ETV Bharat / state

CM vigilance team in Goalpara: গোৱালপাৰা পৌৰসভাৰ কোটি টকীয়া কেলেংকাৰীৰ তদন্ত; ১৪ গৰাকী ৱাৰ্ড কমিছনাৰৰ সাক্ষ্য গ্ৰহণ

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 11:52 AM IST

Updated : Oct 8, 2023, 1:21 PM IST

গোৱালপাৰা পৌৰসভাৰ ২.৫৮ কোটি টকীয়া বিয়াগোম কেলেংকাৰীৰ তদন্ত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ । নতুন আৱৰ্ত ভৱনত ১৪ গৰাকী ৱাৰ্ড কমিছনাৰৰ এজনকৈ এজনকৈ সাক্ষ্য গ্ৰহণ কৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ বিষয়াই ।

CM vigilence team in Goappara
টকীয়া বিয়াগোম কেলেংকাৰীৰ তদন্ত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ

গোৱালপাৰা, ৮ অক্টোবৰ : গোৱালপাৰা পৌৰসভাত সংঘটিত পঞ্চদশ বিত্তীয় আয়োখৰ ২.৫৮ কোটি টকীয়া বিয়াগোম কেলেংকাৰীকলৈ পৌৰসভাখনৰ ভিতৰচ’ৰাত তীব্ৰ জোকাৰণি তুলিছে । বৃহস্পতিবাৰৰ পৰা গোৱালপাৰাত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ সাতজনীয়া তদন্তকাৰী দলটোৱে পৌৰসভাখনৰ ১.১২ কোটি টকীয়া খোৱাপানী যোগান (আৰ অ' বটলিং প্লাণ্ট)ৰ কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

ভালুকডুবিৰ নতুন আৱৰ্ত ভৱনত বাহৰ পাতি থকা দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে শনিবাৰে আৱৰ্ত ভৱনৰ বন্ধ কোঠাত এজন এজনকৈ পৌৰসভাৰ চৈধ্যজনকৈ ৱাৰ্ড কমিছনাৰৰ সাক্ষ্য গ্ৰহণ কৰে । প্ৰতিজনে ৩০ মিনিটৰ পৰা এঘণ্টা সময় ধৰি সাক্ষ্য দিয়ে । পুৱা ১১ বজাৰ পৰা সন্ধিয়া প্ৰায় ৭ বজালৈ তদন্তকাৰী দলটোৱে সাক্ষ্য গ্ৰহণ কৰে ।

লক্ষ্যণীয় বিষয় যে, গোৱালপাৰা পৌৰসভাৰ মুঠ ১৯ টা ৱাৰ্ডৰ ১৯ জন‌ ৱাৰ্ড কমিছনাৰ আছে যদিও ইয়াৰে ৫ জন ৱাৰ্ড কমিছনাৰৰ সাক্ষ্য লোৱাৰ পৰা বিৰত থাকে । সাক্ষ্য নোলোৱা ৱাৰ্ড কমিছনাৰ কেইজন হ’ল ক্ৰমে ২ নং ৱাৰ্ডৰ কল্যাণ দাস, ৩ নং ৱাৰ্ডৰ মানসী নাথ, ৫ নং ৱাৰ্ডৰ বীৰ পাণ্ডে আৰু ১৬ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ তথা পৌৰপতি মহানন্দ পাঠক আৰু ১৮ নং ৱাৰ্ডৰ জাহিদুল ইছলাম ।

১.১২ কোট টকীয়া খোৱাপানী যোগানৰ আঁচনিখনত সংঘটিত বিত্তীয় কেলেংকাৰী সংক্ৰান্তত এই পাঁচগৰাকী ৱাৰ্ড কমিছনাৰক পৰৱৰ্তী সময়ত গুৱাহাটীলৈ তলব কৰি সুকীয়াকৈ জেৰা কৰাৰ সম্ভাৱনা আছে । তেনেদৰে এই বিত্তীয় কেলেংকাৰীত নাম সাঙোৰ খোৱা তদানীন্তন পৌৰসভাৰ কাৰ্যবাহী বিষয়া শান্তাকাৰ্কি ছেত্ৰী, উচ্চবৰ্গৰ সহায়ক ভাস্কৰ আদিত্য ৰায়, দুই সহকাৰী অভিযন্তা ক্ৰমে ইছফাকুল ৱাৰিছ আৰু আনোৱাৰ হুছেইনকো গুৱাহাটীলৈ তলব কৰি জেৰা কৰাৰ সম্ভাৱনা আছে ।

ইয়াৰ পূৰ্বেও দুৰ্নীতিত সাঙোৰ খোৱা পৌৰসভাৰ অভিযুক্ত বিষয়া-কৰ্মচাৰীসকলক গুৱাহাটীৰ দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়লৈ তলব কৰি জেৰা চলাইছিল । ইপিনে ক্ৰছ চেকিঙৰ বাবে ভিজিলেন্সৰ বিষয়াই অভিযোগকাৰী পৌৰ আয়ুক্তসকলৰ পৰাও খোৱাপানীৰ আৰ অ’ বটলিং প্লাণ্ট আঁচনি ৰূপায়ণত সংঘটিত অনিয়ম আৰু দুৰ্নীতিৰ যাবতীয় নথিপত্ৰ সংগ্ৰহ কৰিছে বুলি জনা গৈছে ।

উল্লেখ্য যে, ২০২২ বৰ্ষত গোৱালপাৰা পৌৰসভাৰ ব’ৰ্ড গঠন হোৱাৰ কেইদিনমানৰ পিচতে পৌৰ আইন ভংগ কৰি ব’ৰ্ডসভা অনুষ্ঠিত নকৰাকৈ পৌৰপতি মহানন্দ পাঠকে পঞ্চদশ‌ বিত্তীয় আয়োগৰ ২.৫৮ কোটি টকাৰে খোৱাপানীৰ আৰ অ’ বটলিং প্লানট আৰু মল পৰিশোধন প্লাণ্ট আঁচনি ৰূপায়ণৰ সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

চেণ্ট্ৰেল ভিজিলেন্স কমিছনকে ধৰি বিত্তীয় আয়োগৰ সকলো নীতি-নিয়ম ভৰিৰে মোহাৰি যোৰহাট তিতাবৰৰ ‘‘ৰেডিয়েণ্ট ইঞ্জিনিয়াৰিং’’ নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানক ঠিকা আবণ্টন কৰে । অভিযোগ অনুসৰি, কাম আৰম্ভ নৌহওঁতেই ৮০ শতাংশ অগ্ৰিম ধনসহ ৱৰ্ক আৰ্ডাৰো দিয়ে ।

শুকুৰবাৰে চৰজমিন তদন্তৰ বাবে দুৰ্নীতি নিবাৰক শাখাৰ এটি সাতজনীয়া দলে গোৱালপাৰাত উপস্থিত হৈ হাচিলা বাছষ্টেণ্ডৰ চৌহদত স্থাপন কৰা খোৱাপানী যোগানৰ আৰ অ’ বটলিং প্লাণ্টৰ পুংখানুপুংখভাৱে পৰীক্ষা কৰে । গুণগত মান পৰীক্ষাৰ বাবে প্লাণ্টটোৰ পৰা পানীৰ নমুনাও সংগ্ৰহ কৰে ।

লগতে পৌৰসভাত উপস্থিত হৈ প্লাণ্টৰ যাৱতীয় নথিপত্ৰ জব্দ কৰে । শনিবাৰে নিশা দলটোৱে আৱৰ্ত ভৱনতে থাকি আজি অৰ্থাৎ দেওবাৰে গুৱাহাটীলৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : CM vigilence team in Goappara : গোৱালপাৰাত চি এম ভিজিলেন্সৰ দল; জব্দ আৰ অ’ প্লাণ্টৰ সকলো নথি-পত্ৰ

Last Updated :Oct 8, 2023, 1:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.