ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Jul 14, 2022, 9:08 AM IST

top-10-at-9-am
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

Drugs Paddler Arrested: ধুবৰীত গ্ৰেপ্তাৰ তিনি ড্ৰাগছ মাফিয়া

ৰাজ্যত অব্যাহত আছে নৱপ্ৰজন্মক কৰাল গ্ৰাসত পেলোৱা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ শেহতীয়াকৈ ধুবুৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল ড্ৰাগছ সহ তিনিজন ড্ৰাগছ মাফিয়া (Three drug Paddler arrested with drugs in Dhubri)। ধুবুৰী থানাৰ অন্তৰ্গত শৌলমাৰী আৰক্ষী নিৰীক্ষণ চকী এলেকাৰ দেৱত্তৰ হাসদহ দ্বিতীয় খণ্ড গাঁও আৰু ধুবুৰী এ এম কো ৰোড বজাৰ আৰক্ষী চকী এলেকাৰ আই জি ৰোডত আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলায় ৷

Himanta meets Mamta: দাৰ্জিলিঙত মমতা বেনাৰ্জীৰে মিলিত ড৹ হিমন্ত বিশ্ব শৰ্মা

‘‘অসমৰ বহু মানুহ পশ্চিম বংগত থাকে আৰু পশ্চিমবংগৰো বহু মানুহ অসমত থাকে ৷ গতিকে দুয়োখন চৰকাৰৰ মাজত সু-সম্পৰ্ক থকাৰ দৰকাৰ ৷’’ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা সাক্ষাতৰ অন্তত এইদৰে ক’লে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷

আইজনী আলফালৈ যাব নালাগে, জেইলতে থাক: DGP

"আইজনী আলফালৈ যাব নালাগে, জেইলতে থাক ৷ সেইটোহে ভাল কৰিছো ৷ মই গম পোৱা মতে আলফালৈ যাবলৈ তৎ নোহোৱা হৈছিল ৷ আমি কবিতাৰ কাৰণে আটক কৰা নাই তাইক ৷ এইবোৰ মিছা কথা ৷ কবিতা লিখক, কবিতা লিখাত আমাৰ একো আপত্তি নাই ৷ কিন্তু মই আলফালৈ যাব লাগে, লোককো আলফালৈ নিব লাগে সেইবুলি লিখি থৈছে ৷ সেইবোৰ অত্যাচাৰখন কৰিলেহে বিপদ ৷

Road accident at Moran : মৰাণত সুৰামত্ত চালকৰ দৌৰাত্ম্য

মৰাণত অঘটন ৷ বুধবাৰে নিশা মৰাণ নগৰৰ মাজ মজিয়াত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident at Moran) । প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, মৰাণ নগৰৰ মাজ ৰাস্তাতে থকা এটা কাৰেণ্টৰ প’ষ্টত AS06 Q 0092 নম্বৰৰ এখন বলেৰ' পিকআপ বাহনে খুন্দা মাৰে ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণভাৱে ভাঙি যায় ৷ অৱশ্যে এই দুৰ্ঘটনা সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে বাহনৰ চালকজন ৷ আনহাতে, স্থানীয় একাংশ লোকৰ মতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালকে মাদক দ্ৰব্য সেৱন কৰি চলাইছিল গাড়ী (Driving under influence of alcohol) ৷ আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে সুৰাৰ বটল ৷

কৰিমগঞ্জত কন্যা সন্তান জন্ম দিয়াৰ বাবে বোৱাৰীক হত্যা

কন্যা সন্তান জন্ম দিয়াৰ বাবে কৰিমগঞ্জত বোৱাৰী হত্যা । এচিড খুৱাই পত্নীক হত্যাৰ অভিযোগ নিজ স্বামী ছাকিল আহমেদৰ লগতে পৰিয়ালটোৰ বিৰুদ্ধে(Family suspects murder by husband and his family) ।

Rainwater conservation program: বৰষুণৰ পানী সংৰক্ষণক লৈ যোৰহাটত সজাগতামূলক অনুষ্ঠান

যোৰহাটত বৰষুণৰ পানী সংৰক্ষণ আঁচনি ৰূপায়ণ শীৰ্ষক সজাগতামূলক অনুষ্ঠান (Awareness program for rainwater conservation) ৷ যোৰহাট মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এই সজাগতামূলক অনুস্থানত বৰষুণৰ পানী সংৰক্ষণ, ভূ-গৰ্ভলৈ পানী পুনৰ ভৰণ আদি সম্পৰ্কীয় বিষয় আলোচনা কৰা হয় ৷

Barshashree in Jail: এটা বিতৰ্কিত পোষ্টৰ বাবে কাৰাগাৰত বৰ্ষাশ্ৰী

টীয়ক কাৱৈমাৰীৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ স্নাতক শাখাৰ ছাত্ৰী গৰাকীয়ে নিজৰ ফেচবুকত আপলোড কৰিছিল এটা পোষ্ট ৷ য’ত তেওঁ লিখিলছিল ‘‘বিপ্লৱী মনটোক যেতিয়া বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিয়া হয়, তেনেহ’লে মই এনেকুৱা হাজাৰটা ৰাষ্ট্ৰদ্ৰোহ কৰি যাম’’ ৷ সেই পোষ্টটো প্ৰচাৰ হোৱাৰ পাচতেই আৰক্ষীয়ে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰি বিগত দুমাহে বন্দী কৰি ৰাখিছে (Barshashree Burhagohain in jail) ৷ এতিয়া সমগ্ৰ ৰাজ্যতে ই ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ৷

আমাৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা ভাবি তাইক মুক্তি দিয়ক: বৰ্ষাশ্ৰীৰ পিতৃ-মাতৃ

ফেচবুকত এটা পোষ্ট লিখি দুমাহ কাৰাগাৰত বন্দী টীয়কৰ মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী (Barshashree Burhagohain in jail) ৷ অহা ১৬ জুলাইৰ পৰা তেওঁৰ ষান্মাসিক পৰীক্ষা ৷ ছাত্ৰীগৰাকীক শীঘ্ৰেই মুক্তি দি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান পিতৃ-মাতৃৰ ৷

Foreign cigarettes seized: টীয়কত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ

টীয়কৰ লাহদৈগড়ত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ (Foreign cigarettes seized at Lahdoigarh) ৷ বুধবাৰে গোলাঘাটৰ পৰা তিনিচুকীয়া অভিমুখে আহি থকা এখন বাহনত লাহদৈগড় আৰক্ষীয়ে অভিযান চলাই ৩৫ কাৰ্টন বিদেশী চিগাৰেট জব্দ কৰে (Foreign cigarettes seized by Lahdoigarh police) ৷ লগতে দুজন যুৱকক আটক কৰে ৷ আটকাধীন যুৱক দুজন গোলাঘাটৰ ৰন্টু বৰুৱা আৰু মানস বৰা বুলি জানিব পৰা গৈছে ৷

Presidential Election : দেশবাসীক পুতলা ৰাষ্ট্ৰপতিৰ প্ৰয়োজন নাই: যশোৱন্ত সিনহা

যশোৱন্ত সিনহাই ৰাষ্ট্ৰপতি নির্বাচনৰ বিজেপি আৰু সহযোগী দলসমূহৰ উমৈহতীয়া প্রার্থী দ্রৌপদী মুর্মুক আক্ৰমণ কৰি কয়, "তেওঁ ক'তো সাংবাদিকৰ আগত এটা শব্দ বিনিময় কৰা নাই । তেওঁ দেশৰ মৌন ৰাষ্ট্ৰপতি হ'ব নেকি ? নে ৰাবাৰ ষ্ট্ৰাম্প ৰাষ্ট্ৰপতি হ'ব (Draupadi Murmu will be rubber stump President) ? দেশবাসীক পুতলা ৰাষ্ট্ৰপতিৰ প্ৰয়োজন নাই ।"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.