ETV Bharat / state

TAYPA Sukafa Award: মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমালৈ চাওলুং ছ্যুকাফা বৰ অসম সমন্বয় বঁটা

author img

By

Published : Nov 11, 2022, 8:53 PM IST

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাক চাওলুং ছ্যুকাফা বৰ অসম সমন্বয় বঁটা প্ৰদান কৰিব টাইপাই (TAYPA Sukafa award to Conrad Sangma) । মৰাণত কেন্দ্ৰীয় চুকাফা দিৱসৰ লাইখুঁটা স্থাপন কৰি এই ঘোষণা টাইপাৰ ।

TAYPA
TAYPA

মৰাণ, ১১ নৱেম্বৰ : টাই আহোম যুৱ পৰিষদ, অসম (TAYPA) কেন্দ্ৰীয় সমিতিৰ আহ্বানত মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত অহা ১ আৰু ২ ডিচেম্বৰত মৰাণৰ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহ প্ৰাংগণত দুদিনীয়াকৈ কেন্দ্ৰীয় চুকাফা দিৱসৰ আয়োজন কৰা হৈছে (Sukafa Divas organised by TAYPA) ।

এই উদ্দেশ্যে শুকুৰবাৰে সংগঠনটোৱে তিলৈ গ্ৰাম্য বজাৰ খেলপথাৰত লাই খুঁটা স্থাপন কৰে । চুকাফা দিৱসৰ লাইখুঁটা স্থাপনৰ অনুষ্ঠানত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে অংশগ্ৰহণ কৰে আৰু কেন্দ্ৰীয় চুকাফা দিৱসৰ লগত সংগতি ৰাখি কণ্ঠশিল্পী মাধৱৰঞ্জন আৰু কুসুম কৈলাসৰ কণ্ঠত প্ৰস্তুত কৰি উলিওৱা এটি শীৰ্ষ গীত উন্মোচন কৰে (Sukafa Divas by TAYPA at Moran) ।

এই অনুষ্ঠানটোত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, সম্পাদকৰ লগতে মহকুমা আৰু আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকলৰ লগতে কণ্ঠশিল্পী মাধৱৰঞ্জন উপস্থিত থাকে । দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা এই দিৱসৰ দ্বিতীয়দিনাৰ সভাত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব (Meghalaya CM Conrad Sangma) ।

কনৰাড চাংমালৈ চাওলুং ছ্যুকাফা বৰ অসম সমন্বয় বঁটা

উক্ত অনুষ্ঠানতে টাইপাই চাওলুং ছ্যুকাফা বৰ অসম সমন্বয় বঁটা প্ৰদান কৰিব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক (Saolung Sukafa Bor Assam Samanway Award) । উত্তৰ-পূৰ্বাঞ্চলৰ লগত অসমৰ একতাৰ সম্প্ৰীতিৰ এনাজৰীডাল শক্তিশালী কৰা বাবেই কনৰাড চাংমাক উক্ত বঁটাৰ বাবে নিৰ্বাচিত কৰা বুলি জানিবলৈ দিয়ে টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে (TAYPA Sukafa award to Conrad Sangma) ।

উল্লেখ্য, প্ৰতিবছৰে ২ ডিচেম্বৰত চৰকাৰীভাৱে ছ্যুকাফা দিৱসক অসম দিৱস হিচাবে পালন কৰি অহা হৈছে । ২ ডিচেম্বৰত অসম চৰকাৰে চৰকাৰী বন্ধ ঘোষণা কৰাৰ লগতে ৰাজ্য চৰকাৰৰ উদ্যোগত অসম দিৱসৰ আয়োজন কৰা হয় । ১৯৯৬ চনৰ পৰা এই দিৱস আহোম স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ স্মৃতিত পালন কৰি অহা হৈছে । ১২২৮ খ্ৰীষ্টাবদত অসমত স্থাপন হোৱা আহোমৰাজৰ প্ৰতিষ্ঠাপক আছিল স্বৰ্গদেউ ছ্যুকাফা । চাওলুং ছ্যুকাফাই বৰ অসমৰ ভেটি গঢ়া বুলি কোৱা হয় । প্ৰায় ছশ বছৰ ধৰি অসমত আহোম ৰাজত্ব চলিছিল ।

লগতে পঢ়ক :Assam Police reshuffle : অসম আৰক্ষীৰ এপিএছ পৰ্যায়ত পদোন্নতিসহ বৃহৎ ৰদ-বদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.