ETV Bharat / state

Abhijit Bhattacharya in Controversy: নাট্যকাৰৰ স্পর্ধাক লৈ ব্যাপক প্ৰতিক্ৰিয়া

author img

By

Published : Dec 3, 2021, 3:43 PM IST

নাট্যকাৰৰ স্পর্ধাকলৈ ব্যাপক প্ৰতিক্ৰিয়া
নাট্যকাৰৰ স্পর্ধাকলৈ ব্যাপক প্ৰতিক্ৰিয়া

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি 'লভিতা' নাটকখনক একে নামেৰে নিজৰ নামত অভিজিৎ ভট্টাচার্যই ২০২২-২৩ বৰ্ষৰ আৱাহন থিয়েটাৰৰ বাবে নতুন ৰূপত ৰচনা কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে একাংশ নাট্যপ্রেমী (Playwright Abhijit Bhattacharya in controversy)। ভ্রাম্যমাণ থিয়েটাৰ দর্শক ফ'ৰামৰ সাধাৰণ সম্পাদক প্রণৱজ্যোতি বৰ্মনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কোনো কাৰণতে এই কাৰ্য সহ্য কৰা নহ'ব । সাংস্কৃতিক মন্ত্রীৰ লগতে সাংস্কৃতিক সঞ্চালকক স্মাৰক-পত্র প্ৰদান ।

গুৱাহাটী, ৩ ডিচেম্বৰ : অসমীয়া ভ্রাম্যমাণ থিয়েটাৰৰ এজন নাট্যকাৰ তথা পৰিচালকৰ স্পৰ্ধাক লৈ ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে । ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী সৃষ্টিৰাজিকো চৰম অপমান কৰিবলৈ কুণ্ঠবোধ কৰা নাই ভ্রাম্যমাণ থিয়েটাৰৰ এইগৰাকী নাট্যকাৰে । তেওঁ হৈছে অভিজিৎ ভট্টাচার্য (Abhijit Bhattacharya in controversy)।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি 'লভিতা' নাটকখনৰ (Jyoti Prasad Agarwala's creation 'Lavita' drama) একে নামেৰে নিজৰ নামত অভিজিৎ ভট্টাচার্যই ২০২২-২৩ বৰ্ষৰ আৱাহন থিয়েটাৰৰ (Abahan Theatre 2022-23) বাবে নতুন ৰূপত ৰচনা কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে একাংশ নাট্যপ্রেমী (Playwright Abhijit Bhattacharya in controversy)। ৰূপকোঁৱৰৰ প্ৰতি কৰা এই স্পৰ্ধাক বিকৃত মানসিকতা বুলি অভিহিত কৰিছে ভ্রাম্যমাণ থিয়েটাৰ দর্শক ফ'ৰামে ।

নাট্যকাৰৰ স্পর্ধাকলৈ ব্যাপক প্ৰতিক্ৰিয়া

এই সন্দৰ্ভত ভ্রাম্যমাণ থিয়েটাৰ দর্শক ফ'ৰামৰ সাধাৰণ সম্পাদক প্রণৱজ্যোতি বৰ্মনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, কোনো কাৰণতে এই কাৰ্য সহ্য কৰা নহ'ব । ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ সৃষ্টিক বিকৃত কৰিবলৈ দিব নোৱাৰি । মহান শিল্পীগৰকাৰীৰ অমৰ সৃষ্টি 'লভিতা' নাটকখনক শিল্পীগৰাকীৰ নামেৰে অনুৰূপ ধৰণে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষ্যে উপস্থাপন কৰাত কোনো আপত্তি নাই বুলি তেওঁ সদৰি কৰে ।

এই সন্দৰ্ভত সাংস্কৃতিক মন্ত্রীৰ লগতে সাংস্কৃতিক সঞ্চালকক স্মাৰক-পত্র প্রদান কৰি ৰূপকোঁৱৰৰ প্রতি কৰা অপমান তথা নাট্য ব্যৱসায়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ফ'ৰামৰ তৰফৰ পৰা দাবী জনোৱা হৈছে (Memorandum to Cultural Department against Abhijit Bhattacharya) । তদুপৰি ৰূপকোঁৱৰৰ 'লভিতা'ৰ নামত কৰা আৱাহন থিয়েটাৰ আৰু অভিজিৎ ভট্টাচার্যৰ নাট্য ব্যৱসায়ৰ ক্ষেত্ৰত জ্যোতি ভাৰতীৰ হস্তক্ষেপৰ দাবী জনাইছে ফ'ৰামে ।

লগতে পঢ়ক :Bor Axom Samannya Award 2021: কথাশিল্পী ইমৰান শ্বাহক বৰ অসম সমন্বয় বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.