Air pollution in Guwahati: ভয়ংকৰ বায়ু প্ৰদূষণ: গুৱাহাটীত অৱতৰণ কৰিব নোৱাৰি চাৰিখন বিমান উভতিল কলকাতালৈ

By

Published : Feb 8, 2023, 6:48 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

গুৱাহাটী, 8 ফেব্ৰুৱাৰী: ভয়ংকৰ বায়ু প্ৰদূষণৰ গ্ৰাসত পৰিছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰী ৷ গুৱাহাটীত হোৱা ধূলি ধুমুহাৰ বাবে বুধবাৰে বিঘ্নিত হ’ল বিমানৰ অৱতৰণ ৷ গুৱাহাটীত চাৰিখনকৈ বিমানে অৱতৰণ কৰিব নোৱাৰি অৱতৰণৰ বাবে উভতি যাব লগা হ’ল কলকাতালৈ ৷ জয়পুৰৰ পৰা গুৱাহাটীলৈ অহা স্পাইচজেটৰ এখন, বেংগালুৰুৰ পৰা গুৱাহাটীলৈ অহা এয়াৰ এছিয়াৰ আন এখন বিমানৰ লগতে মুঠ 4খন বিমানে আজি বায়ুমণ্ডলত সৃষ্টি হোৱা ধূলিৰ ভয়ংকৰ আস্তৰণৰ বাবে বৰঝাৰত অৱতৰণ কৰিব নোৱাৰিলে ৷ 

যাৰ ফলত চাৰিওখন বিমানকে ডাইভাৰ্ছন কৰি কলকাতালৈ লৈ যোৱা হয় ৷ অৱশ্যে পিচত বিমানকেইখন পুনৰ গুৱাহাটীলৈ ঘূৰাই অনা হয় ৷ মুঠতে গুৱাহাটী মহানগৰীৰ চৌদিশে এতিয়া সৃষ্টি হৈছে ধুঁৱলী-কুঁৱলী পৰিৱেশ ৷ ধূলিৰ আচ্ছাদনে আৱৰি ধৰিছে সমগ্ৰ মহানগৰীক ৷ বুধবাৰে মহানগৰীত বলা এজাক বতাহৰ পাচতেই হঠাৎ সলনি হৈ পৰে গুৱাহাটীৰ আকাশ ৷ ফলত সৃষ্টি হয় চকুৰে মনিব নোৱাৰা এক পৰিস্থিতিৰ ৷ দিনতেই এতিয়া অন্ধকাৰ হৈ পৰিছে গুৱাহাটী (Very poor air quality in Guwahati) ৷  

উল্লেখ্য যে, বুধবাৰে পুৱাৰ ভাগত গুৱাহাটীৰ এয়াৰ কুৱালিটি ইনডেক্সে(Air Quality Index) অতিক্ৰম কৰে 350 ৰ মাত্ৰা ৷ অনাগত দিনত মহানগৰখনৰ এয়াৰ কুৱালিটি ইনডেক্স আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ৷ এনে পৰিস্থিতিত গুৱাহাটীবাসীয়ে কিদৰে বাহিৰলৈ ওলাই আহিব তাকে লৈ বাৰম্বাৰ ভাবিব লগা হৈছে ৷ এনে ভয়ংকৰ পৰিৱেশৰ ফলত গুৱাহাটীবাসী শ্বাস-প্ৰশ্বাসৰ সমস্যা , হাপানী , চৰ্মৰোগ , ভাইৰাছজনিত ৰোগ , ভাইৰেল জ্বৰ , এলাৰ্জি, চকুৰ ৰোগ আদিত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে (Air quality deteriorates in Guwahati)  ৷  

মন কৰিব লগীয়া যে, গুৱাহাটী মহানগৰীত ব্যাপক হাৰত বৃদ্ধি পাইছে নিৰ্মাণ কাৰ্য ৷ ফলত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা ৷ গুৱাহাটীৰ জু ৰোড, মালিগাঁও আদিত দীৰ্ঘদিন ধৰি চলি অহা উৰণীয়া সেতুৰ লগতে নদী পাৰ উন্নয়ন , গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং , বিভিন্ন স্থানত নলা নৰ্দমাৰ নিৰ্মাণকাৰ্যৰ পৰা সৃষ্টি হোৱা ধূলিয়ে যথেষ্ট পৰিমাণে বায়ু প্ৰদূষণ বৃদ্ধি কৰিছে (Construction in Guwahati) ৷  

লগতে পানীৰ পাইপ বহুৱাৰ নামত খন্দা বাট-পথৰ ধূলি তথা অত্যাধিক হাৰত চলাচল কৰা যান-বাহনৰ পৰা নিৰ্গত ধোঁৱাৰ লগতে কল-কাৰখানাৰ ধোঁৱাই কলুষিত কৰি আহিছে গুৱাহাটী মহানগৰীৰ বায়ুমণ্ডল (Air quality worsen in Guwahati) ৷ ইফালে দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাৰ ফলত শুকান হৈ পৰিছে মহানগৰীখন ৷ নিৰ্মাণ কাৰ্য চলি থকা স্থানত পানী নচটিওৱাৰ ফলতো মহানগৰীত বৃদ্ধি পাইছে ধূলিৰ মাত্ৰা ৷ সেয়েহে এতিয়া এজাক বৰষুণৰ বাবে অধিৰ আগ্ৰহেৰে বাট চাই আছে মহানগৰবাসীয়ে ৷  

লগতে পঢ়ক: Pawan Hans Helicopter Services : প্ৰথমটো যাত্ৰাত এজনো যাত্ৰী নুঠিল পৱন হংসৰ হেলিকপ্টাৰত

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.