Bor Axom Samannya Award 2021: কথাশিল্পী ইমৰান শ্বাহক বৰ অসম সমন্বয় বঁটা প্ৰদান

author img

By

Published : Dec 2, 2021, 10:29 PM IST

Bor Axom Samannya Award 2021

2021 চনৰ বৰ অসম বঁটা (Bor Axom Samannya Award 2021) লাভ কৰিছে কথাশিল্পী পদ্মশ্ৰী ইমৰাণ শ্বাহে (Padma Shri Imran Shah) ৷ লক্ষীমপুৰ জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ পৰা এই বঁটা লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে কথাশিল্পী গৰাকী ৷

শিৱসাগৰ, 2 ডিচেম্বৰ : অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ইমৰান শ্বাহ (Padma Shri Imran Shah)ক প্ৰদান কৰা হৈছে "বৰ অসম সমন্বয় বঁটা-2021" (Bor Axom Samannya Award 2021) ৷ পদ্মশ্ৰী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কথাশিল্পী ইমৰান শ্বাহক বৃহস্পতিবাৰে সন্ধিয়া প্ৰদান কৰা হয় এই বঁটা । লক্ষীমপুৰ জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত তথা লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সহযোগত বিশিষ্ট কথাশিল্পীগৰাকীৰ বাসগৃহৰ চৌহদত অনুষ্ঠিত কৰা হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ ৷ এই অনুষ্ঠানতে কথাশিল্পীগৰাকীক প্ৰদান কৰা হয় এই বঁটা ।

কথাশিল্পী ইমৰান শ্বাহক বৰ অসম সমন্বয় বঁটা প্ৰদান

উল্লেখ্য যে, প্ৰতিবছৰে "অসম দিৱস"ত সমাজ জীৱনলৈ অৱদান আগবঢ়াই অহা একোগৰাকী বৰণ্য ব্যক্তিলৈ এই বঁটা প্ৰদান কৰি আহিছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লক্ষীমপুৰ জিলা সমিতিয়ে । 2021 চনৰ বৰ অসম সমন্বয় বঁটাত আছে ২৫ হেজাৰ টকাৰ এখন চেক, ফুলাম গামোচা, অংগ বস্ত্ৰ, দুখন স্মাৰক, ফুলাম জাপি, শৰাই, টাই সাজপাৰ, হেংদাং আৰু সম্বৰ্ধনা পত্ৰ । অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লক্ষীমপুৰ জিলা সমিতিৰ পৰা এই বঁটা লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে কথাশিল্পীগৰাকী ৷

লগতে পঢ়ক : প্ৰথিতযশা সাহিত্যিক ইমৰান শ্বাহলৈ বৰ অসম সমন্বয় বঁটা

বৃহস্পতিবাৰে সন্ধিয়া শিৱসাগৰ জিলা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰদান কৰা "বৰ অসম সমন্বয় বঁটা -২০২১" গ্ৰহণ কৰি সন্তোষ প্ৰকাশ কৰাৰ লগতে অসমীয়া ভাষা তথা মিচিং জনগোষ্ঠীকে ধৰি বিভিন্ন জনগোষ্ঠীয় ভাষা সাহিত্যৰ বাবে কাম কৰি যাবলৈ নতুন প্ৰজন্মক আহ্বান জনাই কথাশিল্পী গৰাকীয়ে । লগতে সকলোকে সমন্বয় তথা সম্প্ৰীতি বৰ্তাই ৰখাৰ বাবে আহ্বান জনাই বিশিষ্ট কথাশিল্পী ইমৰাণ শ্বাহে ।

উল্লেখ্য যে, ১৯৩৩ চনত জন্ম গ্ৰহণ কৰা ইমৰান শ্বাহে ইতিপূৰ্বে ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰাৰ উপৰিও অসম উপত্যকা সাহিত্য বঁটা, আজানপীৰ বঁটা, ৰংপুৰ গৌৰৱ বঁটাকে ধৰি বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : পদ্মশ্ৰী সন্মান গ্ৰহণৰ বাবে দিল্লীলৈ যাব নোৱাৰিলে কথাশিল্পী ইমৰান শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.