ETV Bharat / bharat

Mukaram Jah passed away : ৰাজ্যিক মৰ্যদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ল মুকাৰৰাম জাহৰ

author img

By

Published : Jan 19, 2023, 8:42 AM IST

হায়দৰাবাদৰ নিজাম পৰিয়ালৰ এটা যুগৰ অৱসান ঘটিল ৷ 14 জানুৱাৰীত মৃত্যু হয় নিজামৰ নাতি নবাব মিৰ বৰকেট আলী খান ৱালাহান মুকাৰৰাম জাহ বাহাদুৰৰ (Mukarram Jah 8th Nizam of Hyderabad) ৷ বুধবাৰে হায়দৰাবাদৰ ঐতিহাসিক মক্কা মছজিদত শেষকৃত্য সম্পন্ন কৰা হয় নিজামৰ নাতিগৰাকীক (Last journey of Mukarram Jah)৷

Mukaram Jah passed away
হায়দৰাবাদৰ নিজাম পৰিয়ালৰ এটা যুগৰ অৱসান ঘটিল

নেশ্যনেল ডেস্ক, 19 জানুৱাৰী : লোকাৰণ্য হৈ পৰিল হায়দৰাবাদৰ ঐতিহাসিক মক্কা মছজিদ ৷ কিয়নো বুধবাৰে বিয়লি সমাধিস্থ কৰা হয় অষ্টম নিজাম অৰ্থাৎ সপ্তম নিজামৰ নাতি নবাব মিৰ বৰকেট আলী খান ৱালাহান মুকাৰৰাম জাহ বাহাদুৰক (Mukarram Jah 8th Nizam of Hyderabad) ৷ নিজামৰ নাতিগৰাকী মুকাৰৰাম জাহ নামেৰে সৰ্বত্ৰে জনপ্ৰিয় আছিল ৷ মৃত্যুৰ সময়ত মুকাৰৰাম জাহে এৰি থৈ যায় প্ৰাক্তন পত্নী ৰাজকুমাৰী এছৰা আৰু তেওঁৰ সন্তানক ৷

উল্লেখ্য যে, 14 জানুৱাৰীত তুৰস্কৰ নিজৰ বাসগৃহত মৃত্যু হয় মুকাৰাম জাহৰ (Mukaram Jah passed away) । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 89 বছৰ ৷ পৰৱৰ্তী সময়ত তুৰস্কৰ নিজৰ বাসগৃহৰ পৰা মক্কা মছজিদলৈ লৈ অনা হয় নিজামৰ নিথৰ দেহ ৷ তাতে তেওঁৰ মৃতদেহত হায়দৰাবাদৰ পতাকাৰে মেৰিয়াই শেষ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰা হয় ।

ইফালে বুধবাৰে পুৱাৰে পৰা মুকাৰৰাম জাহক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ লোকাৰণ্য হৈ পৰে চৌমহল্লা ৰাজপ্ৰসাদ ৷

আনকি মুকাৰাম জাহক সমাধিস্থ কৰাৰ সময়তো সমাধিস্থলীত হাজাৰ হাজাৰ লোকে ভিৰ কৰা পৰিলক্ষিত হয় (Last journey of Mukarram Jah)৷ যিহেতু মুকাৰৰাম জাহ বাহাদুৰ আছিল নিজামৰ নাতি ৷ সেয়ে তেওঁক তেলেংগানা চৰকাৰে ৰাজ্যিক মৰ্যদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ কথা ঘোষণা কৰে ৷ সেই অনুসৰিয়েই বুধবাৰে নিজামৰ নাতিগৰাকীক ৰাজ্যিক মৰ্যদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷

আনকি মঙলবাৰে চৌমহল্লা প্ৰাসাদত মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে (KCR) নিজামৰ নাতিগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত আছিল মন্ত্ৰী মাহমুদ আলী, ভেমুলা প্ৰশান্ত ৰেড্ডী, সাংসদ যোগীনাপল্লী সন্তোষ কুমাৰ, বিধায়ক বালকা সুমন, এ জীৱন ৰেড্ডী, তেলেংগানা ক্ৰীড়া কৰ্তৃপক্ষৰ অধ্যক্ষ ই.এ অঞ্জনেয়া গৌড, প্ৰাক্তন ৱাকফ ব'ৰ্ডৰ অধ্যক্ষ সংখ্যালঘু পৰিক্ৰমা চৰকাৰৰ উপদেষ্টা মহম্মদ চেলিম ৷

মুকাৰৰাম জাহ কোন আছিল ?

প্ৰবাদ মতে, ‘‘আটাইতকৈ ভৱিষ্যৎ বংশগত ৰাজকুমাৰত্বৰ অৱনতিৰ কাহিনী’’ বুলি বৰ্ণনা কৰা হায়দৰাবাদৰ শিৰোনাম আছিল অষ্টম নিজাম মুকাৰৰাম জাহ ৷ মুকাৰৰাম জাহ, ৰাজকুমাৰক 1954 চনত ৰাজ্য হায়দৰাবাদৰ সপ্তম নিজামৰ দ্বাৰা উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰা হৈছিল ।

তেতিয়াৰ পৰাই তেওঁক হায়দৰাবাদৰ অষ্টম আৰু শেষৰগৰাকী নিজাম হিচাপে অভিষিক্ত কৰা হৈছে । যিসময়ত বছৰ বছৰ ধৰি নিজামসকলে হীৰা কিলোগ্ৰামত, মুকুতা একৰত আৰু সোণৰ দণ্ড টনত বিক্ৰী কৰিছিল, তেনে সময়তে মুকাৰৰাম জাহ এগৰাকী মিতব্যয়ী ৰজা হিচাবে বিবেচিত হৈছিল ৷

1933 চনত ফ্ৰান্সত জন্ম গ্ৰহণ কৰিছিল মুকাৰৰাম জাহে । তেওঁৰ মাতৃ ৰাজকুমাৰী দুৰু শ্বেৱাৰ আছিল তুৰস্কৰ (অট্টোমান সাম্ৰাজ্য) শেষ চুলতান দ্বিতীয় আব্দুল মেজিদৰ কন্যা । 1971 চনলৈকে ৰাজকুমাৰ মুকাৰৰাম জাহক আনুষ্ঠানিকভাৱে হায়দৰাবাদৰ ৰাজকুমাৰ বুলি কোৱা হৈছিল ৷

পৰৱৰ্তী সময়ত ৰাজকুমাৰ আজম জাহ বাহাদুৰে উত্তৰাধিকাৰীসূত্ৰে নিজামৰ খিতাপ লাভ কৰিছিল । সেয়েহে 1967 চনত হায়দৰাবাদৰ শেষৰজন প্ৰাক্তন ৰাজত্বকালীন শাসকৰ মৃত্যুত মুকাৰৰাম জাহে অষ্টম নিজাম হিচাপে স্থলাভিষিক্ত হৈছিল ।

ৰাজকুমাৰ মুকাৰৰামৰ জীৱনৰ শেষৰ ফালে ভালেখিনি সময় তুৰস্কত বাস কৰিছিল । মুকাৰৰাম জাহে প্ৰথমবাৰৰ বাবে 1959 চনত তুৰস্কৰ ৰাজকুমাৰী এছৰাক বিয়া কৰাইছিল ।

লগতে পঢ়ক : Election date declared: 16 ফেব্ৰুৱাৰীত ত্ৰিপুৰাত, 27 ফেব্ৰুৱাৰীত মেঘালয়-নাগালেণ্ডত নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.