ETV Bharat / state

Anti Child Marriage Drive: চৰকাৰে সামাজিক অশান্তিৰ সৃষ্টি কৰিছে: আব্দুল বাতিন খণ্ডকাৰ

author img

By

Published : Feb 9, 2023, 8:49 AM IST

বাল্যবিবাহ বিৰোধী অভিযানক লৈ প্ৰতিক্ৰিয়া AIUDFৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰৰ (MLA Abdul Batin Khandakar) ৷ চমক সৃষ্টিৰ বাবে চৰকাৰে এই অভিযান চলোৱাৰ অভিযোগ বিধায়কগৰাকীৰ (Assam anti child marriage drive) ৷ বিজেপি চৰকাৰৰ স্বৈৰাচাৰী বুলিও আখ্যা বিধায়ক খণ্ডকাৰৰ ৷

Anti Child Marriage Drive
চৰকাৰে সামাজিক অশান্তিৰ সৃষ্টি কৰিছে: আব্দুল বাতিন খণ্ডকাৰ

বিজেপি চৰকাৰক স্বেচ্ছাচাৰী আখ্যা বিধায়ক আব্দুল বাতিন খণ্ডকাৰৰ

জনীয়া, 9 ফেব্ৰুৱাৰী: ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে চলোৱা কঠোৰ অভিযানক লৈ অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া (Crackdown on child marriage) ৷ এই অভিযানক সকলোৱে সমৰ্থন জনাইছে যদিও চৰকাৰে গ্ৰহণ কৰা প্ৰক্ৰিয়াক বিৰোধিতা কৰিছে বিৰোধীৰ লগতে একাংশ ৰাইজেও ৷ কিন্তু বাল্যবিবাহ বিৰোধী এই অভিযানক সাম্প্ৰদায়িক ৰং দিয়াৰো চেষ্টা কৰিছে একাংশই ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰে (MLA Abdul Batin Khandakar) ৷ তেওঁ কয় যে, বাল্যবিবাহ ৰোধ কৰাটো সমাজৰ বাবে আশীৰ্বাদ ৷ কিন্তু যি ধৰণে ৰোধ কৰা হৈছে সেয়া সমাজৰ বাবে অভিশাপহে ৷ বাল্যবিবাহ ৰোধ কৰাত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ বুলিও মন্তব্য কৰে এআইইউডিএফৰ বিধায়কগৰাকীয়ে (AIUDF MLA reacts to anti child marriage drive) ৷

কলগাছিয়াত বুধবাৰে সাংবাদিকৰ আগত বাল্যবিবাহ বিৰোধী অভিযানক লৈ এই মন্তব্য কৰে আব্দুল বাতিন খণ্ডকাৰে ৷ AIUDFৰ বিধায়ৰগৰাকীয়ে লগতে কয় যে, যিসকল লোক ইতিমধ্যেই প্ৰাপ্তবয়স্ক হৈছে তেওঁলোকক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাচত এক সামাজিক অশান্তিৰ সৃষ্টি হৈছে ৷ চৰকাৰে যি কৰিছে সেয়া সমাজৰ বাবে অভিশাপ হৈ পৰিছে ৷

চমক সৃষ্টিৰ বাবেহে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে এই অভিযান চলাইছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে আব্দুল বাতিন খণ্ডকাৰে (Abdul Batin Khandakar slammed BJP) ৷ চৰকাৰে এনে টোগলগীকাণ্ড নকৰি সজাগতা সৃষ্টি কৰিব লাগিছিল বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ ইফালে বাল্যবিবাহ কৰা স্বামীক গ্ৰেপ্তাৰ কৰাৰ পাচত বহুতে আত্মহত্যাৰ পথ বাচি লোৱাৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা বিধায়কগৰাকীৰ (Operation against child marriage in Assam) ৷

তেওঁ লগতে কয় যে, কল্যাণকামী চৰকাৰে সকলোৰে কল্যাণৰ কথা চিন্তা কৰিব লাগে ৷ কল্যাণ কৰিবলৈ গৈ কাৰো ক্ষতি নহয় সেই কথাও চিন্তা কৰিব লাগে চৰকাৰে ৷ বিজেপি চৰকাৰৰ আইন প্ৰণয়নৰ ধৰণক স্বৈৰাচাৰী বুলি উল্লেখ কৰিও তীব্ৰ সমালোচনা কৰে বিধায়ক আব্দুল বাতিন খণ্ডকাৰে ৷ সমাজত তথা ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে চৰকাৰক উদগনিমূলক পদক্ষেপ গ্ৰহণৰ বাবেও আহ্বান জনাই বিধায়কগৰাকীয়ে ৷

উল্লেখ্য যে, ইতিমধ্যেই ৰাজ্যজুৰি অভিযান চলাই আৰক্ষীয়ে বাল্যবিবাহ কৰা আৰু ইয়াৰ লগত জড়়িত 2200 ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ইয়াৰে একাংশক আইনী প্ৰক্ৰিয়াৰে জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে (Assam anti child marriage drive) ৷

লগতে পঢ়ক: Minority voters in Assam: অসমৰ বহু সমষ্টিত অস্বাভাৱিক হাৰত বৃদ্ধি সংখ্যালঘু ভোটাৰৰ হাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.