ETV Bharat / state

TAYPA slams BJP govt: লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিৰ স্বীকৃতি নাপালে তীব্ৰ আন্দোলনৰ হুংকাৰ টাইপাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 9:00 PM IST

Demand for tribalisation ahead of Lok Sabha Election
জনজাতিকৰণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ টাইপাৰ

ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰক তীব্ৰ সমালোচনা টাই আহোম যুৱ পৰিষদৰ । আহোম জনগোষ্ঠীৰ ৰাজনৈতিক বিকল্প চিন্তা কৰিছে টাইপাই । টাই আহোমক লোকসভা নিৰ্বাচনৰ পুৰ্বে জনজাতিৰ স্বীকৃতি প্ৰদান নকৰিলে বিজেপিৰ বিৰুদ্ধে অসমজুৰি তীব্ৰ আন্দোলনৰ ঘোষণা টাইপাৰ ।

জনজাতিকৰণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ টাইপাৰ

ডিব্ৰুগড়,২৬ অক্টোবৰ: সমাগত লোকসভা নিবাৰ্চন । নিৰ্বাচনক লৈ শাসক দল বিজেপিৰ লগতে বিৰোধী দলসমূহেও আৰম্ভ কৰিছে ব্যাপক তৎপৰতা । ইয়াৰ মাজতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ । টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ বাবে দীর্ঘদিনে দাবী জনাই আহিছে যদিও প্ৰতিখন চৰকাৰে বাৰে বাৰে জনগোষ্ঠীটোক প্ৰতাৰণা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে ।

বিগত দুটাকৈ লোকসভা নিৰ্বাচন আৰু অসমৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসনলৈ আহিলে বিজেপি দলে টাই আহোমসকলক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও শাসনলৈ অহাৰ পাছত সেই প্রতিশ্রুতি পালন নকৰি চূড়ান্তভাৱে প্ৰতাৰণা কৰিলে বুলি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে টাইপাৰ নৱ-নিৰ্বাচিত সভাপতি দিগন্ত তামুলীয়ে । টাই আহোমক লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে বিজেপিৰ বিৰুদ্ধে অসমজুৰি তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে কৰিলে টাইপাই ।

টাই আহোমসকলে ৰাজ্যৰ ৩৬ টা বিধানসভা সমষ্টিত নিৰ্ণায়ক ভূমিকা ল'ব পৰা ক্ষমতা আছে যদিও ৰাজনৈতিকভাৱে পিছপৰি আছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, আহোম জনগোষ্ঠীৰ ৰাজনৈতিক বিকল্প চিন্তা কৰা কৰিছে টাইপাই । ৰাজনৈতিক বিকল্পৰ ৰূপৰেখা তৈয়াৰৰ বাবে টাইপাৰ মুখ্য উপদেষ্টা দিলীপ গগৈ, আজীৱন উপদেষ্টা হৰেণ ফুকন আৰু ননী কুমাৰ গগৈক লৈ ইতিমধ্যে এখন তিনিজনীয়া সমিতি গঠন কৰি দিয়া বুলি কৈ সমিতিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি জনগোষ্ঠীটোৰ বৌদ্ধিক সমাজ আৰু অন্যান্য নেতৃস্থানীয় সংগঠনৰ লগত আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি টাইপাৰ নেতৃবৰ্গই সংবাদমেলত জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Assam Second Marriage: চৰকাৰক সুধিহে চৰকাৰৰ কৰ্মচাৰীয়ে কৰিব পাৰিব দ্বিতীয় বিবাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.