ETV Bharat / state

Falcon Festival 2022: উমৰাংচুত ফেলকন মহোৎসৱৰ প্ৰস্তুতি তুংগত

author img

By

Published : Dec 8, 2022, 4:15 PM IST

Falcon Festival 2022
উমৰাংচুত ফেলকণ মহোৎসৱৰ প্ৰস্তুতি তুংগত

ফেলকন চৰাইৰ বাবে বিখ্যাত উমৰাংচু ৷ অসম তথা বিভিন্ন ৰাজ্যৰ পৰা উমৰাংচুত নিউ টিংবুং গাঁৱৰ গ'ল্ফ কোৰ্চ আৰু আমুৰ ফেলকন চৰাই অহাৰ দৃশ্য উপভোগ কৰাৰ বাবে উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্য তথা অসমৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটকৰ আগমন ঘটিছে উমৰাংচুলৈ (Tourists arrive at Umrangsu) ৷

হাফলং,৮ ডিচেম্বৰ: ডিমা হাছাও জিলাৰ একমাত্ৰ উদ্যোগ নগৰী হিচাবে পৰিচিত উমৰাংচু ৷ এই উমৰাংচু ফেলকন চৰাইৰ বাবে এতিয়া বিখ্যাত হৈ পৰিছে (Preparation of Falcon Festival 2022)৷ উমৰাংচু পাণিমুৰ জলপ্ৰপাত, কঁপিলী হ্ৰদ আৰু নিউ টিংবুং গলফ কোৰ্চৰ বাবে এতিয়া দেশী বিদেশী পৰ্যটকৰ বাবে এক আকৰ্ষণীয় স্থান হৈছে ৷ এই ঠাইলৈ এতিয়া আমোৰ ফেলকন চৰাইৰ আগমন হৈছে (Falcon birds) ।

Falcon Festival 2022
উমৰাংচুত ফেলকণ মহোৎসৱৰ প্ৰস্তুতি তুংগত

প্ৰকৃতিৰ ৰম্যভূমি হিচাবে পৰিচিত অসমৰ অন্যতম পাহাৰীয়া জিলাখনত ফেলকন মহোৎসৱৰ প্ৰস্তুতি তুংগত উঠিছে । অহা ১৫ ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ ফেলকন মহোৎসৱ অনুষ্ঠিত হ'ব । উমৰাংচুৰ তুংবুং গাঁৱৰ সমীপত থকা গ'ল্ফ খেলপথাৰত এই মহোৎসৱৰ প্ৰস্তুতি চলিছে । উমৰাংচুৰ চাৰিওফালে এতিয়া আমোৰ ফেলকন পৰিভ্ৰমী পক্ষীৰ কলৰৱ । এইবাৰ 8 সংখ্যক ফেলকণ মহোৎসৱ অনুষ্ঠিত হ'ব বুলি আয়োজকসকলে সদৰী কৰিছে ।

Falcon Festival 2022
উমৰাংচুত ফেলকণ মহোৎসৱৰ প্ৰস্তুতি তুংগত

এই মহোৎসৱ উপলক্ষে অনুষ্ঠিত হ'ব আমোৰ ফেলকন সম্পৰ্কীয় আলোচনা চক্ৰ । বিভিন্ন চৰকাৰী বিভাগ আৰু পাহাৰীয়া জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত ভাৱে নিৰ্মিত বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনীও অনুষ্ঠিত হ'ব । তদুপৰি পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ খেল-ধেমালী, লোক সংস্কৃতিৰ প্ৰদৰ্শন, চাইক্লিং, মিছ গ্ৰেণ্ড ফেলকন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।

d
j

উল্লেখ্য় যে প্ৰতি বছৰে অক্টোবৰৰ পৰাই উমৰাংচুত চাইবেৰিয়া,দক্ষিণ আফ্ৰিকাৰ পৰা আমোৰ ফেলকন চৰাই অহা আৰম্ভ হয় (Amor Felkon Bird) ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত প্ৰতি বছৰেই অনুষ্ঠিত হয় ফেলকন উৎসৱ ৷ ইতিমধ্যে অসম তথা বিভিন্ন ৰাজ্যৰ পৰা উমৰাংচোৰ নিউ টিংবুং গাঁৱৰ গ'ল্ফ কোৰ্চ আৰু আমোৰ ফেলকন চৰাই অহাৰ দৃশ্য উপভোগ কৰাৰ বাবে উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্য তথা অসমৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটক অহা আৰম্ভ হৈছে উমৰাংচুলৈ ৷

লগতে পঢ়ক:Homen Borgohain Birth anniversary: ডিব্ৰুগড়ত দিনজোৰা কাৰ্যসূচীৰে উদযাপন হোমেন বৰগোহাঞিৰ জন্মদিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.