ETV Bharat / state

Eighth Falcon Festival in Umrangshu : ডিমা হাছাও জিলাত তিনিদিনীয়াকৈ আয়েজিত ফেলকণ মহোৎসৱ

author img

By

Published : Dec 16, 2022, 2:23 PM IST

Updated : Dec 16, 2022, 2:28 PM IST

Eighth Falcon Festival in Umrangshu
ডিমা হাছাও জিলাত তিনিদিনীয়াকৈ আয়েজিত ফেলকণ মহোৎসৱ

অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উদ্যোগ নগৰী হিচাবে পৰিচিত তথা হাফলংৰ পৰা 140 কিলোমিটাৰ দূৰত্বত অৱস্থিত উমৰাংচুত অষ্টম ফেলকণ মহোৎসৱ আৰম্ভ (Eighth Falcon Festival in Umrangshu) । বৃহস্পতিবাৰ সন্ধিয়া উমৰাংচু তুংবুং গলফ কোর্সত বন্তি প্ৰজ্বলন কৰি ফেলকণ মহোৎসৱৰ উদ্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই (North cacher Hill Autonomous Council)।

ডিমা হাছাও, 16 ডিচেম্বৰ: বৃহস্পতিবাৰ সন্ধিয়াৰে পৰা আৰম্ভ হয় অষ্টম ফেলকণ মহোৎসৱ আৰম্ভ (Eighth Falcon Festival in Umrangshu) । চাইবেৰিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা অহা পৰিভ্ৰমী অমুৰ ফেলকণ পক্ষীৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে এই ফেলকণ মহোৎসৱৰ আয়োজন কৰা হয় বুলি উল্লেখ কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই কয় যে দেশ বিদেশৰ পৰা পৰিভ্ৰমী অমুৰ ফেলকণ পক্ষীৰ আগমন ঘটে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উমৰাংচুত আৰু এই পৰিভ্ৰমী পক্ষীৰ আগমন চাবলৈ উমৰাংচোত প্ৰচুৰ পৰ্যটকৰ আগমন ঘটে (Tourist in Umrangshu)।

Eighth Falcon Festival in Umrangshu
ডিমা হাছাও জিলাত তিনিদিনীয়াকৈ আয়েজিত ফেলকণ মহোৎসৱ

তেওঁ কয় যে ডিমা হাছাও জিলাৰ পৰ্যটন শিল্পক তুলি ধৰাৰ বাবে আৰু অমুৰ ফেলকণ পক্ষী সংৰক্ষণ কৰাৰ বাবেই এই ফেলকণ মহোৎসৱৰ আয়োজন কৰা হয় বুলি উল্লেখ কৰি অসমৰ ৰম্যভূমি হিচাবে পৰিচিত ডিমা হাছাও জিলাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ বাবে পৰ্যটকসকলক ডিমা হাছাও জিলালৈ আহিবৰ বাবে আহ্বান জনায় দেবলাল গাৰ্লোচাই ।

Eighth Falcon Festival in Umrangshu
ডিমা হাছাও জিলাত তিনিদিনীয়াকৈ আয়েজিত ফেলকণ মহোৎসৱ

ইপিনে এইবাৰ এই ফেলকণ মহোৎসৱত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহি উপস্থিত হৈছে উমৰাংচুত ফেলকণ মহোৎসৱ উপভোগ কৰাৰ উদ্দেশ্যৰে । বৃহস্পতিবাৰে সন্ধিয়া ফেলকণ মহোৎসৱৰ উদ্বোধন কৰাৰ পিচতে মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাই ডিমা হাছাও জিলাৰ বনবিভাগে পৰিভ্ৰমী অমুৰ ফেলকণ পক্ষী সন্দৰ্ভত নিৰ্মাণ কৰা এখন তথ্য চিত্ৰ উন্মোচন কৰাৰ লগতে বনবিভাগৰ এখন প্ৰদৰ্শনীও উদ্বোধন কৰা হয় ।

Eighth Falcon Festival in Umrangshu
ডিমা হাছাও জিলাত তিনিদিনীয়াকৈ আয়েজিত ফেলকণ মহোৎসৱ

বৃহস্পতিবাৰ সন্ধিয়া ফেলকণ মহোৎসৱৰ উদ্বোধনৰ পাছতে প্ৰথমতে ডিমা জনগোষ্ঠীৰ শিল্পীসকলে ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত বাদডিমা নৃত্য পৰিবেশন কৰে ৷ ইয়াৰ পাছতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সংস্কৃতি ও পৰম্পৰা লোক নৃত্য পৰিবেশন কৰে বিভিন্ন জাতি জনগোষ্ঠীৰ শিল্পীসকলে । ইয়াৰ পিছতে ফেলকণ মহোৎসৱৰ মঞ্চত সংগীত পৰিবেশন কৰে অসমৰ প্ৰখ্যাত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে (Zubeen garg at Falcon Festival in Umrangshu) আৰু বলিউডৰ সংগীত শিল্পী তুলসী কুমাৰে ।

Eighth Falcon Festival in Umrangshu
ডিমা হাছাও জিলাত তিনিদিনীয়াকৈ আয়েজিত ফেলকণ মহোৎসৱ

শুকুৰবাৰে ফেলকণ মহোৎসৱৰ দ্বিতীয় দিনা অনুষ্ঠিত হ’ব মিছ গ্ৰেণ্ড ফেলকণৰ চূড়ান্ত প্ৰতিযোগিতা ৷ ইয়াৰ পাছতে বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী আৰমান মালিকে সংগীত পৰিবেশন কৰিব (Armaan Malik at Falcon Festival in Umrangshu) । এইবাৰ অমুৰ ফেলকণ মহোৎসৱত আছে পৰ্যটকৰ বাবে জিপচি চাফাৰি আৰু ডিমা হাছাও জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ হস্ততাত শিল্পৰ প্ৰদৰ্শনীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যৰ দোকান ।

লগতে পঢ়ক: Pistol with bullet recovered at Guwahati : মহানগৰ আৰক্ষীৰ অভিযানত পিষ্টল সহ দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ

Last Updated :Dec 16, 2022, 2:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.