ETV Bharat / state

বাঘেশ্বৰী মন্দিৰত নৱমী পূজা সম্পন্ন

author img

By

Published : Oct 25, 2020, 3:58 PM IST

বঙাইগাঁৱৰ ঐতিহাসিক শক্তিপীঠ বাঘেশ্বৰী মন্দিৰত দেওবাৰে মহা নৱমী পূজা সম্পন্ন ৷ নৱমী উপলক্ষে মন্দিৰটোত দিয়া হৈছে ম’হ বলি ৷ ক’ভিড 19 ৰ নীতি-নিয়ম মানি লোকাৰণ‍্য হৈ পৰে বাঘেশ্বৰী মন্দিৰ ।

Bagheswari Nabami puja Bongaigaon assam etv bharat news
বাঘেশ্বৰী মন্দিৰত নৱমী পূজা সম্পন্ন

বঙাইগাঁও,25 অক্টোবৰ: বঙাইগাঁৱৰ ঐতিহাসিক শক্তিপীঠ বাঘেশ্বৰী মন্দিৰত অনুষ্ঠিত হৈছে মৃণ্ময় মূৰ্তিবিহিন দুৰ্গা পূজা । প্ৰতিকুল বতৰক নেওচি মহা নৱমীৰ পূজা আগবঢ়াবলৈ শক্তিপীঠখনলৈ বৈছে ভক্তৰ সোঁত । লোকে লোকাৰণ‍্য হৈ পৰিছে বাঘেশ্বৰী মন্দিৰৰ চৌহদ ৷

Bagheswari Nabami puja Bongaigaon assam etv bharat news
ভক্তৰ ভিৰ বাঘেশ্বৰী মন্দিৰত

প্ৰায় 500 বছৰীয়া পুৰণি বঙাইগাঁৱৰ ঐতিহাসিক শক্তিপীঠখনত প্ৰাচীন পৰম্পৰা অনুসৰি মা দুৰ্গাক আৰাধনা কৰা হয় ৷ পৰম্পৰা অনুসৰি, সপ্তমী, অষ্টমী আৰু নৱমী পূজাৰ পিছত দশমীৰ দিনা মন্দিৰত থকা প্ৰাচীন তৰোৱালখন মন্দিৰৰ সমীপৰ পুখুৰীত ধোৱা হয় । পাঁচদিনীয়া এই পূজাৰ প্ৰতিদিনেই হাঁহ, পাৰ, ছাগলী আদি বলি দিয়াৰ লগতে নৱমীৰ দিনা ম’হ বলি দিয়াৰ পিছত এই কাৰ্যসূচীৰ অন্ত পৰে । অইনবাৰৰ দৰে এইবাৰো দুটাকৈ ম’হ বলি দিয়া হয় বাঘেশ্বৰী মন্দিৰত । নামনি অসমৰ অন্যতম শক্তিপীঠ মা বাঘেশ্বৰী মন্দিৰত প্ৰাচীন পৰম্পৰা অনুকৰণ কৰি দুৰ্গাদেৱীৰ মূৰ্তিৰ সলনি ৰজাদিনীয়া তৰোৱালক পূজা আগবঢ়োৱা হয় ।

বাঘেশ্বৰী মন্দিৰত নৱমী পূজা সম্পন্ন

কৰ’ণা মহামাৰীৰ আতংকৰ কাৰণে প্ৰশাসনে জাৰি কৰা নিয়ম সূচাৰু ৰূপে পালন কৰি মা দুৰ্গাক আৰাধনা কৰে ভক্তসকলে ৷ বিগত বছৰসমূহৰ তুলনাত এইবেলি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি সেৰেঙা দেখা গৈছে শক্তিপীঠখনত ৷

লগতে চাওকঃ ঐক্যৰ বাৰ্তাবাহক বঢ়মপুৰৰ এখন বিশেষ পূজা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.