ETV Bharat / state

Minority voters in Assam: অসমৰ বহু সমষ্টিত অস্বাভাৱিক হাৰত বৃদ্ধি সংখ্যালঘু ভোটাৰৰ হাৰ

author img

By

Published : Feb 8, 2023, 8:19 PM IST

ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকাত ভয়ংকৰ তথ্য । সংখ্যালঘু বসতি প্ৰধান বহু সমষ্টিত ভোটাৰৰ সংখ্যা ৩০-৩৪ হাজাৰলৈ বৃদ্ধি । সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ হ'লেও (Constituency delimitation in Assam) বহু সমষ্টিত ৰাজনৈতিক অধিকাৰ বিশেষ সম্প্ৰদায়ৰ হাততে যে থাকিব সেই কথা ভোটাৰ তালিকাত স্পষ্ট হৈ পৰিছে । খিলঞ্জীয়া বসতি প্ৰধান সমষ্টিৰ তুলনাত নামনি, মধ্য অসম আৰু বৰাক উপত্যকাত ভয়াৱহ হাৰত বৃদ্ধি পাইছে জনসংখ্যা । মাত্ৰ দুটা বছৰত যমুনামুখ সমষ্টিত বৃদ্ধি হৈছে ৩৪,৮৬৬ গৰাকী ভোটাৰ (Minority dominated constituencies in Assam) ।

Minority voters in Assam
অস্বাভাৱিক হাৰত বৃদ্ধি সংখ্যালঘু ভোটাৰৰ হাৰ

গুৱাহাটী, ৮ ফেব্ৰুৱাৰী: ৰাজ্যখনত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে সংখ্যালঘু ভোটাৰৰ হাৰ । ৰাজ্যৰ সংখ্যালঘু বসতিপ্ৰধান সমষ্টিত দুটা বছৰত ৩০ হাজাৰৰ পৰা ৩৪ হাজাৰলৈ বৃদ্ধি পাইছে ভোটাৰৰ সংখ্যা (Minority dominated constituencies in Assam) । জানুৱাৰী মাহৰ শেষৰফালে প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকাত কেতবোৰ সমষ্টিত অস্বাভাৱিকভাৱে ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে । ইয়াৰ ফলত সেই সমষ্টিসমূহত এটা বিশেষ সম্প্ৰদায় ৰাজনৈতিক নিৰ্ণায়ক হৈ পৰিছে । সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ হ'লেও এই সমষ্টিসমূহত ৰাজনৈতিক অধিকাৰ বিশেষ সম্প্ৰদায়ৰ হাততে যে থাকিব সেই কথা ভোটাৰ তালিকাত স্পষ্ট হৈ পৰিছে (Minority voters increased at an unusual rate)।

লক্ষ্যনীয় বিষয় যে, উজনি অসমৰ খিলঞ্জীয়া লোকৰ বসতি প্ৰধান জিলা বা সমষ্টিৰ তুলনাত নামনি, মধ্য অসম আৰু বৰাক উপত্যকাৰ সমষ্টি বিশেষত মাত্ৰ দুটা বছৰত ৩৪ হাজাৰ পৰ্যন্ত ভোটাৰ বৃদ্ধি হোৱাৰ তথ্য পোহৰলৈ আহিছে সদ্য প্ৰকাশিত ভোটাৰ তালিকাত (New voter list of Assam) । উল্লেখ্য যে, ২০২০ চনত প্ৰকাশিত চূড়ান্ত খচৰা ভোটাৰ তালিকাত অসমৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ১,১৯,৪৯,৬৮৭ গৰাকী । কিন্তু যোৱা ২৭ জানুৱাৰীত প্ৰকাশ হোৱা চূড়ান্ত ভোটাৰ তালিকাত ১,৪১,১১,৭৪৩ গৰাকী ভোটাৰৰ নাম সন্নিবিষ্ট হৈছে । অর্থাৎ, মাত্ৰ দুটা বছৰৰ ব্যৱধানত ২১,৬২,০৫৬ গৰাকী ভোটাৰ বৃদ্ধি হ'ল (Minority voters rate in Assam)।

লগতে পঢ়ক: MP Ajit Bhuyan on upper house: উত্তৰ-পূৱৰ প্ৰতি কেন্দ্ৰৰ মনোভাৱক লৈ উচ্চ সদনত প্ৰশ্ন সাংসদ ভূঞাৰ

প্ৰতিবছৰে প্ৰকাশিত ভোটাৰ তালিকাত নতুন ভোটাৰৰ নাম অন্তর্ভুক্ত হোৱাৰ ফলত ভোটাৰ বৃদ্ধি হোৱাতো স্বাভাৱিক । কিন্তু এই বৃদ্ধিৰ হাৰ ৰাজ্যৰ ১২৬ টা সমষ্টিতে সমানুপাতিক নহয় । মাজুলী, আমগুৰি, থাওৰা, ডিব্ৰুগড়, পাটাছাৰকুছি আদি সমষ্টিৰ তুলনাত যমুনামুখ, দলগাঁও, ৰূপহী আদি সমষ্টিত মাত্ৰ দুটা বছৰৰ ব্যৱধানত ৫ ৰ পৰ‍া ৬ গুণ পর্যন্ত ভোটাৰ বৃদ্ধি হোৱাৰ তথ্য পোহৰলৈ আহিছে সদ্য প্ৰকাশিত তালিকাত । ইয়াৰ ফলত এই সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ হ'লেও (Constituency delimitation in Assam) বিশেষ সম্প্ৰদায়ৰ হাততে কোনো দল নাইবা প্ৰাৰ্থীক জয়ী বা পৰাজিত কৰাৰ ৰাজনৈতিক অধিকাৰ বাহাল থাকিব (Abnormal increasing rate of minority voters) ।

কেইটামানসমষ্টিত দুটা বছৰত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে ভয়াৱহ ভৱিষত্যৰ ইংগিত বহন কৰিছে । নগাঁও জিলাৰ যমুনামুখ সমষ্টিত ২০২০ চনত ভোটাৰৰ সংখ্যা আছিল ১,৯৮,০১৫ গৰাকী । কিন্তু শেহতীয়া তালিকাত ভোটাৰ বৃদ্ধি হৈছে ২,২৯,৫১১ গৰাকীলৈ । অর্থাৎ মাত্ৰ দুটা বছৰত যমুনামুখ সমষ্টিত ৩৪,৮৬৬ গৰাকী ভোটাৰ বৃদ্ধি হৈছে । তেনেদৰে ৰূপহীত ২৬,৭৬৭ গৰাকী, ধিঙত ৩০,৪৭৭ গৰাকী, জনিয়াত ৩১,৪১১ গৰাকী, দলগাঁৱত ২৯,৬৩০ গৰাকী, কৰিমগঞ্জ উত্তৰত ১৮,৩১০ গৰাকী, দক্ষিণ শালমাৰাত ২০,৯৭৮ গৰাকী ভোটাৰ বৃদ্ধি হৈছে ।

ইয়াৰ বিপৰীতে খিলঞ্জীয়া লোকৰ বসতি প্ৰধান জিলা বা সমষ্টিত ভোটাৰ বৃদ্ধিৰ সংখ্যা অতি কম । মাজুলীত ২০২০ চনত ভোটাৰৰ সংখ্যা আছিল ১,৩১,৮০৩ গৰাকী । সমষ্টিটোত সদ্য প্ৰকাশিত ভোটাৰ তালিকাত ভোটাৰ বৃদ্ধি হৈছে মাত্ৰ ৫,৩৭৭ গৰাকী । অর্থাৎ যমুনামুখ, ধিং আদি সমষ্টিত ৩০-৩৪ হাজাৰ ভোটাৰ বৃদ্ধি হোৱাৰ বিপৰীতে মাজুলীত দুটা বছৰত ভোটাৰ বৃদ্ধি হৈছে মাত্ৰ ৫,৩৭৭ গৰাকী । তেনেদৰে ডিব্ৰুগড়ত ৪,৭৯৭ গৰাকী, আমগুৰিত ৫,৭৬৯ গৰাকী, শিৱসাগৰত ৫,৫৫৪ গৰাকী, পাটাছাৰকুছিত ৩,৬৩০ গৰাকী ভোটাৰহে বৃদ্ধি হৈছে । ইয়াৰ দ্বাৰা সহজতে অনুমান কৰিব পাৰি যে খিলঞ্জীয়া বসতিপ্ৰধান অঞ্চলৰ বিপৰীতে সংখ্যালঘু অধ্যুষিত সমষ্টি বা অঞ্চলত জনবিস্ফোৰণ হৈছে । যিটো ৰাজ্যখনৰ ভৱিষত্যৰ বাবে শুভলক্ষণ নহয় ।

লগতে পঢ়ক: Air pollution in Guwahati: ভয়ংকৰ বায়ু প্ৰদূষণ: গুৱাহাটীত অৱতৰণ কৰিব নোৱাৰি চাৰিখন বিমান নামিল কলকাতাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.