ETV Bharat / state

Pistol with bullet recovered at Guwahati : মহানগৰ আৰক্ষীৰ অভিযানত পিষ্টল সহ দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ

author img

By

Published : Dec 16, 2022, 2:08 PM IST

মাৰণাস্ত্ৰসহ মহানগৰ আৰক্ষীৰ জালত ডকাইত (Pistol with bullet recovered in Guwahati) ৷ ডকাইতটো জনীয়াৰ ৰফিকুল ইছলাম ওৰফে গাল কটা বাবু বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷

Pistol with bullet recovered at Guwahati
মহানগৰ আৰক্ষীৰ অভিযানত পিষ্টল সহ দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ

মহানগৰ আৰক্ষীৰ অভিযানত পিষ্টল সহ দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ

গুৱাহাটী, 16 ডিচেম্বৰ: সৰিয়হৰ ডুলিতে এইবাৰ ওলাল ভূত ৷ তিনিমাহ ধৰি প্ৰাক্তন উপ-আৰক্ষী অধীক্ষকৰ ভাড়াতীয়া হিচাপে থাকিল এটা কুখ্যাত ডকাইত ৷ ঘটনাৰ স্থান মহানগৰীৰ মাজমজিয়াত ৷ বৃহস্পতিবাৰে আৰক্ষীৰ তালাচীৰ পাছতহে পোহৰলৈ আহিল সম্পূৰ্ণ তথ্য (Pistol with bullet recovered in Guwahati) ৷

উল্লেখ্য যে, গোপন সূত্ৰৰ ভিত্তিত কালি মহানগৰ আৰক্ষীৰ দলে মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পার্থ সাৰথি মহন্তৰ (Guwahati Joint CP Partha Sarathi Mahanta) নেতৃত্বত চানমাৰীৰ নবীন নগৰৰ পুলিচ গলিত অভিযান চলায় ৷ এই অভিযানৰ সময়চোৱাতেই প্ৰাক্তন উপ-আৰক্ষী অধীক্ষক লস্কৰৰ ঘৰত তিনি মাহ ধৰি ভাড়াতীয়া হিচাবে থকা ডকাইতটোক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Robber arested at Guwahati nabin nagar) ৷

বিগত তিনি মাহ ধৰি প্ৰাক্তন উপ-আৰক্ষী অধীক্ষকগৰাকীৰ গৃহত আত্মগোপন কৰি থকা কুখ্যাত ডকাইটো ৰফিকুল ইছলাম ওৰফে গাল কটা বাবু বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ কুখ্যাত ডকাইটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় .22 পিষ্টল আৰু সজীৱ গুলি ৷ উল্লেখ্য যে, প্ৰাক্তন উপ-আৰক্ষী অধীক্ষকগৰাকীৰ গৃহত জনীয়াৰ ৰফিকুল ইছলাম ওৰফে গাল কটা বাবুৱে নিজকে এগৰাকী অটোচালক হিচাপে পৰিচয় দি তিনি মাহ ধৰি ভাড়াতীয়া হিচাপে বাস কৰিছিল(Police seized pistol with bullet gfrom robber) ৷

Pistol with bullet recovered at Guwahati
মহানগৰ আৰক্ষীৰ অভিযানত পিষ্টল সহ দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ

ভাড়াঘৰৰ চাউল ৰখা স্থানত ৰফিকুলে লুকুৱাই ৰাখিছিল মাৰণাস্ত্ৰ ৷ আৰক্ষীয়ে তাৎক্ষণিক তদন্তত মহানগৰীৰ বিভিন্ন ডকাইতিৰ ঘটনাৰ সৈতে ৰফিকুল ইছলাম ওৰফে গাল কটা বাবু জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । মহানগৰ আৰক্ষীয়ে বৰ্তমান নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে ক্ষীপ্ৰ তদন্তৰ ৷

আনহাতে, চুৰি সামগ্ৰী সন্দৰ্ভত চলোৱা এক অভিযানত আৰক্ষীয়ে 3 টা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ lঘটনা সন্দৰ্ভত তিনিটাক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় চোৰাং সামগ্ৰী আৰু বিক্ৰী কৰা দামটোৰ মালিক অৰুণ আলীক ৷ পাণবজাৰৰ সহকাৰী আৰক্ষী আয়ুক্ত পৃথ্বীৰাজ ৰাজখোৱাৰ নেতৃত্বত এটি দলে ৰঙিয়াৰ পুঠিমাৰীৰ উক্ত দামটোত তালাচী চলায় কৰিম আলীক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷

তাৎপৰ্যপূৰ্ণ বিষয় যে, স্মাৰ্ট আৰক্ষীৰে গিজগিজাই থকা সত্বেও গুৱাহাটী মহানগৰীখনত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা ৷ যিয়ে স্বাভাৱিকতে নিৰাপত্তাহীনতাত ভুগাইছে গুৱাহাটীবাসীক ৷

লগতে পঢ়ক: Badungduppa Kala Kendra: দেশী বিদেশী নাট্যপ্ৰেমীৰ ভিৰ শুক্ৰাচাৰ্য ৰাভাৰ ’আণ্ডাৰ দ্যা শাল ট্ৰি’ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.