ETV Bharat / state

Dimasa Student Union on NH-27: মৃত্যুৰ দুৱাৰ দলিলৈ পৰিণত শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰ !

author img

By

Published : Jul 8, 2022, 10:48 PM IST

মৃত্যুৰ দুৱাৰ দলি হিচাবে চিহ্নিত হৈছে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰ তথা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো (Silchar-Saurashtra East-West Corridor has become a doorstep of death)। বিগত এটা সপ্তাহৰ ভিতৰত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে 5 গৰাকীকৈ লোক ৷ এই সন্দৰ্ভত ডিমাছা ছাত্ৰ সংগঠনটোৱে (DSU) শুকুৰবাৰে ডিমা হাছাওৰ উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

DSU demands road repair in Dima Hasao
বিগত 15-20 বছৰ ধৰি মেৰামতি কৰাৰ হোৱা নাই 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথচোৱা : প্ৰমিত চেংয়ুং

ডিমা হাছাও, 8 জুলাই : চৰ্চাত আকৌ পাহাৰীয়া জিলা ডিমা হাছাও ৷ প্ৰকৃতিৰ ৰোষত পৰি সৰ্বস্ৰান্ত হোৱা ডিমা হাছাওবাসীৰ দুখ-দুদৰ্শা এতিয়াও মাৰ যোৱা নাই(No end to suffering people of Dima Hasao) ৷ এইবাৰ ডিমা হাছাওবাসীৰ বাবে অভিশপ্ত হৈ উঠিছে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰ তথা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো (Silchar-Saurashtra East-West Corridor has become a doorstep of death) ।

বিগত প্ৰায় এসপ্তাহত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পৃথকে পৃথকে সংঘটিত হোৱা দুৰ্ঘটনাত 5 গৰাকী লোকৰ মৃত্যু হৈছে (Tragic situation in Dima hasao) । এই দুৰ্ঘটনাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক জগৰীয়া কৰিছে ডিমাছা ছাত্ৰ সন্থা চমুকৈ DSU য়ে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উদাসীনতাৰ বাবে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া মৃত্যুৰ দুৱাৰ দলি ৰূপে পৰিগণিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে DSU য়ে ৷

বিগত 15-20 বছৰ ধৰি মেৰামতি কৰাৰ হোৱা নাই 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথচোৱা : প্ৰমিত চেংয়ুং

যাৰ বাবে শুক্ৰবাৰে ডিমা হাছাও জিলাৰ উপায়ুক্ত নাজৰিন আহমেদৰ জৰিয়তে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী আৰু ৰে’লমন্ত্ৰীক উদ্দেশ্যি পৃথকে পৃথকে দুখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰকপত্ৰ প্ৰদান কৰাৰ অন্তত ডিমাছা ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙে সংবাদ মাধ্যমৰ আগত কয় যে, যোৱা মে’ মাহত ধাৰাষাৰ বৰষুণৰ ফলতে প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি ডিমা হাছাও জিলাত ব্যাপক ক্ষয়-ক্ষতি হৈছিল ।

লগতে পঢ়ক : Dima Hasao Flood: ভয়ংকৰ বানে উটুৱাই লৈ গ’ল ৰাষ্ট্ৰীয় ঘাইপথ

আনকি এই ভূমিস্খলনৰ ফলত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুটা স্থানত বিস্তৰ ক্ষতি হৈছিল । কিন্তু এতিয়ালৈকে এই বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথচোৱা মেৰামতি কৰাৰ কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷ যাৰ বাবে এটা সপ্তাহৰ ভিতৰতে এই ৰাষ্ট্ৰীয় ঘাইপথচোৱাত দুৰ্ঘটনাত পতিত হৈ 5 গৰাকী লোকে অকাল মৃত্যুক সাবটিব লগাত পৰিছিল ৷

প্ৰমিত চেংয়ুঙৰ অভিযোগ কৰে যে, যোৱা 15/20 বছৰৰ পৰা এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । লগতে তেওঁ কয় যে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উদাসীনতাৰ বাবে আজি ডিমা হাছাও জিলাৰ ৰাইজ দুৰ্ভোগত ভুগিব লগাত পৰিছে ।

সেয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে উপযুক্ত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গডকাৰীক দাবী জনাইছে DSU য়ে ৷

লগতে পঢ়ক : Screams of death in Dima Hasao: এটা সপ্তাহতে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰত 5 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.