ETV Bharat / health

ভাৰতত যুৱ প্ৰজন্মৰ মাজত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰ্কট ৰোগীৰ সংখ্যা - Rise in Cancer Incidences

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 12:34 PM IST

CANCER MUKT BHARAT: দেশজুৰি ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা । শেহতীয়া এক তথ্য অনুসৰি পোহৰলৈ আহিছে এক উদ্বেগজনক তথ্য ৷ এটা এনজিঅ'-পৰিচালিত হেল্পলাইনত ফোন কৰা কমেও 20% কৰ্কট ৰোগীৰ বয়স 40 বছৰৰ অনুৰ্ধৰ আছিল ৷

CANCER MUKT BHARAT
ভাৰতত যুৱ প্ৰজন্মৰ মাজত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰ্কট ৰোগীৰ সংখ্যা (ETV BHARAT ENGLISH)

দেশজুৰি কৰ্কট ৰোগৰ ভয়াৱহতাৰ সন্দৰ্ভত বিভিন্ন বাতৰি প্ৰকাশ হৈ থকাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ কৰ্কট ৰোগৰ প্ৰভাৱ দেশৰ ভিতৰতে সৰ্বাধিক । কিন্তু আপোনালোকে জানেনে কৰ্কট ৰোগৰ কৰাল গ্ৰাসত পৰিছে ভাৰতৰ যুৱ প্ৰজন্ম ৷

শেহতীয়া এক তথ্যত প্ৰকাশ পোৱা অনুসৰি, কিছু বেচৰকাৰী সংস্থাই পৰিচালন কৰা হেল্পলাইনত সহায় বিচাৰি ফোন কৰা কৰ্কট ৰোগীৰ 20 শতাংশৰে বয়স 40 বছৰৰ তলত ৷ ইয়াৰ পিচতে পোহৰলৈ আহিছে যে, সাম্প্ৰতিক সময়ত কম বয়সীয়া লোকসকলৰ মাজত কৰ্কট ৰোগৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি হৈছে ৷

কৰ্কট মুক্ত ভাৰত ফাউণ্ডেছনৰ মতে, 1 মাৰ্চৰ পৰা 15 মে'ৰ ভিতৰত 1,368 জন লোকে কৰ্কট ৰোগৰ সন্দৰ্ভত পৰামৰ্শ বিচাৰি ফোন কৰিছে ৷ এই তথ্যত দেখুওৱা অনুসৰি 40 বছৰৰ তলৰ কৰ্কট ৰোগীৰ 60 শতাংশ পুৰুষ আছিল । আটাইতকৈ প্ৰচলিত কৰ্কট ৰোগ হৈছে মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগ (26 শতাংশ) ৷ ইয়াৰ পিছত আছে গেষ্ট্ৰোইনটেষ্টিনেল কৰ্কট (16 শতাংশ), স্তন কৰ্কট (15 শতাংশ) আৰু তাৰ পিছত ৰক্ত কৰ্কট (9 শতাংশ) ।

ইয়াৰে ভিতৰত সৰ্বাধিক সংখ্যক ফোন আছিল হায়দৰাবাদৰ ৷ তাৰ পিছতেই মিৰাট, মুম্বাই আৰু নতুন দিল্লীৰ পৰা কৰা হৈছিল বুলি এন জি অ' টোৱে এক বিবৃতিত প্ৰকাশ কৰে । ৰোগীসকলে বিনামূলীয়াকৈ মতামত বিচাৰিবলৈ হেল্পলাইন নম্বৰ (93-555-20202) মুকলি কৰা হৈছিল । সোমবাৰৰ পৰা শনিবাৰৰ ভিতৰত পুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈ এই ফোনকলসমূহ কাৰ্যক্ষম হৈ আছিল ৷

কৰ্কট মুক্ত ভাৰত অভিযানৰ নেতৃত্ব দি থকা মুখ্য অনুসন্ধানকাৰী আৰু জ্যেষ্ঠ অংকলজিষ্ট ডাঃ আশীষ গুপ্তাই কৈছিল যে, হেল্পলাইন নম্বৰটো মুকলি হোৱাৰ পিছৰে পৰাই ই সমগ্ৰ ভাৰতৰপৰা কৰ্কট ৰোগীসকল ফোনকল কৰিবলৈ আৰম্ভ কৰিছে ৷

ডাঃ গুপ্তাই লগতে কয়, "এই অধ্যয়নে ভাৰতক 'কৰ্কট মুক্ত' কৰাত সহায় কৰিব । ভাৰতত মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা আটাইতকৈ বেছি ৷ ইয়াক জীৱনশৈলীৰ পৰিৱৰ্তন, টীকাকৰণ আৰু স্ক্ৰীনিঙৰ দ্বাৰা প্ৰায় সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিব পাৰি ।

প্ৰাৰম্ভিক পৰ্যায়ত কৰ্কট ৰোগ ধৰা পেলোৱাৰ বাবে স্তন আৰু মলাশয়ৰ কৰ্কট ৰোগৰ অতি কাৰ্যকৰী স্ক্ৰীনিং কৌশল হাতত লোৱা হৈছিল । কিন্তু দুৰ্ভাগ্যবশতঃ ভাৰতত সঠিক স্ক্ৰীনিং কমকৈ কৰাৰ ফলত প্ৰায় 2/3 ভাগ কৰ্কট ৰোগ পলমকৈ ধৰা পৰে ৷

এই তথ্যত উল্লেখ কৰা অনুসৰি, ভাৰতত ধৰা পৰা প্ৰায় 27 শতাংশ ৰোগী কৰ্কট ৰোগৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত আছে ৷ আনহাতে, 63 শতাংশ কৰ্কট ৰোগৰ তৃতীয় বা চতুৰ্থ পৰ্যায়ত আছে । কৰ্কট ৰোগীসকলৰ আটাইতকৈ সচৰাচৰ প্ৰশ্নটো আছিল, তেওঁলোকৰ ৰোগৰ সঠিক চিকিৎসা আৰু আপটুডেট আছিল নে নাই নিশ্চিত কৰা ।

কৰ্কট মুক্ত ভাৰত অভিযানৰ লক্ষ্য হৈছে, শিক্ষা আৰু আগতীয়াকৈ চিনাক্তকৰণৰ জৰিয়তে কৰ্কট ৰোগৰ ৰোগী আৰু প্ৰভাৱ হ্ৰাস কৰা বুলি ডাঃ গুপ্তাই জানিবলৈ দিয়ে ৷ 67 শতাংশই কৰ্কট ৰোগীয়ে ব্যক্তিগত চিকিৎসালয়ত কৰ্কট ৰোগৰ চিকিৎসা গ্ৰহণ কৰি আছিল । যদিও 33 শতাংশ ৰোগীয়েহে চৰকাৰী চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছিল ৷

ডাঃ আশীষ গুপ্তাই লগতে কয়, "আমাৰ দেশত মেদবহুলতাৰ হাৰ বৃদ্ধি, খাদ্যাভ্যাসৰ পৰিৱৰ্তন, বিশেষকৈ অতি-সংসাধিত খাদ্যৰ ব্যৱহাৰ বৃদ্ধি আৰু বহিৰাগত জীৱনশৈলীও কৰ্কট ৰোগৰ হাৰৰ কাৰক । আমি এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিব লাগিব ৷ যুৱ প্ৰজন্মত কৰ্কট ৰোগৰ আশংকা প্ৰতিহত কৰিবলৈ ধঁপাত আৰু সুৰাৰ ব্যৱহাৰ পৰিহাৰ কৰিব লাগিব" ৷

লগতে পঢ়ক: ABV Regional Cancer Centre: ত্ৰিপুৰাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.