ETV Bharat / state

Sahitya Shiromoni Award: বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়ালৈ সাহিত্য শিৰোমণি বঁটা

author img

By

Published : Nov 22, 2021, 7:46 PM IST

সাহিত্য শিৰোমণি বঁটা(Sahitya Shiromoni Award)ৰে সন্মানিত কৰা হ'ব অসমৰ সাহিত্য জগতৰ মহীৰূহ ড০ নগেন শইকীয়া(Dr Nagen Saikia)ক । দ্বাদশ ডিব্ৰুগড় গ্ৰন্থমেলা(Dibrugarh Book fair)ত এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব বিশিষ্ট সাহিত্যিকগৰাকীক । ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব গ্ৰন্থমেলা ।

Sahitya Shiromoni Award to Dr Nagen Saikia
ড০ নগেন শইকীয়ালৈ সাহিত্য শিৰোমণি বঁটা

ডিব্ৰুগড়, ২২ নৱেম্বৰ: নিজৰ সৃষ্টিৰাজিৰে অসমৰ ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰা বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি(Former Assam Sahitya Sabha president ) ড০ নগেন শইকীয়া(Dr. Nagen Saikia)লৈ আগবঢ়োৱা হৈছে সাহিত্য শিৰোমণি বঁটা । অসমৰ অন্যতম সাহিত্য-সংস্কৃতি আৰু ক্ৰীড়া অনুষ্ঠান ডিব্ৰুগড়ৰ মিলনজ্যোতি সংঘৰ উদ্যোগত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া দ্বাদশ ডিব্ৰুগড় গ্ৰন্থমেলা(Dibrugarh Book Fair)ত অসমৰ সাহিত্য জগতৰ মহীৰূহগৰাকীক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব । ২৫ সংখ্যক বৰ্ষত প্ৰৱেশ কৰা মিলনজ্যোতি সংঘ(Milanjyoti sangha)ৰ সভাপতি অমিয় হাজৰিকাই সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে । ২৬ নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই গ্ৰন্থমেলা ।

অমিয় হাজৰিকাই সংবাদমেলত গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ বিষয়েও অৱগত কৰে । উল্লেখ্য যে, গ্ৰন্থ ক্ৰয়-বিক্রয়ৰ লক্ষ্যতকৈ বহু ব্যতিক্রমী আৰু মননশীল তথা অসমীয়া সাহিত্য-কৃষ্টিৰ চর্চাক অধিক প্ৰাধান্য দি আয়োজন কৰা মিলনজ্যোতিৰ এই গ্ৰন্থমেলা শীতৰ সন্ধিয়াৰ এক উৎসৱৰ দৰে হৈ পৰে ডিব্ৰুগড়ৰ ৰাইজৰ বাবে । সেয়ে, মিলনজ্যোতি সংঘই আয়োজন কৰা এই গ্ৰন্থমেলাৰ বাবে অপেক্ষা কৰি থাকে ৰাইজে । এইবাৰো গ্ৰন্থমেলাত সাহিত্য-সাংস্কৃতিৰ লগতে বিভিন্ন শিতানত আকৰ্ষণীয় কাৰ্যসূচীৰ আয়োজন কৰা হ'ব বুলি জানিবলৈ দিছে আয়োজকসকলে ।

ড০ নগেন শইকীয়ালৈ সাহিত্য শিৰোমণি বঁটা

অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ,সংবাদ সাহিত্য আৰু অসমীয়া ভাষা,পৰ্যটন, অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগ আৰু চৰ্চা শীর্ষক বক্তৃতা, সত্ৰীয়া আৰু লোকনৃত্য অনুষ্ঠান, নুপুৰ আৰু নাট মল্লাৰ, জীৱন গঢ়াৰ আখৰা, কন্যা সুৰক্ষা বিষয়ক অনুষ্ঠান আদি আয়োজন কৰা হ'ব । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পুথি প্ৰকাশন আৰু বিক্ৰেতা অনুষ্ঠানে অংশগ্ৰহণ কৰাৰ লগতে নতুন দিল্লী, কলকতাৰ গ্ৰন্থ বিপনীয়েও অংশগ্ৰহণ নিশ্চিত কৰিছে ।

এইবাৰ বাংলাদেশৰ পৰাও গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জনাইছে । সদ্যপ্ৰয়াত বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা গল্পকাৰ হোমেন বৰগোহাঞি(Homen Borgohain)ৰ স্মৃতিত মুখ্য তোৰণ আৰু বিশিষ্ট সাহিত্যিক ড° লক্ষীনন্দন বৰাৰ স্মৃতিত মূল মঞ্চ উৎসৰ্গা কৰা হ'ব বুলি সংবাদমেলত উল্লেখ কৰে মিলনজ্যোতি সংঘৰ সভাপতিগৰাকীয়ে । সংবাদমেলত মিলনজ্যোতি সংঘৰ সম্পাদক নিৰোদ দত্ত, জামিনী শৰ্মা, সতেন্দ্ৰ নাথ বৰুৱা আৰু সুমন দত্তসহ অন্যান্য সদস্যসকল উপস্থিত থাকে ।

লগতে পঢ়ক:অভিনন্দন বৰ্থমানক "Vir Chakra" প্ৰদান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.