ETV Bharat / state

Landslide in Dima Hasao : লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত পুনৰ ভূমিস্খলন

author img

By

Published : Jun 5, 2022, 5:23 PM IST

Landslide in Dima Hasao
লামডিং শিলচৰ ব্ৰডগজ ৰেলপথত পুনৰ ভূমিস্খলন

পুনৰ লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথত ভূমিস্খলন । নিউ জাতিংগা লামপুৰ ষ্টেচনৰ সমীপতে 108/7-9 কিলোমিটাৰ এলেকাত ভূমিস্খলন হয় (Landslide near New Jatinga lumpur station)। লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথ ৰে'ল সেৱাৰ বাবে সুচল কৰিবলৈ দিনে নিশাই কাম অব্যাহত ৰাখিছে সংশ্লিষ্ট কৰ্তৃপক্ষই ।

ডিমা হাছাও, ৫ জুন : ভূমিস্খলন আৰু বানৰ কৱলত পৰি যোৱা ২৩ দিনৰ পৰা লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথত ৰে'ল সেৱা বন্ধ হৈ আছে (Train services disrupted in Dima Hasao)। কেতিয়া পুনৰ লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথত ৰে'ল সেৱা স্বাভাৱিক হৈ উঠিব সেয়া এতিয়াও অনিশ্চিত হৈ আছে । কিন্তু ইয়াৰ মাজতে আন এক ভয়ংকৰ ভূমিস্খলন জিলাখনত । দুদিন ধৰি হোৱা বৰষুণৰ ফলত পুনৰ লামডিং-শিলচৰ ৰে'লপথৰ নিউ জাতিংগা লামপুৰ ষ্টেচনৰ সমীপতে 108/7-9 কিলোমিটাৰ এলেকাত ভূমিস্খলন হয় (Landslide near New Jatinga lumpur station)।

Landslide in Dima Hasao
ৰে'ল সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰচেষ্টা সংশ্লিষ্ট বিভাগৰ

যিটো সময়ত শিলচৰ-লামডিং ব্ৰডগজ ৰে'লপথ সুচল কৰি তোলাৰ বাবে ৰেল বিভাগ আৰু নিৰ্মাণকাৰী সংস্থাৰ শ্ৰমিকসকলে দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে । তেনে সময়তে পুনৰ ভূমিস্খলন হোৱাৰ লগে লগে এতিয়া উদ্বিগ্ন সংশ্লিষ্ট বিভাগ । উত্তৰ-পূব সীমান্ত ৰেল কৰ্তৃপক্ষই ১০ জুলাইৰ ভিতৰত এই ৰে'লপথটো সুচল কৰি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও পাহাৰৰ প্ৰতিকূল বতৰে ৰেলপথটো মেৰামতি কৰি তোলাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে বাধাৰ সৃষ্টি কৰিছে ।

আনহাতে লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথৰ মাজতে থকা বিধ্বস্ত নিউ হাফলং ষ্টেচনত পাহাৰৰ পৰা নামি অহা মাটি পৰিষ্কাৰ কৰাৰ কাম চলি আছে । যোৱা ১৪ মে'ত ভূমিস্খলন আৰু বানৰ কৱলত পৰি লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথৰ প্ৰায় ৮৫ কিলোমিটাৰ ৰে'লপথ সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰে যাৰ ফলত এতিয়া পাহাৰ লাইনত ৰে'ল চলাচল বন্ধ হৈ আছে (Flood and landslide in Dima Hasao)।

Landslide in Dima Hasao
ৰে'ল সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰচেষ্টা সংশ্লিষ্ট বিভাগৰ

ইফালে ভূমিস্খলনৰ ফলতে বান্দৰখাল আৰু ডিটেকচৰাৰ মাজত ক্ষতিগ্ৰস্ত ২৯৮ নম্বৰ ৰেল দলংখন মেৰামতি কৰাৰ পাছত পৰীক্ষামূলকভাৱে এখন লাইট ইঞ্জিন চলোৱা হয় । ইয়াৰ পিছতে বদৰপুৰৰ পৰা দুখন যাত্ৰীবাহী ৰে'লৰ ডবা লৈ এই দলংখনেৰে পাৰ হৈ নিউ হাৰেংগাজাও ষ্টেচনলৈ আহে । অহা ১৫ জুনৰ পূৰ্বে বদৰপুৰ-নিউ হাফলঙৰ মাজত আংশিক ৰে'লপথ সুচল হৈ উঠাৰ সম্ভাৱনা আছে বুলি উত্তৰ-পূব ৰেল সূত্ৰই জানিবলৈ দিয়ে কিন্তু অহা ১০ জুলাইৰ আগতে লামডিং-শিলচৰ সম্পূৰ্ণ ৰে'লপথটো সুচল হোৱাৰ কোনো সম্ভাৱনা নাই বুলি ৰে'ল সূত্ৰই জানিবলৈ দিয়ে ।

লগতে পঢ়ক :World Environment Day: বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকমূহুৰ্তত কলগাছিয়াত ৩ হেজাৰ গছ পুলি ৰোপণৰ সংকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.