, 2022, 8:32 PM IST

Updated : Oct 8, 2022, 8:59 PM IST

পুনৰ বিৰ্তকত অভিজিৎ ভট্টাচাৰ্য (Abhijeet Bhattacharya in controversy) ৷ এইবাৰ জ্যোতিপ্ৰসাদৰ নাটক বিকৃত কৰাৰ অভিযোগ নাট্যকাৰজনৰ বিৰুদ্ধে (Jyoti Prasad Agarwala's creation 'Lavita' drama) ৷ ফলত নাট্যকাৰজনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ভাৰতীয় গণনাট্য সংঘ আৰু বোকাখাতৰ প্ৰয়াস সাংস্কৃতিক বাহিনী ৷

reaction-against-playwright-abhijit-bhattacharya-in-controversy
লভিতা নাটক কাৰ! জ্যোতিপ্ৰসাদ আগৰৱালাৰ নে অভিজিৎ ভট্টাচাৰ্যৰ ?

বোকাখাত, 8 অক্টোবৰ: সততে বিৰ্তকৰ মাজত থকা অভিজিৎ ভট্টাচাৰ্যৰ বিৰুদ্ধে পুনৰ উত্থাপিত হৈছে গুৰুতৰ অভিযোগ (Abhijeet Bhattacharya in controversy) ৷ এইবাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ নাটক ‘লভিতা’ খন ভেজালৰূপত দৰ্শকৰ আগত দাঙি ধৰাৰ বাবে শিল্পীসকলৰ লগতে ৰাইজৰ ৰোষত পৰিছে নাট্যকাৰজন ৷ প্ৰায়ে বেলেগৰ নাটক নকল কৰা বুলি অভিযোগ উত্থাপন হোৱা নাট্যকাৰজনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ভাৰতীয় গণনাট্য সংঘ আৰু বোকাখাতৰ প্ৰয়াস সাংস্কৃতিক বাহিনী ৷ এইবাৰ ভ্ৰাম্যমাণ থিয়েটাৰত ২০২২ বৰ্ষত আবাহণ থিয়েটাৰে মঞ্চস্থ কৰিছে লভিতা নামৰ নাটখন ।

এই নাটখনৰ দৰ্শক হৈছিলগৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও ৷ তেখেতে নাটখন উপভোগ কৰি ঠিকেই মন্তব্য কৰিছিল ৷ পিছে জ্যোতিপ্ৰসাদৰ এই নাটকখনক বিকৃতৰূপত উপস্থাপন কৰাৰ সন্দৰ্ভত এষাৰো নক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ এনে কাৰ্যকলৈ ভাৰতীয় গণনাট্য সংঘ আৰু প্ৰয়াস সাংস্কৃতিক বাহিনীৰ প্ৰতিনিধি সোনেশ্বৰ নৰহে অভিজিৎ ভট্টাচাৰ্যৰ বিকৃতকৰণক বৈধতা দি জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিক গেৰুৱাকৰণ কৰোৱা হ'ল বুলি ক্ষোভ প্ৰকাশ কৰে ৷

শনিবাৰে ভাৰতীয় গণনাট্য সংঘ আৰু প্ৰয়াস সাংস্কৃতিক বাহিনীৰ প্ৰতিনিধি সোনেশ্বৰ নৰহে এখন সংবাদমেল সম্বোধন কৰি ‘যি জনতাৰ কষটি শিলত ঘঁহি নিজক শোধন কৰাৰ ক্ষমতা নাৰাখে, তেওঁলোকৰ দৰে লোকে জ্যোতিপ্ৰসাদৰ নাটক কৰাৰ ধৃষ্টতা নেদেখুৱা ভাল’ বুলি মন্তব্য কৰি অভিজিৎ ভট্টাচাৰ্যৰ ‘লভিতা’ নাটকখন অতিশীঘ্ৰে বৰ্জন কৰিবলৈ ৰাজ্যৰ সৰ্বস্তৰৰ জনগনক আহ্বান জনায় (Playwright Abhijit Bhattacharya in controversy) ৷

‘জ্যোতিপ্ৰসাদৰ নামত বজাৰ খন ল'ব খুজিছা ঠিকেই, পিছে জ্যোতিপ্ৰসাদক বহণ কৰিবলৈ থাকিব লাগিব কৰ্ষণ কৰাৰ ক্ষমতা’ বুলি মন্তব্য কৰি জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদৰ অমৰ সৃষ্টিৰাজীক ভৱিষ্যতে যাতে কোনেও বিকৃত ৰূপত উপস্থাপন কৰিব নোৱাৰে তাৰবাবে বিধানসভাত আইন প্ৰণয়নৰ ব্যৱস্থাৰ দাবীও উত্থাপন কৰে সোনেশ্বৰ নৰহে ৷

লভিতা নাটক কাৰ! জ্যোতিপ্ৰসাদ আগৰৱালাৰ নে অভিজিৎ ভট্টাচাৰ্যৰ ?

উল্লেখ্য যে, জ্যোতিপ্ৰসাদৰ চতুৰ্থখন নাটক আছিল লভিতা (Jyoti Prasad Agarwala's creation 'Lavita' drama) ৷ ১৯৪৮ চনত প্ৰথম প্ৰকাশ পাইছিল নাটকখন । নাটকখনত কোনো নায়ক-নায়িকা নাই । নাট্যকাৰে নাটকখনৰ চৰিত্ৰসমূহ নিৰ্মাণ কৰোতে লভিতাক এক বৈপ্লৱিক সত্ত্বাৰ মাজত ধৰি ৰাখিছে । নাটকখনত মাটিৰ গোন্ধ আছে । মাজে মাজে গান্ধীৰ অহিংসা নীতিক কটাক্ষ কৰিছে ।

জ্যোতিপ্ৰসাদৰ এই কালজয়ী নাটকখন নতুন প্ৰজন্মৰ বাবে ভ্ৰাম্যমাণত মঞ্চস্থ হোৱাটো অতি ভাল কথা । কিন্তু সেই নাটকখনক বিকৃত কৰি জ্যোতিপ্ৰসাদক অপমান কৰাৰ অধিকাৰ কাৰোৰেই নাই । এই নাটখন ভ্ৰাম্যমানত ইয়াৰ পূৰ্বেও মঞ্চস্থ হৈছিল ।

কিন্তু আবাহন থিয়েটাৰৰ পৃষ্ঠপোষকতাত অভিজিৎ ভট্টাচাৰ্যৰ হতুৱাই জ্যোতিপ্ৰসাদৰ এই নাটকখন ৰিমিক্স কৰা হ'ল কিয় ? সম্প্ৰতি সচেতন মহলত প্ৰশ্ন উত্থাপন হৈ যে লভিতা নাটক কাৰ ? জ্যোতিপ্ৰসাদ আগৰৱালাৰ নে অভিজিৎ ভট্টাচাৰ্য নামৰ নাট্যকাৰগৰাকীৰ । জ্যোতিপ্ৰসাদৰ নাটকৰ ওপৰত হাত দিব পৰাকৈ এই নাট্যগোষ্ঠী বা নাট্যকাৰজনৰ ধৃষ্টতা কেনেকৈ হ'ল ? কেৱলমাত্ৰ ব্যৱসায়িক স্বাৰ্থৰ বাবেই বিক্ৰী কৰা হ’ল নে ৰূপকোঁৱৰৰ লভিতাক ?

লগতে পঢ়ক: তেজস্বিতাৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ

Last Updated :Oct 8, 2022, 8:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.