ETV Bharat / state

Dima Hasao Flood: পুনৰ বিধস্ত নিউ হাফলং ৰে’ল ষ্টেচন

author img

By

Published : Jun 15, 2022, 10:50 PM IST

Dima Hasao Flood
পুনৰ বিধস্ত নিউ হাফলং ৰে’ল ষ্টেচন

শান্ত হোৱা নাই ৰুষ্ট প্ৰকৃতি ৷ মাৰ যোৱা নাই ডিমা হাছাওৰ বিননি ৷ পুনৰবাৰ ভূমিস্খলন আৰু বানত বিধস্ত হৈছে নিউ হাফলং ৰে’ল ষ্টেচন (Landslides at various places on Dima hasao) ৷ আনকি বুধবাৰে বজ্ৰপাত পৰি হাফলঙত আহত হয় এগৰাকী মহিলাও ৷

ডিমা হাছাও, 15 জুন : পুনৰ প্ৰকৃতিৰ ৰোষত পৰিছে প্ৰকৃতিৰ ৰম্য ভূমি স্বৰূপ ডিমা হাছাও ৷ পুনৰবাৰ ভূমিস্খলন আৰু বানত বিধস্ত হৈছে নিউ হাফলং ৰে’ল ষ্টেচন । সোমবাৰ পৰা আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণৰ ফলতে নিউ হাফলং ষ্টেচনত আকৌ খহি পৰিছে পাহাৰৰ মাটি (Landslides at various places on Dima Hasao) ৷ আনকি পানীৰ তলত ডুব যোৱাৰ উপক্ৰম ঘটিছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিমা হাছাওৰ নিউ হাফলং ৰে’ল ষ্টেচনটো ৷

বিগত 14 মে’ প্ৰচণ্ড বৰষুণৰ ফলত ভূমিস্খলন আৰু জল প্ৰলয়ত সম্পূৰ্ণ ৰূপে বিধস্ত হৈ পৰিছিল নিউ হাফলং ষ্টেচন (Massive flood in Dima Hasao)৷ আনকি লামডিং-বদৰপুৰ সংযোগী ৰে'লপথৰ 61 টা স্থানত ভূমিস্খলন সংঘটিত হোৱাৰ ফলত প্ৰায় এটা মাহে পাহাৰ লাইনত ৰে'লসেৱা বন্ধ কৰি ৰখা হৈছে (Rail services stopped for indefinite period due to landslide)।

বৰ্তমান এই ৰে’লপথচোৱা সুচল কৰি তোলাৰ বাবে ৰে’ল বিভাগে কাম আৰম্ভ কৰিছিল ৷

Dima Hasao Flood
পুনৰ বিধস্ত নিউ হাফলং ৰে’ল ষ্টেচন

কিন্তু আকৌ পাহাৰ লাইনৰ বিভিন্ন ঠাইত ভূমিস্খলন হোৱাত এই কাম পিছুৱাই দিবলৈ বাধ্য হৈছে জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই ৷ এতিয়া আকৌ পাহাৰীয়া জিলাত ভূমিস্খলন আৰু বানৰ তাণ্ডৱত বিপৰ্যস্ত হৈ পৰিছে জন জীৱন । ভূমিস্খলন আৰু বানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে বন্ধ হৈ পৰিছে জিলাখনৰ বাটপথসমূহ ।

ইফালে বুধবাৰে বজ্ৰপাত পৰি হাফলঙত এগৰাকী মহিলা আহত হয় ৷ বৰ্তমান আহত মহিলাগৰাকী হাফলং অসামৰিক চিৎসালয়ত চিকিৎসাধীন হৈ আছে । ইপিনে ডিমা হাছাও জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ প্ৰশমন বিভাগে বিনা কাৰণত বা বিনা কামত কোনো লোকক ঘৰৰ পৰা বাহিৰলৈ ওলাই অহাত নিৰ্দেধাজ্ঞা জাৰি কৰিছে ।

লগতে পঢ়ক : Dima Hasao Flood: ভয়ংকৰ বানে উটুৱাই লৈ গ’ল ৰাষ্ট্ৰীয় ঘাইপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.