ETV Bharat / state

Assam Second Marriage: চৰকাৰক সুধিহে চৰকাৰৰ কৰ্মচাৰীয়ে কৰিব পাৰিব দ্বিতীয় বিবাহ

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 5:31 PM IST

চৰকাৰক সুধিহে এতিয়াৰে পৰা দ্বিতীয় বিবাহ কৰাব পাৰিব ৷ চৰকাৰী কৰ্মচাৰীৰ প্ৰতি এয়া দিছপুৰৰ কঠোৰ নিৰ্দেশনা ৷ সকলো বিভাগ, সকলো জিলাৰ আয়ুক্তলৈ জাননী প্ৰেৰণ কৰা হৈছে ৷

Assam Second Marriage
চৰকাৰক সুধিহে চৰকাৰৰ কৰ্মচাৰীয়ে কৰিব পাৰিব দ্বিতীয় বিবাহ

গুৱাহাটী, ২৬ অক্টোবৰ : পুৰুষেই হওক বা মহিলাই হওক এতিয়াৰে পৰা অসম চৰকাৰৰ যিকোনো চাকৰিয়ালে দ্বিতীয় বিবাহ কৰোৱাৰ আগত বিভাগীয় চৰকাৰী অনুমতি লোৱাটো বাধ্যতামূলক । এয়া দিছপুৰৰ পৰা কঠোৰ চৰকাৰী নিৰ্দেশনা ৷ নীতিবৰ্হিভূতভাৱে দ্বিতীয় বিবাহ কৰিব খোজা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনা ৷

Assam Second Marriage
ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ বিশেষ নিৰ্দেশনা

ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে । চৰকাৰী অনুমতি অবিহনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী স্বামী বা স্ত্ৰীয়ে কৰিব নোৱাৰিব দ্বিতীয় বিবাহ । এই লৈ ৰাজ্য চৰকাৰৰ সকলো বিভাগ, সকলো জিলাৰ আয়ুক্তলৈ জাননী প্ৰেৰণ কৰা হৈছে ৷

The Assam Civil Services (Conduct) Rules 1965 ৰ 26 ৰ বিধান অনুসৰি অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব নীৰজ বাৰ্মাৰ স্বাক্ষৰিত এখন কাৰ্যালয় স্মাৰকত এইসমূহ কঠোৰ নিৰ্দেশনা দিয়া হৈছে ৷ উক্ত নিৰ্দেশনাত কোৱা হৈছে- “ ১) পত্নী জীয়াই থকা কোনো চৰকাৰী চাকৰিয়ালে প্ৰথমে চৰকাৰৰ অনুমতি নোলোৱাকৈ আন বিবাহৰ চুক্তি কৰিব নোৱাৰিব, যদিও তেওঁৰ বাবে প্ৰযোজ্য ব্যক্তিগত আইন অনুসৰি এনে পৰৱৰ্তী বিবাহ অনুমোদিত ৷ ২) কোনো মহিলা চৰকাৰী কৰ্মচাৰীয়ে প্ৰথমে চৰকাৰৰ অনুমতি নোলোৱাকৈ পত্নী জীয়াই থকা কোনো ব্যক্তিক বিয়া কৰাব নোৱাৰিব ।”

এই নিৰ্দেশনা অনুশাসনজড়িত কৰ্তৃপক্ষই অসম সেৱা (অনুশাসন আৰু আপীল) নিয়মাৱলী ১৯৬৪ৰ বিধানৰ অধীনত তাৎক্ষণিক বিভাগীয় কাৰ্যবিধি কাৰ্যকৰী কৰিব পাৰিব বুলি দিছপুৰৰ নিৰ্দেশনাত উল্লেখ আছে৷ এই নিৰ্দেশনা উলংঘা কৰা বুলি ধৰা পৰা চৰকাৰী কৰ্মচাৰীসকলৰ বিৰুদ্ধে বাধ্যতামূলক অৱসৰকে ধৰি কঠোৰ জৰিমনা পৰ্যন্ত শাস্তি আৰোপ কৰিব পাৰিব কৰ্তৃপক্ষই ৷

উক্ত চৰকাৰী বিধি অনুসৰি সমাজৰ ওপৰত বৃহৎ প্ৰভাৱ পেলোৱা চৰকাৰী কৰ্মচাৰীসকলৰ ফালৰ পৰা এক গুৰুতৰ অসৎ আচৰণ বুলিও বিবেচনা কৰা হ’ব ৷ উল্লেখ্য যে, হঠাৎ কি কাৰণে ৰাজ্য চৰকাৰে এই কঠোৰ নীতি কাৰ্যকৰী কৰাত গুৰুত্ব আৰোপ কৰিলে সেয়া স্পষ্ট নহয় ৷ কিন্তু মন কৰিবলগীয়া কথাটো হ’ল- শেহতীয়াকৈ ৰাজ্যখনত চৰকাৰী চাকৰি লাভৰ পাচত সামাজিক স্বীকৃত পত্নী নাইবা স্বামীক পৰিত্যাগ কৰি বহু চৰকাৰী কৰ্মচাৰীয়ে দ্বিতীয় বিবাহ কৰোৱা ঘটনা পোহৰলৈ আহিছে৷ সামাজিক মাধ্যমযোগে বহু এনে ঘটনা দেখা পোৱা গৈছে ৷ যিবোৰ ঘটনাত প্ৰথমা পত্নী বা স্বামীক ত্যাগ কৰি দ্বিতীয় বিবাহ কৰা প্ৰসংগত মুখ্যমন্ত্ৰীক আহ্বান জনোৱা দেখা গৈছে ৷

আনহাতে বিভিন্ন চৰকাৰী বিভাগত এনে অভিযোগ সঘনাই উত্থাপিত হ’বলৈ ধৰিছে ৷ যাৰ বাবে কৰ্মচাৰী ব্যক্তিগত বিভাগে এই কাৰ্যালয় স্মাৰকৰ জৰিয়তে কঠোৰ নিৰ্দেশনা দিবলৈ বাধ্য হৈছে বুলি ধাৰণা কৰা হৈছে ৷ এতিয়া দিছপুৰৰ এই নিৰ্দেশনাৰ পাচত যেতিয়াই এনে গোচৰ ধৰা পৰে তেতিয়াই আইনৰ বিধান অনুসৰি চৰকাৰী কৰ্তৃপক্ষই বিভাগীয় ব্যৱস্থা আৰম্ভ কৰাৰ উপৰিও আদালতে আইনগত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগিব ৷

উল্লেখযোগ্য যে, অতিৰিক্ত মুখ্য সচিবৰ এই নিৰ্দেশনাসমূহ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিৰ্দেশ দিয়া হৈছে ৷ অৰ্থাৎ এতিয়াৰে পৰা যিকোনো চৰকাৰী চাকৰিয়ালে দ্বিতীয় বিবাহ কৰোৱাৰ আগত বিভাগীয় চৰকাৰী অনুমতি লোৱাটো বাধ্যতামূলক হৈ পৰিল ৷

লগতে পঢ়ক: SI Junmoni Rabha Death: মোক মুখ্যমন্ত্ৰীৰ সহায় নালাগে- জোনমণিৰ মাতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.