ETV Bharat / state

AMCH-ত উপস্থিত হৈ বিভাগীয় কৰ্তৃপক্ষক কি নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ?

author img

By

Published : May 16, 2021, 2:09 PM IST

AMCH visited CM Himanta Biswa Sharma
AMCHত উপস্থিত হৈ বিভাগীয় কৰ্তৃপক্ষক কি নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত শনিবাৰে বিয়লি উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ ৬০ খন বিচনাযুক্ত আই চি ইউ অতিশীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ।

মৰাণ, ১৬ মে': শনিবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত বিয়লি উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । শেহতীয়া ক'ভিড পৰিস্থিতি সন্দৰ্ভত অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী শৰ্মা ৷ মুখ্যমন্ত্ৰী শৰ্মাক সংগ প্ৰদান কৰে কেবিনেট মন্ত্ৰী বিমল বৰা, সঞ্জয় কিষাণ, বিধায়ক প্ৰশান্ত ফুকন, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

AMCH visited CM Himanta Biswa Sharma
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ চিকিৎসালয়খনত থকা চুপাৰ স্পেচিয়েলিটি হাস্পতালখন পৰিদৰ্শন কৰে । লগতে বৰ্তমান পৰিস্থিতিত ক'ভিড সংক্ৰমিত ৰোগীসকলক যাৱতীয় চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে অক্সিজেনৰ উপৰিও সকলো সা-সুবিধাৰে সংলগ্ন নতুনকৈ ৬০ খন বিচনাযুক্ত আই চি ইউ অতিশীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে । লগতে তেখেতে অসম চিকিৎসা মহাবিদ্যালয় চৌহদত নিৰ্মাণ হৈ থকা কেন্সাৰ হাস্পতালখনৰ নিৰ্মাণ কাৰ্যও পৰিদৰ্শন কৰে ।

AMCH visited CM Himanta Biswa Sharma
AMCHত উপস্থিত হৈ বিভাগীয় কৰ্তৃপক্ষক কি নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ইয়াৰোপৰি, জিলা উপায়ুক্তক ৫০ ৰ ঊৰ্ধৰ ব্যক্তিক হোম আইছলেচনৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে কন্টেইনমেন্ট জ’নৰ সংখ্যা বৃদ্ধি কৰাৰ পৰামৰ্শ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । আনকি, দুখীয়া লোকক খাদ্য সামগ্ৰী তথা নিত্য-নৈমিত্তিক সা-সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা হাতত ল’বলৈ জিলা উপায়ুক্তক নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: নগাঁৱৰ 18 টাকৈ হাতীৰ মৃত্যুৰ তদন্তৰ দাবী বাক্সাৰ দুই সংগঠনৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.