ETV Bharat / state

PMAY Scam: মৰাণত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত পঞ্চায়ত প্ৰতিনিধিয়ে দুৰ্নীতি কৰাৰ অভিযোগ

author img

By

Published : Feb 9, 2023, 10:45 AM IST

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত মৰাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে (PMAY scam at Moran) ৷ এগৰাকী পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ৷ নতুন গৃহ নিৰ্মাণ নকৰি পুৰণি গৃহকে মেৰামতি কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়ত প্ৰতিনিধিগৰাকীৰ বিৰুদ্ধে ৷

PMAY Scam
মৰাণত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত পঞ্চায়ত প্ৰতিনিধিয়ে দুৰ্নীতি কৰাৰ অভিযোগ

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত মৰাণত ব্যাপক দুৰ্নীতি

মৰাণ, 9 ফেব্ৰুৱাৰী: মৰাণৰ হালধিবাৰীত চৰকাৰী আবাসগৃহ নিৰ্মাণত দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ (PMAY scam at Moran) ৷ পুৰণি গৃহকে নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰি লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে ৷ চেচুঘাট অঞ্চলৰ 3 নং শিলপুতা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷

দৰিদ্ৰ জনতাৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আবণ্টিত হোৱা গৃহ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম অথবা দুৰ্নীতি যাতে সংঘটিত নহয় তাৰ বাবে কঠোৰ নিৰ্দেশনা প্ৰদান কৰি থৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতো একাংশ ঠিকাদাৰে সংঘটিত কৰি আহিছে দুৰ্নীতি ৷

যাৰ বাবে এতিয়া একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু ঠিকাদাৰৰ লুণ্ঠনৰাজে আউল লগাইছে দৰিদ্ৰ পৰিয়ালৰ বাবে অহা চৰকাৰী আবাসগৃহ নিৰ্মাণত । ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ খোৱাং উন্নয়ন খণ্ডৰ অধীনৰ হালধিবাৰী পঞ্চায়তত প্ৰধানমন্ত্ৰ আবাসগৃহ নিৰ্মাণত পঞ্চায়ত প্ৰতিনিধিয়ে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলাই (Corruption in PMAY scheme) ৷

মামনি ফুকন নামৰ এগৰাকী স্বামীহাৰা মহিলাৰ অভিযোগ অনুসৰি, চৰকাৰী গৃহটো নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ৰূপৰেখা কোঁৱৰ নামৰ বাৰ্ড মেম্বাৰগৰাকীয়ে (Corruption allegations against ward member) ৷ কিন্তু ঠিকাদাৰগৰাকীয়ে গৃহটো নতুনকৈ নিৰ্মাণ কৰাৰ পৰিৱৰ্তে পুৰণি গৃহটোকে জোৰা-টাপলি মাৰি মেৰামতি কৰাৰ লগতে খুঁটাসমূহত চিমেণ্ট সানি নতুন ৰূপ দিয়াৰ চেষ্টা কৰিছে ৷ লগতে নিৰ্মাণ কৰা ৱালতো মেলিছে ফাঁট ৷

কেৱল সিমানেই নহয়, পঞ্চায়ত প্ৰতিনিধি ৰূপৰেখা কোঁৱৰে অকলশৰীয়া মহিলাগৰাকীৰ পাচবুকখনো নিজৰ লগত ৰাখি থোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ চৰকাৰী আবাসগৃহ নিৰ্মাণৰ নামত লুণ্ঠন চলোৱা পঞ্চায়ত প্ৰতিনিধিগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু খণ্ড উন্নয়ন বিষয়াক বিষয়টো গুৰুত্বসহকাৰে লৈ আঁচনিৰ অধীনত এটা নতুন গৃহ নিৰ্মাণ কৰি দিয়াৰ আহ্বান মহিলাগৰাকীৰ (Pradhan Mantri Awas Yojana Scam) ৷

ইফালে অভিযোগ উত্থাপন হোৱা পঞ্চায়ত প্ৰতিনিধি ৰূপৰেখা কোঁৱৰৰ ভাষ্য গ্ৰহণৰ বাবে সাংবাদিকে চেষ্টা কৰিছিল যদিও এক নিৰাপদ দূৰত্বত অৱস্থান কৰি সাংবাদিকৰ মুখা-মুখি হোৱাৰ পৰা বিৰত থাকে ৷ কিন্তু এইসকল দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: Anti Child Marriage Drive: চৰকাৰে সামাজিক অশান্তিৰ সৃষ্টি কৰিছে: আব্দুল বাতিন খণ্ডকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.