ETV Bharat / bharat

Election date declared: 16 ফেব্ৰুৱাৰীত ত্ৰিপুৰাত, 27 ফেব্ৰুৱাৰীত মেঘালয়-নাগালেণ্ডত নিৰ্বাচন

author img

By

Published : Jan 18, 2023, 4:20 PM IST

Updated : Jan 18, 2023, 5:33 PM IST

Election date declared
নিৰ্বাচনৰ তাৰিখ ঘোষণা

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ৷ ফ্ৰেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত কৰি মাৰ্চত ঘোষণা কৰা হ’ব ফলাফল (ECI announces poll date of NE states elections) ৷

নিউজ ডেস্ক, 18 জানুৱাৰী: দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ নিৰ্বাচনৰ তাৰিখ (ECI announces poll date of NE states elections) ৷ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে সদৰী কৰা মতে, অহা 16 ফেব্ৰুৱাৰীত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ৷ একেদৰে নাগালেণ্ড আৰু মেঘালয়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব অহা 27 ফেব্ৰুৱাৰীত ৷ তিনিওখন ৰাজ্যৰে ভোট গণনা হ’ব 2 মাৰ্চত (Vote counting date of NE states elections) ৷

আজিৰে পৰা ৰাজ্যকেইখনত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈছে ৷ ত্ৰিপুৰাত মনোনয়ন দাখিলৰ অন্তিম দিন 30 জানুৱাৰী (Tripura assembly election date) ৷ মেঘালয় আৰু নাগালেণ্ডত মনোনয়ন দাখিলৰ অন্তিম দিন হ’ব 7 ফেব্ৰুৱাৰী (Meghalaya assembly election date) ৷ এই তিনিখন ৰাজ্যৰ ৯ হাজাৰৰো অধিক ভোটকেন্দ্ৰৰ মুঠ ৭৩ শতাংশ ৱেবকাষ্ট কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে (Nagaland assembly election date)।

বিদ্যালয়সমূহত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ বাবে নিৰ্বাচন আয়োগে ফেব্ৰুৱাৰী মাহতে নিৰ্বাচন সমাপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ যাতে পৰীক্ষাৰ্থীসকলৰ কোনো ধৰণৰ অসুবিধা নহয় নিৰ্বাচানৰ বাবে ৷ চিবিএছইৰ অধীনৰ বিদ্যালয়ত কোনো ভোটকেন্দ্ৰ স্থাপন নকৰাৰ বাবেও নিৰ্বাচন আয়োগে নিৰ্দেশ জাৰী কৰিছে ৷ নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰা বিধানসভাৰ কাৰ্যকাল ক্ৰমে 12, 15 আৰু 22 মাৰ্চত অন্ত পৰিব ৷

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূবৰ এই তিনিখন ৰাজ্যত মুঠ ভোটাৰ আছে 62.8 লাখ ৷ ইয়াৰে 31.47 লাখ মহিলা ভোটাৰ আৰু 97 হাজাৰ আশীৰ ঊৰ্ধৰ ভোটাৰ ৷ তাৰোপৰি 31,700 গৰাকী হৈছে বিশেষভাৱে সক্ষম ভোটাৰ ৷ এই তিনিওখন ৰাজ্যতে ভৌগলিক প্ৰত্যাহ্বান থকা বিষয়টো পৰ্যবেক্ষণ কৰি মুখ্য নিৰ্বাচনী আয়ুক্তই কয় যে, আয়োগে ‘মুক্ত আৰু নিকা’ নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে নিৰ্বাচনী অনিয়ম বা হিংসাৰ ঘটনা সংঘটিত নোহোৱাটো নিশ্চিত কৰিব ।

মেঘালয় বিধানসভা:

মেঘালয় বিধানসভাৰ মুঠ আসনৰ সংখ্যা হৈছে 60 খন ৷ মেঘালয়ৰ শেষৰটো নিৰ্বাচন অনুষ্ঠিত হৈছিল 2018 চনৰ 27 ফেব্ৰুৱাৰীত ৷ সেই নিৰ্বাচনত কংগ্ৰেছে 21 খন আসনত জয় লাভ কৰাৰ বিপৰীতে এন পি পিয়ে জয়লাভ কৰিছিল 19 খন আসনত ৷ বিজেপিয়ে দুখন, এইছ এছ পি ডি পিয়ে দুখন, পি ডি পিয়ে 6 খন, ইউ ডি পিয়ে 4 খন, নিৰ্দলীয়ই 3 খন আসন লাভ কৰিছিল ৷ কনৰাড চাংমা নেতৃত্বাধীন এন পি পি দলে এই ডি পি, পি ডি এফ, বিজেপি, এইছ এছ পি ডি পি আৰু নিৰ্দলীয়ক লগত লৈ মৰ্চা চৰকাৰ গঠন কৰে ৷ কিন্তু এইবাৰ অকলেই নিৰ্বাচন খেলিবলৈ আগবাঢ়িছে এন পি পি ৷

নাগালেণ্ড বিধানসভা:

নাগালেণ্ড বিধানসভাৰো মুঠ আসনৰ সংখ্যা 60 খন ৷ 2018 চনৰ নিৰ্বাচনত নাগালেণ্ডত বিজেপিয়ে 12 খন, নাগা পিপলচ্ ফ্ৰন্টে 27 খন, এন পি পিয়ে 2খন, এন ডি পি পিয়ে 16 খন আসন লাভ কৰে ৷ পিচত এন ডি পি পি, বিজেপি আৰু এন পি এফে মিলি চৰকাৰ গঠন কৰে ৷

ত্ৰিপুৰা বিধানসভা:

ত্ৰিপুৰাৰ মুঠ বিধানসভা সমষ্টিৰ সংখ্যা 60 টা ৷ মাণিক সৰকাৰৰ শাসন ওফৰাই 2018 চনত ত্ৰিপুৰাত চৰকাৰ গঠন কৰিছিল বিজেপি দলে ৷ বিজেপিয়ে 36 খন আসন লাভ কৰাৰ বিপৰীতে মাণিক সৰকাৰৰ চিপিআইএমে লাভ কৰিছিল 16খন আসন ৷ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল বিপ্লৱ দেৱ ৷ কিন্তু 2022 বৰ্ষত বিপ্লৱ দেৱক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই ডাঃ মাণিক সাহাক মুখ্যমন্ত্ৰী পতা হয় ৷ ৰাজ্যসভালৈ সাংসদ ৰূপে পঠিওৱা হয় বিপ্লৱ দেৱক ৷ এইবাৰ বিজেপিৰ বাবে ত্ৰিপুৰাত বাঁওদলৰ লগতে তৃণমূল কংগ্ৰেছেও প্ৰত্যাহ্বান সৃষ্টি কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে ৷

লগতে পঢ়ক: Shambhu Koiri murder case: শম্ভূ কৈৰীৰ হত্যাকাৰীক শাস্তিৰ দাবী বজৰং দলৰ

Last Updated :Jan 18, 2023, 5:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.