ETV Bharat / state

দুৰ্গা দেৱীৰ নটা-ৰূপত এগৰাকী যুৱতী ভক্ত

author img

By

Published : Oct 25, 2020, 5:15 PM IST

নিভেয়া ভাৰদি নামৰ দেৱীৰ এই গৰাকী ভক্তই নিজ ঘৰতে থাকিয়েই দেৱী দুৰ্গাৰ নটা-ৰূপৰ জৰিয়তে কৰিছে ভক্তি আৰাধনা ৷ উল্লেখ্য যে, পুৰাণত উল্লেখ থকা অনুসৰি বিপদ কালত শক্তি ৰূপিনী দেৱীয়ে বিভিন্ন ৰূপ ধাৰণ কৰি ভক্তক ৰক্ষা কৰি আহিছে ৷

A devoty girl in 9 different ovotar of Ma durga
দুৰ্গা দেৱীৰ ন টা-ৰূপত ভক্ত যুৱতী

ডিব্ৰুগড়, 25 অক্টোবৰ: ক'ভিড-19 ৰ নীতি নিৰ্দেশনা আৰু প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত প্ৰায় ম্লান পৰিছে শাৰদীয় দূৰ্গোৎসৱৰ আনন্দ-উৎসাহ ৷ কৰ'ণা আতংকৰ মাজতেই সকলোৱে নিজ নিজ ভাৱে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক ভক্তি আৰাধনা কৰিছে ৷ ইয়াৰ মাজতেই দেৱী দুৰ্গাৰ ন-ৰূপৰ বেশভূষাৰ জৰিয়তে নিজ গৃহৰ পৰাই কৰ'ণা কালত দেৱীক আৰাধনা কৰিছে ডিব্ৰুগড়ৰ এগৰাকী যুৱতীয়ে ৷

A devoty girl in 9 different ovotar of Ma durga
দুৰ্গা দেৱীৰ ন টা-ৰূপত ভক্ত যুৱতী

নিভেয়া ভাৰদি নামৰ এই গৰাকী দেৱী মাৰ ভক্তই নিজ ঘৰতে থাকিয়েই দেৱী দুৰ্গাৰ নটা-ৰূপৰ জৰিয়তে কৰিছে ভক্তি আৰাধনা ৷ উল্লেখ্য যে, পুৰাণত উল্লেখ থকা অনুসৰি বিপদ কালত শক্তি ৰূপিনী দেৱীয়ে বিভিন্ন ৰূপ ধাৰণ কৰি ভক্তক ৰক্ষা কৰি আহিছে ৷ আদি শক্তি, জগত জননী মা দুৰ্গাৰ শাস্ত্ৰ অনুযায়ী ভগৱতী দুৰ্গা দেৱীৰ নটা ৰূপ পোৱা যায় ৷

A devoty girl in 9 different ovotar of Ma durga
দুৰ্গা দেৱীৰ ন টা-ৰূপত ভক্ত যুৱতী

এই ন-ৰূপ হল শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘন্টা কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী ৷ এই ন-ৰূপৰ জৰিয়তে ভক্তক দেৱী দুৰ্গাই বিভিন্ন সময়ত আৰ্শীবাদ কৰি অহা বুলিও শাস্ত্ৰত উল্লেখিত আছে ৷

A devoty girl in 9 different ovotar of Ma durga
দুৰ্গা দেৱীৰ ন টা-ৰূপত ভক্ত যুৱতী

এইবাৰ ভয়াৱহ ক'ভিড-19 সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্গা পুজাৰ উদযাপনৰ ক্ষেত্ৰত কঠোৰ নীতি-নিৰ্দেশনা প্ৰদান কৰা লগতে কৰ'ণা আতংক বাবে পূৰ্বৰ দৰে নাই উৎসাহ-উদ্দীপনা ৷ যাৰ বাবে ডিব্ৰুগড়ৰ নিভেৰা ভিৰদি নামৰ দেৱী ভক্ত যুৱতী গৰাকীয়ে নিজ ঘৰতেই দেৱীৰ ন-ৰূপৰ সাজ-সজ্জা পৰিধান, অংকন কৰি নিজে ধাৰণ কৰিছে দুৰ্গাৰ বিভিন্ন ন ৰূপ ৷

দুৰ্গা দেৱীৰ ন টা-ৰূপত ভক্ত যুৱতী

উল্লেখযোগ্য যে,শাৰদীয় দুৰ্গোৎসৱত ডিব্ৰুগড়ত প্ৰতিবছৰে অগণন ভক্ত,দৰ্শনাৰ্থীৰ সমাগম হোৱা লগতে বিভিন্ন জাকজমকতাৰে উদযাপন কৰে যদিও এইবাৰ তেনে উৎসাহ নাই ৷ তাতে প্ৰতিকূল বতৰে বাধা ম্লান পেলাইছে পূজাৰ মাদকতা ৷ তেনে সময়তে ডিব্ৰুগড়ৰ এইগৰাকী যুৱতীয়ে নিজ সাধনাৰ জৰিয়তে দেৱীৰ নটা বেশভূষা অংকন কৰি আৰাধনা কৰিছে দেৱীৰ ৷

লগতে পঢ়কঃ বাঘেশ্বৰী মন্দিৰত নৱমী পূজা সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.