ETV Bharat / state

Badungduppa Kala Kendra: দেশী বিদেশী নাট্যপ্ৰেমীৰ ভিৰ শুক্ৰাচাৰ্য ৰাভাৰ ’আণ্ডাৰ দ্যা শাল ট্ৰি’ত

author img

By

Published : Dec 16, 2022, 10:17 AM IST

Updated : Dec 16, 2022, 2:01 PM IST

24 বছৰীয়া হ'ল নাট্যকাৰ, অভিনেতা, পৰিচালক প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ বাদুংদুপ্পা কলা কেন্দ্ৰৰ(Annual Theater Festival of Badungduppa Kala Kendra)। বিগত বছৰসমূহৰ দৰে এই বছৰো শাল গছৰে আবৃত্ত প্ৰাকৃতিক পৰিৱেশত অনুষ্ঠিত কৰা হৈছে “আণ্ডাৰ দ্যা শাল ট্ৰি” ত্ৰয়োদশ বাৰ্ষিক নাট্য সমাৰোহ (Under the Sal tree)। দেশী-বিদেশী নাট্য প্ৰেমীৰ সমাহাৰ ৷

Badungduppa Kala Kendra
দেশী বিদেশী নাট্যপ্ৰেমীৰ ভিৰ শুক্ৰাচাৰ্য ৰাভাৰ ’আণ্ডাৰ দ্যা শাল ট্ৰি’ত

দেশী বিদেশী নাট্যপ্ৰেমীৰ ভিৰ শুক্ৰাচাৰ্য ৰাভাৰ ’আণ্ডাৰ দ্যা শাল ট্ৰি’ত

গুৱাহাটী, 16 ডিচেম্বৰ: অসমৰ নাট্য আন্দোলনৰ এক দীঘলীয়া বাটচ’ৰাত বিভিন্ন সময়ত বিভিন্নজন নাট্যকৰ্মীয়ে ভিন্ন নাট্য পৰীক্ষা চলায় অহা পৰিলক্ষিত হৈ আহিছে ৷ নাট্য জগতখনত নাট্যচিন্তা, নাট্য শিল্পক লৈ বিভিন্ন সময়ত বিভিন্নজনে চলায় যোৱা পৰীক্ষা-সম্পৰীক্ষাৰ ক্ষেত্ৰত সদায়ে নাম ল’ব লাগিব শুক্ৰাচাৰ্য ৰাভাৰ (Badungduppa Kala Kendra of Shukracharya Rabha) ৷ শুক্ৰাচাৰ্য ৰাভাৰ অনবদ্য সৃষ্টি বাদুংদুপ্পা কলা কেন্দ্ৰই 2022 বৰ্ষত ভৰি থ’লে 24 বছৰত (Badungduppa Kala Kendra celebrating 24 years) ৷

বিগত বছৰসমূহৰ দৰে এই বছৰো শাল গছৰে আবৃত্ত প্ৰাকৃতিক পৰিৱেশত অনুষ্ঠিত কৰা হৈছে ' আণ্ডাৰ দ্যা শাল ট্ৰি' 2022 ৰ ত্ৰয়োদশ বাৰ্ষিক নাট্য সমাৰোহ (Under the Sal tree) । 1998 চনত গোৱালপাৰাৰ ৰামপুৰত নাট্যকাৰ, অভিনেতা, পৰিচালক প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ ঐকান্তিক প্ৰচেষ্টাৰ ফচল বাদুংদুপ্পা কলাকেন্দ্ৰ তথা 'আণ্ডাৰ দ্যা শাল ট্ৰি 'ৰ মঞ্চত এতিয়া দেশী বিদেশী নাট্যকাৰ পৰিচালক অভিনেতাৰ সমাহাৰ ।

বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ' আণ্ডাৰ দ্যা শাল ট্ৰি ' ত্ৰয়োদশ বাৰ্ষিক নাট সমাৰোহত বিভিন্ন ভাষা, বিভিন্ন জাতি-জনগোষ্ঠীৰ থলুৱা লোকাচাৰো জিলিকি উঠা পৰিলক্ষিত হ’ল । যান্ত্ৰিক শব্দ-পোহৰ বিহীন প্ৰাকৃতিক পৰিৱেশৰ অকৃত্ৰিম নাট্যমঞ্চত বিগত বছৰসমূহৰ দৰে এইবাৰো অনুষ্ঠিত হয় নাট সমাৰোহখনি ।

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট্যকৰ্মীসকলেও নিজৰ সুকীয়া কলা পৰিৱেশন কৰে শুক্ৰাচাৰ্য ৰাভাৰ শালনীবাৰীত । ইফালে প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ পত্নী তথা বাদুংদুপ্পা কলাকেন্দ্ৰৰ সভানেত্ৰী চীনা ৰাভাই শুক্ৰাচাৰ্য ৰাভাই দেখুৱাই যোৱা নাট্যশৈলীকে পৰৱৰ্তী সময়তো অক্ষুন্ন ৰখাৰ কথা উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত ।

অহা বছৰ অৰ্থাৎ 2023 বৰ্ষত বাদুংদুপ্পা কলা কেন্দ্ৰই ভৰি থ’ব ৰূপালী জয়ন্তী বৰ্ষত ৷ গতিকে ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি বিস্তৃত কাৰ্যসূচীৰে নাট সমাৰোহ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰাৰ কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰে বাদুংদুপ্পা কলাকেন্দ্ৰৰ পৰিচালন সঞ্চালক মদন ৰাভাই । ইফালে ত্ৰয়োদশ নাট সমাৰোহত প্ৰথমখনি নাট ঋচি জলংকা নিবেদন কৰে বাদুংদুপ্পা কলা কেন্দ্ৰই । ৰাভা ভাষাত পৰিৱেশিত নাটখনিয়ে সমাজ জীৱনৰ এখন বাস্তৱ ছবি দাঙি ধৰিবলৈ চেষ্টা কৰাৰ কথা উল্লেখ কৰে মদন ৰাভাই ।

উল্লেখ্য যে, গোৱালপাৰাৰ ৰামপুৰত অৱস্থিত শুক্ৰাচাৰ্য ৰাভাৰ এই বাদুংদুপ্পা কলাকেন্দ্ৰই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অৰ্জন কৰিছে বিশেষ খ্যাতি ।

লগতে পঢ়ক: Conflict between BJP and NPP: বিজেপিৰ পৰা নিজকে ৰক্ষাৰ চেষ্টা কনৰাড চাংমাৰ

Last Updated :Dec 16, 2022, 2:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.