ETV Bharat / state

Pijush Hazarika Controversy : পীযুষ হাজৰীকাৰ ৰোল মডেল দুঃশাসন, পুনৰ ভূপেন-পীযুষৰ বাকযুদ্ধ

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 3:04 PM IST

Updated : Aug 31, 2023, 4:11 PM IST

কাপোৰ খুলা প্ৰসংগৰে উত্তাল অসমৰ ৰাজনীতি ৷ পুনৰ বাকযুদ্ধত মন্ত্ৰী পীযুষ আৰু ভূপেন বৰা ৷ ‘‘আধুনিক দুঃশাসনক অসমৰ মানুহে সময়ত প্ৰত্যুত্তৰ দিব ৷’’ ভূপেন বৰাৰ সকীয়নি

Pijush Hazarika Controversy
পীয়ুষ হাজৰিকাৰ ৰোল মডেল দুঃশাসন

পীয়ুষ হাজৰিকাৰ ৰোল মডেল দুঃশাসন

গুৱাহাটী,31 আগষ্ট: কাপোৰ খুলা প্ৰসংগৰে উত্তাল অসমৰ ৰাজনীতি ৷ বাকযুদ্ধত লিপ্ত হৈছে মন্ত্ৰী পীযুষ হাজৰীকা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ ‘‘বিৰোধীৰ দলপতিৰ কাপোৰ খুলিম বুলি মন্ত্ৰী পীযুষ হাজৰীকাই ব্যক্তিৰ বিৰুদ্ধে কোৱা নাই ৷ গণতন্ত্ৰ আৰু বাক স্বাধীনতাৰ বিৰুদ্ধে দুঃশাসনৰ ভূমিকা গ্ৰহণ কৰিছে তেওঁ ৷ গণতন্ত্ৰ আৰু বাক স্বাধীনতাৰ বিৰুদ্ধে দুঃশাসনৰ ভূমিকা গ্ৰহণ কৰিছে তেওঁ ৷” এইদৰে বিৰোধী দলৰ দলপতিৰ বস্ত্ৰহৰণ কৰিব বুলি মন্ত্ৰী পীযুষ হাজৰীকাৰ সকীয়নি প্ৰসংগত উভতি ধৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই । লগে লগে বহুদিনৰ মূৰত দেখা গ’ল মন্ত্ৰী পীযুষ আৰু ভূপেন বৰাৰ বাকযুদ্ধ ৷

“আমি কাৰ্যালয় নিৰ্মাণ কৰিব নোৱাৰিলো ঠিকেই, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীলৈ আহি যিখন ষ্টেডিয়ামত বিহু নৃত্য উপভোগ কৰিলে সেই সৰুসজাই কংগ্ৰেছে নিৰ্মাণ কৰিছিল । অসমৰ দলং, ৰাস্তা-ঘাট আৰু সকলো বুনিয়াদী আন্তঃগাথনি কংগ্ৰেছ চৰকাৰৰ দিনতেই হোৱা ।” বৃহস্পতিবাৰে উজনিৰ 'বাগানে বাগানে' কাৰ্যসূচীত সাংবাদিকৰে হোৱা বাৰ্তালাপত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই এইদৰে কয় । বৰাই কয়, “ বৰ্তমান কেইটামান পৰিয়ালৰ সম্পত্তি চকুৰ সন্মুখত বৃদ্ধি পাইছে । বাগানৰ শ্ৰমিকৰ চকুপানী নিগৰিছে, কিন্তু তেওঁলোকে দিনে দিনে বাগান কিনিছে । চৰকাৰী বিদ্যালয়ক দুৰৱস্থালৈ ঠেলি নিজেই ব্যক্তিগত বিদ্যালয় খুলিছে । এইবোৰ কথা অসমৰ ৰাইজে দেখি আছে আৰু কংগ্ৰেছ ক্ষমতালৈ আহিলেই ইয়াৰ তদন্ত কৰা হ’ব ।”

প্ৰসংগক্ৰমে বৰাই কয় যে এজন মন্ত্ৰীৰ মুখত বিৰোধী দলৰ নেতাৰ বস্ত্ৰহৰণৰ যি বাক্য ওলাইছে সেয়া অত্যন্ত লজ্জাজনক আৰু তেখেতে জনা ভাল, আধুনিক দুঃশাসনক অসমৰ মানুহে সময়ত প্ৰত্যুত্তৰ দিব । “বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া বিজেপিৰ অনুগ্ৰহত দলপতি হোৱা নাই । অসমৰ ৰাইজে ভোট দি কংগ্ৰেছক দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে নিৰ্বাচিত কৰিছে । আধুনিক দুঃশাসনে দেৱব্ৰত শইকীয়া বাদে, অসমৰ যিকোনো এজন ব্যক্তিক আক্ৰমণ কৰক তাৰ প্ৰত্যাক্ৰমণ ৰাইজে দিব । আমি সকীয়াই দিলো, এনেধৰণৰ অসংসদীয় বাক্য প্ৰয়োগ কৰাৰ পৰা পীযুষ হাজৰীকা আঁতৰি থাকক ” বুলি মন্ত্ৰী পীযুষ হাজৰীকাৰ প্ৰতি আহ্বান জনালে ভূপেন বৰাই ৷

উল্লেখযোগ্য যে মাত্ৰ দুদিন পূৰ্বে বিজেপিৰ কাৰ্যালয়ত সন্ধিয়া ৭ বজাৰ পিচত মহিলাৰ প্ৰৱেশ নিষিদ্ধ বুলি ব্যাপক চৰ্চা হৈছিল । এই প্ৰসংগত বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই বিজেপিক কঠোৰ সমালোচনা কৰিছিল । পীযুষ হাজৰীকাই এই বিষয়ত বুধবাৰে সীমা অতিক্ৰম নকৰিবলৈ আহ্বান জনাই কাপোৰ খুলি দিম বুলি সকীয়নি দিছিল । তাৰেই প্ৰত্যুত্তৰত মন্ত্ৰী হাজৰীকাক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

লগতে পঢ়ক:Raksha Bandhan 2023 : ভগ্নীসকলৰ হাতেৰে ৰাখী পিন্ধিলে মুখ্যমন্ত্ৰী শৰ্মাই; উপহাৰ হিচাপে কি দিলে মুখ্যমন্ত্ৰীয়ে

Last Updated : Aug 31, 2023, 4:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.