ETV Bharat / state

AJP Press Meet : বাজপেয়ী ভৱন এতিয়া দুৰ্নীতিৰ শ্বপিংমললৈ পৰ্যৱসিত হৈছে; লুৰীণজ্যোতি গগৈ

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 6:20 PM IST

চাকৰি তথা নিযুক্তি কেলেংকাৰীক লৈ ডিব্ৰুগড়ত সংবাদমেল লুৰীণজ্যোতি গগৈৰ ৷ দুৰ্নীতিৰ প্ৰতি পূৰ্ণ সমৰ্থনেই বিজেপিৰ মূল নীতি এই কথা সময়ে, তেওঁলোকৰ কাম-কাজে প্ৰমাণ কৰিছে বুলি কয় তেওঁ ৷

Press Conference of AJP President
বিজেপি চৰকাৰক তীব্ৰ সমালোচনা লুৰীণজ্যোতি গগৈৰ

ডিব্ৰুগড়ত সংবাদমেল লুৰীণজ্যোতি গগৈৰ

ডিব্ৰুগড়, 31 আগষ্ট : "দুৰ্নীতিৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ শূণ্য সহনশীলতাৰ নীতি এক চূড়ান্ত প্ৰসহন ৷ বিজেপি চৰকাৰ অসমত আৰম্ভ হোৱাৰ পিছৰে পৰা ধাৰাবাহিকভাৱে নিযুক্তিত দুৰ্নীতি, কেলেংকাৰী চলি আছে ৷ বিজেপিৰ নেতা, পালিনেতাই, সকলোৱে টকা পইচা সংগ্ৰহৰ বজাৰ চাৰিওফালে মেলি দিছে ৷" এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ চাকৰি তথা নিযুক্তি কেলেংকাৰীক লৈ ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰি লুৰীণজ্যোতি গগৈৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি মুক্ত নিযুক্তিৰ কথা কৈ থকাৰ সময়তে পোহৰলৈ আহিছে ৰাজ্যত নিবনুৱা যুৱক- যুৱতীৰ পৰা চাকৰি দিয়া নামত লাখে লাখে টকা সংগ্ৰহ কৰিছে বিজেপিৰ একাংশ নেতাই ৷ যি ঘটনাই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰা লগতে বিজেপি দলৰ ভিতৰত সৃষ্টি হৈছে তীব্ৰ জোকাৰণি ৷ এই ঘটনাৰ পাছতে বৃহস্পতিবাৰে ডিব্ৰুগড়ত অসম জাতীয় পৰিষদ সভাপতি লুৰীণজ্যোতি গগৈয়ে সম্বোধন কৰে এক সংবাদমেল ৷ সংবাদমেলত নিযুক্তি প্ৰক্ৰিয়াত হোৱা দুৰ্নীতি সন্দৰ্ভত বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে নেতাজনে ৷

ডিব্ৰুগড়ৰ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত সংবাদমেল অনুষ্ঠিত কৰি ভাৰতীয় জনতা পাৰ্টী শাসিত চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি, কেলেংকাৰীৰ অভিযোগ লুৰীণজ্যোতি গগৈৰ ৷ লগতে সভাপতিগৰাকীয়ে কয় যে, গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱন এতিয়া দুৰ্নীতিৰ শ্বপিংমল হৈ পৰিছে ৷ অসম আৰক্ষী, কৃষি বিভাগ, PNRD, বন বিভাগ আদি সকলো বিভাগৰ নিযুক্তিত দুৰ্নীতি সংঘটিত হৈছে ৷ মুখ্যমন্ত্ৰীয়ে নিকা চৰকাৰ চলোৱাৰ কথা কৈ থাকিলেও নিযুক্তিৰ বজাৰ বাজপেয়ী ভৱনতে সম্পন্ন হয় বুলি সংবাদ মাধ্যমত মন্তব্য লুৰীণজ্যোতি গগৈৰ ৷ লগতে দুৰ্নীতিৰ প্ৰতি পূৰ্ণ সমৰ্থনেই বিজেপিৰ মূল নীতি এই কথা সময়ে, তেওঁলোকৰ কাম-কাজে প্ৰমাণ কৰিছে বুলিও কয় তেওঁ ৷

ইফালে চাকৰি দিয়াৰ নামত ধন লোৱা বিজেপি নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি মুখ্যমন্ত্ৰীক সাহস দেখুৱালৈ আহ্বান জনায় লুৰীণজ্যোতি গগৈয়ে কয় যে, মুখ্যমন্ত্ৰী গৰাকীয়ে সমগ্ৰ বিষয়টোৰ পৰা আঁতৰি ফুৰিছে ৷ মুখ্যমন্ত্ৰীয়ে সাহস দেখুৱাই নিজৰ স্পষ্টীকৰণ প্ৰকাশ কৰি উচ্চ তদন্তৰ দাবী উত্থাপন কৰা লগতে এই দুৰ্নীতিত জড়িত হৈ পলাই ফুৰা সকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক : Pijush Hazarika Controversy : পীযুষ হাজৰীকাৰ ৰোল মডেল দুঃশাসন, পুনৰ ভূপেন-পীযুষৰ বাকযুদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.