ETV Bharat / state

ভৌগোলিক স্বীকৃতি পালে অসমীয়া গামোচাই

author img

By

Published : Nov 19, 2019, 9:51 PM IST

অসমীয়া গামোচাই লাভ কৰিলে স্থায়ী পৰিচয় । এটা বেচৰকাৰী সংস্থাৰ প্ৰচেষ্টাত অসমীয়াৰ গৌৰৱ গামোচাই লাভ কৰিলে ভৌগলিক স্বীকৃতি ৷

ভৌগোলিক স্বীকৃতি পালে অসমীয়া গামোচাই

গোলাঘাট,19 নৱেম্বৰ: অসমীয়াৰ স্বাভিমান, গামোচাই লাভ কৰিলে স্থায়ী পৰিচয় । অৱশেষত ভৌগোলিক স্বীকৃতি লাভ কৰিলে অসমীয়া গামোচাই । গামোচাৰ ভৌগোলিক পৰিচয়ৰ বাবে গোলাঘাট জিলাৰ ধোদাং লাও ভগা গাঁৱত অৱস্থিত "ইন্সটিটিউট অৱ হেণ্ডিক্ৰাফট ডেভলমেন্ট" নামৰ বেচৰকাৰী সংস্থাটোৱে ২০১৭ চনৰ ১৬ অক্টোবৰত আবেদন কৰিছিল । অসম কৃষি বিশ্ববিদ্যালয়ৰ জৰিয়তে এই আবেদন কৰিছিল উক্ত বেচৰকাৰী সংস্থাটোৱে । বেচৰকাৰী সংস্থাটোৰ অশেষ চেষ্টাৰ ফলত অৱশেষত অসমীয়া গামোচাই লাভ কৰিলে ভৌগলিক পৰিচয়৷ এই সাফল্যক লৈ বেচৰকাৰী সংস্থাটোৰ সচিব পংকজ শৰ্মা বৰ্তমান গৌৰাম্বিত । সংস্থাটোৰ সচিবগৰাকীয়ে কয় যে, বিগত কেইবাটাও বছৰৰ চলোৱা প্ৰচেষ্টাৰ পাছত গামোছা এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় । লগতে এই বিষয়ত যথেষ্ট সহযোগিত আগবঢ়োৱা যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ড: বুলবুল বৰুৱা আৰু গাৰ্গী শৰ্মাক অশেষ ধন্যবাদ জনাই বেচৰকাৰী সংস্থাটোৰ পৰিচালক পংকজ শৰ্মাই ।

ভৌগোলিক স্বীকৃতি পালে অসমীয়া গামোচাই
Intro:Body:অসমীয়াৰ স্বাভিমান, গামোচাই লাভ কৰিলে স্থায়ী পৰিচয়। অৱশেষত ভৌগোলিক পৰিচয় লাভ কৰিলে অসমীয়া গামোচাই । গামোচাৰ ভৌগোলিক পৰিচয়ৰ বাবে গোলাঘাট জিলাৰ ধোদাং লাও ভগা গাঁৱত অৱস্থিত "ইন্সটিটিউট অৱ হেণ্ডিক্ৰাফট ডেভলমেন্ট" নামৰ NGO টোৱে ২০১৭ চনৰ ১৬ অক্টোবৰত আবেদন কৰিছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ জৰিয়তে এই আবেদন কৰিছিল। অৱশেষত অসমীয়া গামোচাই লাভ কৰিলে Geographical indentity . NGO টোৰ সচিব পংকজ শৰ্মা আজি গৌৰাম্বিত। তেওঁ কয় যোৱা কেইবাটাও বছৰৰ চলোৱা চেষ্টাৰ পিছত এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ড: বুলবুল বৰুৱা আৰু গাৰ্গী শৰ্মাক অশেষ ধন্যবাদ জনাই NGO টোৰ পৰিচালক পংকজ শৰ্মাই।Conclusion:Byte 1: পংকজ শৰ্মা।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.