ETV Bharat / bharat

অভিনন্দন বৰ্থমানক "Vir Chakra" প্ৰদান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

author img

By

Published : Nov 22, 2021, 4:55 PM IST

"বীৰ চক্ৰ"(Vir Chakra) সন্মানেৰে সন্মানিত কৰা হ'ল চিৰ বৈৰী পাকিস্তানৰ পৰা বীৰৰ দৰে স্বদেশলৈ উভতি অহা ভাৰতীয় বায়ু সেনাৰ Ace pilot গ্ৰুপৰ কেপ্টেইন অভিনন্দন বৰ্থমান(Abhinandan Varthaman)ক । সোমবাৰে আয়োজিত এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে(President Ramnath Kovind) অভিনন্দন বৰ্থমানক "বীৰ চক্ৰ" প্ৰদান কৰে । ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত উইং কামাণ্ডাৰ হিচাপে কৰ্মৰত হৈ থকা সময়ত পাকিস্তানৰ বায়ু সেনাক প্ৰত্যুত্তৰ দিবলৈ গৈ পিছত যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত পাক সেনাই গ্ৰেপ্তাৰ কৰিছিল অভিনন্দন বৰ্থমানক । কিন্তু ৬০ ঘণ্টাৰ পাচত ভাৰতৰ বীৰ জোৱানজনক মুকলি কৰি দিবলৈ পাকিস্তান বাধ্য হৈছিল ।

President Kovind confers Vir Chakra on war hero Abhinandan Varthaman
Abhinandan Varthamanক বীৰ চক্ৰ প্ৰদান ৰাষ্ট্ৰপতি কোবিন্দৰ

নেশ্যনেল ডেস্ক, ২২ নৱেম্বৰ: আজি ভাৰতৰ কেইবাগৰাকীও বীৰ জোৱানক বীৰত্বৰ সন্মানেৰে সন্মানিত কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে(President Ramnath Kovind) । এই বীৰ জোৱানসকলৰ ভিতৰত আছে আকাশমাৰ্গত সাহসেৰে যুঁজি শত্ৰুৰ সন্মুখত শিৰ নট নকৰা ভাৰতীয় বায়ু সেনাৰ বীৰ জোৱান অভিনন্দন বৰ্থমান(Abhinandan Varthaman) । আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে(President Ramnath Kovind) অভিনন্দন বৰ্থমানক "বীৰ চক্ৰ"(Vir Chakra) সন্মানেৰে সন্মানিত কৰে । পূৰ্বে উইং কামাণ্ডাৰ হিচাপে কৰ্মৰত হৈ থকা অভিনন্দন বৰ্থমানক শেহতীয়াকৈ বায়ু সেনাৰ Ace pilot গ্ৰুপৰ কেপ্টেইন হিচাপে পদোন্নতি দিয়া হৈছে ।

উল্লেখ্য যে, বালাকোট এয়াৰ ষ্ট্ৰাইকৰ এদিন পাচত ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত পাকিস্তানৰ বায়ু সেনাই ভাৰতত এয়াৰ ষ্ট্ৰাইকৰ পৰিকল্পনা কৰিছিল । পাকিস্তানৰ দুঃসাহসৰ উচিত প্ৰত্যুত্তৰ দিছিল ভাৰতীয় বায়ু সেনাই । এই যুঁজতে তেতিয়াৰ উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানে(Abhinandan Varthaman) পাকিস্তানৰ এফ-১৬ যুঁজাৰু বিমানলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল । কিন্তু দুৰ্ভাগ্যবশতঃ পাকিস্তান অধিকৃত কাশ্মীৰৰ ওপৰেৰে যাওতেই তেওঁৰ যুঁজাৰু বিমান মিগ-21 দুৰ্ঘটনাত পতিত হয় ।

ইয়াৰ পাচতে পাকিস্তানৰ সেনাই অভিনন্দনক নিজৰ জিম্মাত লয় । কিন্তু এই বিষয়টোত আন্তৰ্জাতিক হস্তক্ষেপৰ লগতে ভাৰতৰ পক্ষই প্ৰয়োগ কৰা হেঁচাৰ বাবে ৬০ ঘণ্টাৰ পাচত পাকিস্তানৰ সেনাই তেওঁক মুক্তি দিবলৈ বাধ্য হয় । ২০১৯ চনৰ ২৬ ফেব্ৰুৱাৰীত পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা অঞ্চলত জৈছ-এ-মহম্মদ(Jaish-e-Mohammed)ৰ ঘাটিত ভাৰতীয় সেনাই এয়াৰ ষ্ট্ৰাইক কৰিছিল ।

জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ কৰাৰ ফলত চি আৰ পি এফৰ ৪০ জন জোৱান শ্বহীদ হোৱাৰ পাচতে প্ৰতিশোধ ল'বলৈ এই আক্ৰমণ কৰিছিল ভাৰতে । ১৯৭১ৰ ভাৰত-পাকিস্তান যুদ্ধৰ পাচত বালাকোট এয়াৰ ষ্টাইকেই হৈছে এয়াৰ ষ্টাইক । ২৬ ফেব্ৰুৱাৰীত পুৱতি নিশা প্ৰায় ৩.৩০ বজাত ১২ খন Mirage 2000 যুঁজাৰু বিমানে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি বালাকোটত থকা সন্ত্ৰাসবাদী সংগঠন জৈছ-এ-মহম্মদৰ ঘাটি উৎখাত কৰে । 'অপাৰেচন বান্দাৰ'(Operation Bandar) নামেৰে নামকৰণ কৰা এই এয়াৰ ষ্ট্ৰাইক ভাৰতীয় বায়ু সেনাৰ সপ্তম আৰু নৱম স্কোৱাড্ৰনে পৰিচালনা কৰিছিল ।

এই আক্ৰমণৰ পিছতে ভাৰতীয় সামৰিক প্ৰতিষ্ঠানত আক্ৰমণ কৰাৰ লক্ষ্যৰে পাকিস্তানৰ আহিছিল ১২ খনৰো অধিক এফ-16 (F-16)যুঁজাৰু বিমান । কিন্তু ভাৰতীয় বায়ু সেনাই এনে আক্ৰমণৰ আশংকা কৰি পূৰ্বৰে পৰা সাজু হৈ আছিল আৰু দুয়ো পক্ষৰে মাজত আকাশী যুঁজ আৰম্ভ হয় । এই যুঁজৰ সময়তে পাক সেনাৰ হাতত বন্দী হ'বলগীয়া হয় অভিনন্দন বৰ্থমান ।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে অভিনন্দনক বন্দী কৰাৰ কথা ঘোষণা কৰিছিল । ভাৰতে তেওঁৰ চৰ্তহীন আৰু সুৰক্ষিত প্ৰত্যাৱৰ্তন দাবী কৰিছিল । সেই সময়ত, আমেৰিকা যুক্তৰাষ্ট্ৰই জোৱানজনে মুক্তি লাভ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । অৱশেষত তেওঁ সুৰক্ষিতভাৱে ভাৰতলৈ উভতি আহে ।


লগতে পঢ়ক:Kisan Mahapanchayat : লক্ষ্ণৌত কৃষক মহাপঞ্চায়তত ভিন্ন প্ৰান্তৰ কৃষকৰ অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.