ETV Bharat / state

Screams of death in Dima Hasao: এটা সপ্তাহতে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰত 5 জনৰ মৃত্যু

author img

By

Published : Jul 6, 2022, 7:19 PM IST

ডিমা হাছাও মৃত্যুৰ কিৰিলি
ডিমা হাছাও মৃত্যুৰ কিৰিলি

মৃত্যুৰ দুৱাৰ দলি হিচাবে চিহ্নিত হৈছে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰ তথা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো (Screams of death in Dima Hasao)। বিগত এটা সপ্তাহৰ ভিতৰত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে 5 গৰাকী লোক ৷ সেয়ে এই সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে উক্ত পথচোৱা শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী জনাইছে ডিমা হাছাও জিলাৰ তৃণমূল কংগ্ৰেছে (Trinamool Congress demands road repair in Dima Hasao )।

ডিমা হাছাও, 6 জুলাই : প্ৰকৃতিৰ ৰোষত পাহাৰীয়া জিলা ডিমা হাছাও (Landslide in Dima Hasao)৷ ভূমিস্খলনে লগ এৰা নাই পাহাৰীয়া জিলাখনক ৷ এইবাৰ ডিমা হাছাওবাসীৰ বাবে অভিশপ্ত হৈ উঠিছে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰ তথা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো (Screams of death in Dima Hasao) ।

বিগত এসপ্তাহত এই 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পৃথকে পৃথকে সংঘটিত হোৱা দুৰ্ঘটনাত 5 গৰাকী লোকৰ মৃত্যু হৈছে (Tragic situation in Dima hasao) । এই দুৰ্ঘটনাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক জগৰীয়া কৰিছে তৃণমূল কংগ্ৰেছে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উদাসীনতাৰ বাবে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া মৃত্যুৰ দুৱাৰ দলি ৰূপে পৰিগণিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছে ।

ডিমা হাছাও মৃত্যুৰ কিৰিলি

তৃণমূল কংগ্ৰেছে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰ তথা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে অনতি পলমে ৰাষ্ট্ৰীয় ঘাইপথচোৱা মেৰামতি কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে (Trinamool Congress demands road repair in Dima Hasao) ৷ সেই হেতুকে মঙলবাৰে ডিমা হাছাও জিলাৰ উপায়ুক্ত নাজৰিন আহমেদক সাক্ষাৎ কৰি তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা উক্ত বিষয় সন্দৰ্ভত এখনি স্মাৰকপত্ৰ প্ৰদান কৰা হয় ।

Landslide in Dima Hasao
এটা সপ্তাহতে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰত 5জন লোকৰ মৃত্যু

লগতে পঢ়ক : Dima Hasao Flood: ভয়ংকৰ বানে উটুৱাই লৈ গ’ল ৰাষ্ট্ৰীয় ঘাইপথ

জিলা উপায়ুক্তগৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰি তৃণমূল কংগ্ৰেছৰ নেতা ছেটমীনথাং খংচাইয়ে সংবাদ মাধ্যমৰ আগতে কয় যে, 1998 চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ স্বপ্নৰ শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰ চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণ কাম আৰম্ভ কৰা হৈছিল ৷ কিন্তু 24 বছৰ পাৰ হৈ যোৱাৰ পিছতো ডিমা হাছাও জিলাত উক্ত পথচোৱাৰ নিৰ্মাণৰ কাৰ্য শেষ হোৱা নাই ।

বিগত এমাহ পূৰ্বে প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ভূমিস্খলনত চাৰিলেনযুক্ত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ বিভিন্ন স্থানত যোগাযোগ বন্ধ হৈ পৰে ৷ আনকি এই বিধ্বস্ত পথৰ বাবেই বিগত এসপ্তাহত 5 গৰাকী লোকে মৃত্যুক সাবটিব লগাত পৰিছে ৷ সেয়ে শীঘ্ৰে এই ৰাষ্ট্ৰীয় ঘাইপথচোৱা মেৰামতি কৰি এনে ধৰণৰ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ ওচৰত উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে তৃণমূল কংগ্ৰেছে ।

লগতে পঢ়ক : Landslide in Dima Hasao : লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত পুনৰ ভূমিস্খলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.