ETV Bharat / state

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত হ’ল অসম জীয়ৰী নিহাৰীকাৰ

author img

By

Published : Dec 22, 2021, 9:55 PM IST

an assamese girl enrolled her name in IBR
15 জনকৈ প্ৰধানমন্ত্ৰীৰ ছবি অংকন কৰি অভিলেখ সৃষ্টি কৰিলে অসম জীয়ৰী নিহাৰীকাই

সৰুৰে পৰাই ৰং তুলিকাৰে ভিন্ন ৰকমৰ ছবি আঁকি প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা টিংখাঙৰ নিহাৰীকা দেউৰীৰ সফলতা ৷ শিলগুটিত প্ৰধানমন্ত্ৰীৰ চিত্ৰ অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভূক্ত কৰিলে নিহাৰীকাই (an assamese girl enrolled her name in India Book of Records) ৷

মৰাণ, 22 ডিচেম্বৰ : এদিনতে ক্ষুদ্ৰ শিলত দেশৰ 15 গৰাকীকৈ প্ৰধানমন্ত্ৰীৰ ছবি অংকন কৰি এক অভিলেখ সৃষ্টি কৰিলে অসম জীয়ৰী নিহাৰীকাই ৷ টিংখাঙৰ সমীপৰ কোৰোকানী দেউৰী গাঁৱৰ নিবাসী নিহাৰীকা দেউৰীয়ে গঢ়িছে এই অভিলেখ (Tingkhang girl named niharika deuri enrolled her name in India Book of Records) ৷

an assamese girl enrolled her name in IBR
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অসম জীয়ৰীৰ নাম

5 আৰু 6 চেণ্টিমিটাৰ জোখৰ 15 টাকৈ শিলত দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈকে মুঠ 15 গৰাকী বিশেষ ব্যক্তিৰ ছবি অংকন কৰে মৰাণ মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী গৰাকীয়ে ৷ সৰুৰে পৰাই ৰং-তুলিকাৰে বিভিন্ন চিত্ৰ অংকন কৰি বিভিন্নজনৰ পৰা লাভ কৰা শুভেচ্ছা ও প্ৰশংসাই সদায়ে উৎসাহিত কৰি আহিছিল নিহাৰীকাক ৷

an assamese girl enrolled her name in IBR
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অসম জীয়ৰীৰ নাম

নিহাৰীকাৰ এই সফলতাৰ খবৰ বিয়পি পৰাৰ পাছতে এতিয়া বিভিন্ন দল-সংগঠনৰ লগতে অঞ্চলটোৰ বিভিন্নজন লোক উপস্থিত হৈছেগৈ নিহাৰীকাৰ বাসগৃহত ৷ পৰিয়ালৰ লগতে গাওঁবাসী আৰু মৰাণ মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰী, শিক্ষাগুৰুসকল উৎফুল্লিত হৈ পৰিছে নিহাৰীকাৰ এই সফলতাত ৷

লগতে পঢ়ক : Assam girl selected to ISRO : ৰকেট নিৰ্মাণৰ সপোন পূৰণ হ’ল নাজনিন য়াচমিনৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.