ETV Bharat / state

Chaolung Sukapha Cemetery: চাওলুং চ্যুকাফাৰ সমাধিক্ষেত্ৰ সংৰক্ষণ আৰু বেদখলমুক্ত কৰাৰ দাবী

author img

By

Published : Dec 3, 2021, 9:54 AM IST

চাওলুং চ্যুকাফাৰ সমাধিক্ষেত্ৰ(Chaolung Sukapha Cemetery) সংৰক্ষণ আৰু বেদখল মুক্ত কৰাৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ ৰাজ্যৰ সত্ৰ, মঠ-মন্দিৰসমূহ বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে দেখুওৱা তৎপৰতা বৰ অসমৰ ভেঁটি গঢ়োতাগৰাকীৰ মৈদামৰ ক্ষেত্ৰতো দেখুৱাবলৈ দাবী জনাইছে জাতীয় সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে(Palash Changmai)৷

Chaolung Sukapha Cemetery
চাওলুং চ্যুকাফাৰ সমাধিক্ষেত্ৰ সংৰক্ষণ আৰু বেদখলমুক্ত কৰাৰ দাবী

মৰাণ, 3 ডিচেম্বৰ : চাওলুং চ্যুকাফাৰ সমাধিক্ষেত্ৰ(Chaolung Sukapha Cemetery) সংৰক্ষণ আৰু বেদখল মুক্ত কৰাৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে(Asom Jatiyatabadi Yuba Chatra Parishad ) । সোণাৰিত সংগঠনটোৰ উদ্যোগত অনুষ্ঠিত কৰা কেন্দ্ৰীয় চ্যুকাফা দিৱসস্থলীৰপৰা (Asom divas celebrated in Sonari) এই দাবী জনালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে।

চাওলুং চ্যুকাফাৰ সমাধিক্ষেত্ৰ সংৰক্ষণ আৰু বেদখলমুক্ত কৰাৰ দাবী

ৰাজ্যৰ সত্ৰ, মঠ-মন্দিৰসমূহ বেদখলমুক্ত কৰিবলৈ চৰকাৰে যিহেতু পদক্ষেপ লৈছে সেয়েহে ছশ বছৰীয়া আহোম ৰাজত্বৰ ঐতিহ্য বহনকাৰী চৰাইদেউ বেদখলমুক্ত কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে । আনহাতে, চাওলুং চ্যুকাফাৰ মৈদাম সংৰক্ষণ আৰু বেদখলমুক্ত কৰাৰ দাবী জনালে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে(MLA of Sonari constituency) ।

বৃহস্পতিবাৰে চ্যুকাফা মৈদামত উপস্থিত হৈ অসমীয়া জাতিৰ পিতৃপুৰুষজনলৈ অঞ্জলি তৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে বিধায়কগৰাকীয়ে । আনহাতে, বৰ অসমৰ ভেঁটি গঢ়োতা চ্যুকাফাৰ মৈদামৰ অসংৰক্ষিত অৱস্থা দেখি উদ্বেগ প্ৰকাশ কৰাৰ লগতে মৈদামটো সংৰক্ষণ আৰু সৌন্দৰ্য্যবৰ্ধনৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।

লগতে পঢ়ক: Asom divas celebrated in Sivsagar : শিৱসাগৰত অসম দিৱস উপলক্ষে প্ৰশাসনৰ চাফাই অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.