ETV Bharat / state

Asom divas celebrated in Sivsagar : শিৱসাগৰত অসম দিৱস উপলক্ষে প্ৰশাসনৰ চাফাই অভিযান

author img

By

Published : Dec 2, 2021, 1:52 PM IST

অসমৰ খনিকৰ চাওলুং চুকাফাক স্মৰণ কৰি অসমত উদযাপন কৰা হ’ল অসম দিৱস (Asom divas celebrated in sivsagar) ৷ বৰ অসমৰ ভেঁটি প্ৰতিষ্ঠাতা চাওলুং চুকাফাৰ অৱদান, ত্যাগ আৰু নিষ্ঠাক সোঁৱৰণ কৰি আজিৰ অসমে 2 ডিচেম্বৰৰ দিনটো অসম দিৱস অৰ্থাৎ চাওলুং চুকাফা দিৱস হিচাপে উদযাপন কৰে ৷

sanitization program organised to celebrate asom divas
অসম দিৱস উপলক্ষে চাফাই অভিযান শিৱসাগৰত

শিৱসাগৰ, 2 ডিচেম্বৰ : আহোম ৰজাৰ দিনৰ এক ঐতিহাসিক সম্পদ হ’ল শিৱসাগৰ পুখুৰী ৷ চাওলুং চুকাফাৰ নামত পালন কৰা অসমৰ এক গুৰুত্বপূৰ্ণ দিৱস অসম দিৱসৰ লগত সংগতি ৰাখিয়েই এই ঐতিহাসিক পুখুৰীটো জিলা প্ৰশাসনে চাফাই কৰাৰ অভিযান হাতত লয় (sanitization program organised to celebrate asom divas in sivsagar) ৷

sanitization program organised to celebrate asom divas
অসম দিৱস উপলক্ষে চাফাই অভিযান শিৱসাগৰত

চাওলুং চুকাফা বৰ অসমৰ খনিকৰ ৷ টাই মূলৰ আহোম কোঁৱৰ চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত ইণ্ডো-চীনৰ পৰা ব্ৰহ্মদেশ হৈ অসমত প্ৰৱেশ কৰিছিল ৷ তেতিয়াৰ পৰা এইজনা মহাপুৰুষৰ নেতৃত্বত গঠন হয় বৰ অসমৰ ৷ সময় সাপেক্ষে যুদ্ধ, সন্ধি, সুবিধা অনুযায়ী বিবাহৰ মাধ্যমেৰে ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা খিলঞ্জীয়া লোকসকলক একত্ৰিত কৰি চুকাফাই গঠন কৰিছিল বৰ অসমৰ ভেঁটি ৷ তেওঁ প্ৰতিষ্ঠা কৰা আহোম ৰাজ্যই সগৌৰৱে 600 বছৰ অতিক্ৰম কৰি আজিৰ অসম ভূমিত উপনীত হৈছেহি ৷

sanitization program organised to celebrate asom divas
অসম দিৱস উপলক্ষে চাফাই অভিযান শিৱসাগৰত

লগতে চাওক: পৰ্যটকৰ সোঁত বৈছে ঐতিহাসিক দেওশালি পাহাৰলৈ

পাটকাই পৰ্বত পাৰ হৈ ব্ৰহ্মপুত্ৰ উপত্যকাত ভৰি দিয়াৰ ক্ষণটোক সোঁৱৰণ কৰি এই অসম দিৱস উদযাপন কৰা হয় ৷ সমগ্ৰ ৰাজ্যৰ লগতে পূৰ্বৰ আহোম ৰাজধানী শিৱসাগৰ জিলাতো পালন কৰা হৈছে অসম দিৱস ৷

sanitization program organised to celebrate asom divas
অসম দিৱস উপলক্ষে চাফাই অভিযান শিৱসাগৰত

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত দুৰ্যোগ প্ৰশমন বিভাগ, আৰক্ষী বিভাগ আৰু পৌৰসভাই একত্ৰিত হৈ ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ লগতে পুখুৰীটোৰ চৌকাষ পৰিষ্কাৰ কৰি অসম দিৱস উদযাপন কৰে (Asom divas celebrated in sivsagar) ৷ আহোম ৰাজত্ব কালৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক শিৱসাগৰ পুখুৰী পৰিষ্কাৰ কৰি শিৱসাগৰ জিলা প্ৰশাসনে স্বৰ্গদেউ চাওলুং চুকাফাৰ অৱদানক সোঁৱৰে ৷

অসম দিৱস উপলক্ষে চাফাই অভিযান শিৱসাগৰত

লগতে চাওক: Handique girls college Declared Micro containment Zone : সাতদিনলৈ বন্ধ সন্দিকৈ ছোৱালী মহাবিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.