ETV Bharat / state

Birth anniversary of Netaji: হাফলঙত ২৩ জানুৱাৰীত সুভাষ চন্দ্ৰ বসুৰ ব্ৰঞ্জৰ মূৰ্তি উন্মোচন

author img

By

Published : Jan 19, 2023, 1:49 PM IST

অহা ২৩ জানুৱাৰীত হাফলঙত পালন কৰা হ'ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৬ সংখ্যক জন্মজয়ন্তী । এই উপলক্ষে হাফলং চহৰত নেতাজীৰ ৮ ফুট উচ্চতাৰ ব্ৰঞ্জৰ এটি মূৰ্তি উন্মোচন কৰা হ'ব । এই মূৰ্তিটো উন্মোচন কৰিব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই (North Cachar Hill Autonomous Council)।

126th birth anniversary of Subhas Chandra Bose
নেতাজী সুভাষ চন্দ্ৰ বসুৰ ব্ৰঞ্জৰ মূৰ্তি

হাফলং, ১৯ জানুৱাৰী: হাফলং চহৰত অহা ২৩ জানুৱাৰীত স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ ৮ ফুট উচ্চতাৰ ব্ৰঞ্জৰ এটি মূৰ্তি উন্মোচন কৰা হ'ব (Bronze statue of Netaji will be unveiled in Haflong)। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাৰ উদ্যোগত হাফলং চহৰত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ব্ৰঞ্জৰ মূৰ্তিটো স্থাপনৰ কাম পূৰ্ণ গতিত চলিছে । অহা ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৬ সংখ্যক জন্মজয়ন্তীত এই ব্ৰঞ্জৰ মূৰ্তিটো উন্মোচন কৰা হ'ব (126th birth anniversary of Subhas Chandra Bose) ।

হাফলং চহৰৰ হাগজাৰ নগৰ কলেজ ৰোড আৰু হাফলং টেক্সি ষ্টেণ্ডৰ মাজ মজিয়াত দিনে-নিশাই নেতাজীৰ মূৰ্তিটো স্থাপনৰ কাম চলি আছে । ইপিনে, সুভাষ চন্দ্ৰ বসুৰ ১২৬ সংখ্যক জন্মজয়ন্তী উদযাপনৰ বাবে নেতাজী জন্মজয়ন্তী উদযাপন কমিটীয়ে তিনিদিনীয়া কৰ্মসূচী হাতত লৈছে । অহা ২১ জানুৱাৰীৰ পৰা এই জন্মজয়ন্তী অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ হ'ব । কাৰ্যসূচী অনুসৰি ২১ জানুৱাৰীত উদ্বোধন কৰা হ'ব ইণ্টাৰ ক্লাব বাস্কেট বল প্ৰতিযোগিতা ।

আনহাতে, অহা ২২ জানুৱাৰীত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হ'ব চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ লগতে হাফলং অসামৰিক চিকিৎসালয়ত আয়োজন কৰা হ’ব এটা ৰক্তদান শিবিৰো । তদুপৰি হাফলং অসামৰিক চিকিৎসালয়ত ৰোগীসকলৰ মাজত ফল-মূলো বিতৰণ কৰা হ'ব বুলি আয়োজক কমিটীয়ে সদৰি কৰিছে । বিয়লি ইণ্টাৰ ক্লাব বাস্কেটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব ।

অহা ২৩ জানুৱাৰীৰ পুৱা ৬ বজাত অনুষ্ঠিত হ'ব প্ৰভাতফেৰী । ইয়াৰ পিছতেই ৭ বজাত তথ্য আৰু জনসংযোগ বিভাগৰ মাইকৰ জৰিয়তে দেশপ্ৰেম মূলক সংগীত পৰিবেশন কৰা হ'ব । ইপিনে,পুৱা ১০ বজাত নেতাজীৰ প্ৰতিকৃতি লৈ হাফলং সাংস্কৃতিক ভৱনৰ পৰা এক শোভাযাত্ৰা উলিওৱা হ'ব । এই শোভাযাত্ৰাই চহৰখন পৰিভ্ৰমণ কৰি নেতাজীৰ মূৰ্তিৰ ওচৰত অন্ত পৰিব । ইয়াৰ পিছতে দিনৰ ১১ বজাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ব্ৰঞ্জৰ মূৰ্তিটো উন্মোচন কৰিব অনুষ্ঠানটোৰ মুখ্য অতিথি তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই । দিনৰ ১২ বজাত আজাদ হিন্দ বাহিনীৰ পতাকা উত্তোলন কৰা হ'ব । ইয়াৰ পিছতে অনুষ্ঠিত হ'ব এখন আলোচনা চক্ৰ ।

আনহাতে, দিনৰ ২ বজাত হাফলং সাংস্কৃতিক ভৱনৰ পৰা এক মটৰ ৰেলি উলিয়াই জাতিংগাত উপস্থিত হৈ প্ৰথমে স্বাধীনতা সংগ্ৰামী ৰাণী মা গাইডলৰ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব । ইয়াৰ পিছতে জাতিৰ পিতা মহাত্মা গান্ধীৰ মূৰ্তিত শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হ'ব (statue of Mahatma Gandhi in Haflong)। তদুপৰি হাফলং চহৰত থকা স্বাধীনতা সংগ্ৰামী বীৰ সম্ভোধন ফংল'ৰ মূৰ্তিত পুষ্পাঞ্জলি প্ৰদন কৰা হ'ব । ইপিনে,আবেলি ৫ বজাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হ'ব বুলি আয়োজকসকলে সদৰি কৰিছে ।

Mukaram Jah passed away : ৰাজ্যিক মৰ্যদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ল মুকাৰৰাম জাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.