ETV Bharat / state

Tea estate labour protest: প্ৰাপ্য অধিকাৰ বিচাৰি চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Aug 3, 2022, 8:22 PM IST

tea-estate-labour-protest-at-deepling-tea-estate-of-sonari
প্ৰাপ্য অধিকাৰ বিচাৰি চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

প্ৰাপ্য অধিকাৰ বিচাৰি সোণাৰিৰ ডিপ্লিং চাহ বাগিচাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ(Tea estate labour protest at Sonari) ৷ শ্ৰমিকৰ বকেয়া তথা ভৱিষ্যনিধিৰ ধন শীঘ্ৰেই মুকলাই দিয়াৰ দাবীত চাহ শ্ৰমিকৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৷

মৰাণ, 3 আগষ্ট: পৰিবৰ্তনকামী বিজেপি চৰকাৰৰ দিনতো সমস্যাই লগ এৰা নাই চাহ শ্ৰমিকসকলক(Tea estate labour protest at Sonari) ৷ সেয়ে বিভিন্ন সমস্যাৰে জৰ্জৰিত চাহ শ্ৰমিকসকলে বুধবাৰে সোণাৰিত সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অনাদায় হৈ থকা শ্ৰমিকৰ বকেয়া তথা ভৱিষ্যনিধিৰ ধন শীঘ্ৰেই মুকলাই দিয়াৰ দাবীত বুধবাৰে দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে সোণাৰিৰ ডিপ্লিং চাহ বাগিচাৰ শ্ৰমিকসকলে ।

প্ৰাপ্য অধিকাৰ বিচাৰি চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ডিপ্লিং আৰু ডুৰিবাম চাহ মজদুৰ ইউনিয়ন আৰু শ্ৰমিকৰ সহযোগত অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখাৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই ধৰ্ণা কাৰ্যসূচী । ইফালে, অসম চাহ নিগমৰ অধীনস্থ ডিপ্লিং চাহ বাগিচাক লীজত দিয়াৰো বিৰোধিতা কৰে চাহ শ্ৰমিকসকলে ।

এতিয়া গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে, সততে চাহ বাগিচাৰ শ্ৰমিকৰ উন্নয়নৰ কথা কৈ থকা চৰকাৰৰ মন্ত্ৰী বিধায়কসকলে কেতিয়া এই চাহ শ্ৰমিকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে আগবাঢ়ি আহিব সেয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক : Public protest: তিনিটাকৈ মৃতদেহ লৈ লাহোৱালত ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.