ETV Bharat / state

Massive landslide in Manipur: ভূমিস্খলনত প্ৰাণ হেৰুৱালে অসমৰ দুগৰাকী জোৱানে

author img

By

Published : Jul 2, 2022, 11:59 AM IST

manipur
Massive landslide in Manipur:মণিপুৰত ভয়ংকৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে অসমৰ দুগৰাকী জোৱানে

মণিপুৰৰ টোপোল ৰেল ষ্টেচনৰ সমীপত ভয়ংকৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে ডিমা হাছাও জিলাৰ দুগৰাকী সন্তানে(Massive landslide in Manipur)। শনিবাৰে সেনাৰ বিশেষ বিমানেৰে তেওঁলোকৰ বাসগৃহলৈ অনা হ'ব জোৱানদুগৰাকীৰ নশ্বৰদেহ । জোৱানদুগৰাকীক ৰাষ্ট্ৰীয় সন্মানেৰে শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হ'ব বুলি সেনাৰ সূত্ৰই সদৰি কৰিছে ।

ডিমা হাছাও ,2 জুলাই:মণিপুৰৰ টোপোল ৰেল ষ্টেচনৰ সমীপত ভয়ংকৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে ডিমা হাছাও জিলাৰ দুগৰাকী সন্তানে (Two jawans of Dima Hasao death in massive landslide at Manipur)। বুধবাৰ নিশা মণিপুৰৰ নেনো জিলাৰ টোপোল ৰেল ষ্টেচনৰ সমীপত থকা 107 নম্বৰ টি এ আৰ্মীৰ গোর্খা ৰেজিমেণ্টৰ কেম্প ভূমিস্খলনত ধ্বংস হোৱাত ডিমা হাছাও জিলাৰ দুগৰাকী জোৱান ৰাইফল মেন প্ৰিয়ম দত্ত আৰু বলৰাম শৰ্মাৰ মৃত্যু হয় (Camp of Gorkha Regiment at Manipur destroyed in landslide)।

উল্লেখ্য় যে বুধবাৰৰ নিশা সংঘটিত এই ভূমিস্খলনৰ ঘটনাৰ পিছৰে পৰা জোৱানদুগৰাকী সন্ধানহীন হৈ আছিল । অৱশেষত শুক্ৰবাৰে ডিমা হাছাওৰ দুই সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ হয় । শনিবাৰে সেনা জোৱানদুগৰাকী নশ্বৰদেহ তেওঁলোকৰ বাসগৃহলৈ সেনাৰ বিশেষ বিমানেৰে অনা হ'ব । সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শনিবাৰে দিনৰ ভাগত সেনা বাহিনীৰ বিশেষ বিমানত হাফলংস্থিত অসম ৰাইফলছৰ হেলিপেডলৈ অনা হ'ব আৰু তাতেই তেওঁলোকক ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব বুলি সেনাৰ সূত্ৰই সদৰি কৰিছে( Haflong Assam Rifles Helipad)।

dima hasao
Massive landslide in Manipur: মণিপুৰত ভয়ংকৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে অসমৰ দুগৰাকী জোৱানে

মণিপুৰত ভয়ংকৰ ভূমিস্খলনত মৃত্যু হোৱা সেনা জোৱান দুগৰাকীৰ প্ৰিয়ম দত্তৰ ঘৰ হৈছে ল’ৱাৰ হাফলঙৰ কাশীপুৰত। আনহাতে, বলৰাম শৰ্মাৰ ঘৰ উমৰাংচোৰ গোবিন্দ নগৰত । এতিয়া দুয়োগৰাকী জোৱানৰ গৃহত শোকাকূল পৰিবেশে বিৰাজ কৰিছে ।

dima hasao
Massive landslide in Manipur: মণিপুৰত ভয়ংকৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে অসমৰ দুগৰাকী জোৱানে

উল্লেখ্য় যে প্ৰিয়ম দত্ত আৰু বলৰাম শৰ্মাই ২০২০ চনৰ জুন মাহত ১০৭ নম্বৰ টি এ গোর্খা ৰেজিমেণ্টত যোগদান কৰিছিল আৰু তেওঁলোকে প্ৰথমে কাম কৰিছিল দাৰ্জিলিঙত (TA Gorkha Regiment no. 107 in Darjeeling )। যোৱা বছৰৰ ডিচেম্বৰত প্ৰিয়ম দত্ত ডেৰ মাহৰ ছুটিত আহিছিল আৰু ১১ ফেব্ৰুৱাৰী তেওঁ উভতি যায় । ইয়াৰ পিছতে তেওঁৰ পোষ্টিং হয় মণিপুৰৰ টোপোলত । ইপিনে, বলৰাম শৰ্মাৰ এবছৰ পূৰ্বে বিয়া হৈছিল ।

লগতে পঢ়ক:Jal Jivan Mission: অসমত জলজীৱন আঁচনি ৰূপায়ণত ব্যৰ্থ চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.