ETV Bharat / city

Barshashree in Jail: এটা বিতৰ্কিত পোষ্টৰ বাবে কাৰাগাৰত বৰ্ষাশ্ৰী

author img

By

Published : Jul 13, 2022, 5:27 PM IST

Updated : Jul 13, 2022, 8:37 PM IST

টীয়ক কাৱৈমাৰীৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ স্নাতক শাখাৰ ছাত্ৰী গৰাকীয়ে নিজৰ ফেচবুকত আপলোড কৰিছিল এটা পোষ্ট ৷ য’ত তেওঁ লিখিলছিল ‘‘বিপ্লৱী মনটোক যেতিয়া বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিয়া হয়, তেনেহ’লে মই এনেকুৱা হাজাৰটা ৰাষ্ট্ৰদ্ৰোহ কৰি যাম’’ ৷ সেই পোষ্টটো প্ৰচাৰ হোৱাৰ পাচতেই আৰক্ষীয়ে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰি বিগত দুমাহে বন্দী কৰি ৰাখিছে (Barshashree Burhagohain in jail) ৷ এতিয়া সমগ্ৰ ৰাজ্যতে ই ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ৷

Barshashree in Jail
Barshashree in Jail

নিউজ ডেস্ক, 13 জুলাই: বহুতে কৈছে তাই নিৰ্দোষী, আন বহুতৰ মতে আকৌ তাইক জেলতেই ৰাখিব লাগে ৷ মুঠতে আজি চৰ্চা কেৱল তাইক লৈ (Demand for free Barshashree) ৷ দুমাহ আগতে যেতিয়া তাইক বন্দীশালত ভৰাই থোৱা হৈছিল তেতিয়া কিন্তু বিষয়টো কোনোৱেই গুৰুত্ব দিয়া নাছিল ৷ আজি তাইৰ মুক্তি বিচাৰি মাত মাতিছে বহুতেই, ফেচবুক ভৰি পৰিছে তাইৰ বিষয়ে কৰা চৰ্চাৰে ৷ সেই তাই জনী হৈছে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই ৷ যাক এটা ফেচবুক পোষ্টৰ বাবে দোষী সাব্যস্ত কৰি কাৰাবন্দী কৰি ৰখা হৈছে বিগত দুমাহে (Barshashree Burhagohain in jail) ৷

Barshashree in Jail
এটা বিতৰ্কিত পোষ্টৰ বাবে কাৰাগাৰত বৰ্ষাশ্ৰী

টীয়ক কাৱৈমাৰীৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ স্নাতক শাখাৰ ছাত্ৰী গৰাকীয়ে নিজৰ ফেচবুকত আপলোড কৰিছিল এটা পোষ্ট ৷ য’ত তেওঁ লিখিলছিল ‘‘বিপ্লৱী মনটোক যেতিয়া বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিয়া হয়, তেনেহ’লে মই এনেকুৱা হাজাৰটা ৰাষ্ট্ৰদ্ৰোহ কৰি যাম’’ ৷ যোৱা 8 এপ্ৰিলত কৰা সেই পোষ্টটোৰ পাচতেই আৰক্ষীয়ে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰি বিগত দুমাহে বন্দী কৰি ৰাখিছে (Barshashree Burhagohain in jail) ৷ বৰ্ষাশ্ৰী হৈছে যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ গণিত বিভাগৰ স্নাতক দ্বিতীয় ষাণ্মাষিকৰ ছাত্ৰী ৷

উল্লেখ্য যে, নিজৰ লেখা-মেলাৰ জৰিয়তে ছাত্ৰীগৰাকীয়ে যুৱচামক বিপ্লৱমুখী হ’বলৈ প্ৰেৰণা যোগোৱা বুলি এক অভিযোগ উত্থাপিত হৈছিল ৷ সূত্ৰৰ খবৰ অনুসৰি প্ৰথমাৱস্থাত আৰক্ষীয়ে তেওঁক বুজাই-বঢ়াই পঠিয়াই দিয়ে ৷ কিন্তু তথাপিতো থমকি ৰোৱা নাছিল বৰ্ষাশ্ৰীৰ কলম ৷ পৰৱৰ্তী সময়ত যোৱা 3 মে’ত পুনৰ তেনে এটা বিপ্লৱধৰ্মী কবিতা লিখাৰ বাবে উৰিয়ামঘাট আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তেওঁক জেললৈ প্ৰেৰণ কৰে ৷

যোৱা 18 মে’ত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল বৰ্ষাশ্ৰীক ৷ সেইসময়ত এই বিষয়টোৱে কোনো গুৰুত্ব লাভ কৰা নাছিল যদিও এতিয়া সমগ্ৰ ৰাজ্যতে ই ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ৷ ৰাজ্যৰ একাংশ সাংবাদিক, ৰাজনৈতিক নেতা, দল-সংগঠনৰ নেতা তথা বহু সাধাৰণ লোকে নিজ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰৰ প্ৰসংগত ৷ বহুতেই বিষ্ণু ৰাভা, অম্বিকাগিৰি ৰায় চৌধুৰীৰ উদ্ধৃতি দি ছাত্ৰী গৰাকীক মুকলি কৰি দিয়াৰ আহ্বান জনাইছে ৷ কিয়নো অহা 18 জুলাইৰ পৰা অনুষ্ঠিত হ’ব তেওঁৰ স্নাতক শাখাৰ দ্বিতীয় ষাণ্মাষিকৰ পৰীক্ষা ৷

বহুতেই মন্তব্য কৰিছে যে, নিষিদ্ধ ঘোষিত এটা সংগঠনৰ মুৰব্বীক ‘ডাঙৰীয়া’, ‘মহাশয়’ আদি শব্দৰে সম্বোধন কৰাৰ পাচতো কিন্তু বহুলোক মুকলিভাৱেই ঘূৰি ফুৰিছে ৷ আনকি আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাক ক্ষমা বিচৰাৰ পাচতো কেৱল ৰাজনৈতিকভাৱে শক্তিশালী হোৱা বাবেই ৰাজপাট দখল কৰি থাকিব পাৰিছে অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীয়ে তেওঁক কাৰণ দৰ্শোৱা জাননী দিছিল আৰু তেওঁ যি কাৰণ দিছিল, তাত মুখ্যমন্ত্ৰী সন্তুষ্ট হোৱা বুলিও জনাইছিল ৷

এই ঘটনাক্ৰমৰ উদাহৰণেৰে বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে, কেৱল সাধাৰণ নাগৰিকে কৰা দোষহে আইনৰ চকুত দোষ নেকি ? ৰজাঘৰীয়া বা প্ৰতিপত্তিশালী লোকে কৰা দোষবোৰ আইনৰ সুৰুঙাৰে কেনেকৈ সাৰি যায় ? বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো বৰ্ষাশ্ৰীক জামিন প্ৰদানৰ বাবে চৰকাৰক আহ্বান জনাইছে ৷ প্ৰয়োজনত বৰ্ষাশ্ৰীৰ পৰিয়ালক আইনী সাহায্য প্ৰদানৰো আশ্বাস দিয়ে শইকীয়াই ৷

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য

শেহতীয়াকৈ অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে এটা টুইট কৰি জনাইছে যে, বহুতে চৰ্চা কৰি থকাৰ দৰে কবিতা লিখাৰ বাবে নহয়, ‘‘ৰাষ্ট্ৰদ্ৰোহ কৰিম’’ বুলি কোৱা মন্তব্যটোৰ বাবেহে বৰ্ষাশ্ৰীক কাৰাবন্দী কৰি ৰখা হৈছে ৷ তেওঁ কয়, ‘‘যেতিয়া কোনোবাই ৰাজহুৱাভাৱে কোনো নিষিদ্ধ সংগঠনক সমৰ্থন জনাই ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ উদ্দেশ্য ঘোষণা কৰে, তেতিয়া আমি সেই ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ চলাবলৈ আইনগতভাৱে বাধ্য । যথাযথ প্ৰক্ৰিয়াৰ পিছত যোগ্য আদালতত অভিযোগনামা দাখিল কৰিব লাগিব । আইনক নিজৰ দায়িত্ব ল’বলৈ দিয়ক’’ ।

  • When someone publicly professes support for a banned organisation and declares intent of waging war against the Indian state, we are legally bound to prosecute that person. Following due process, charge sheet shall be filed in competent court of law. Let the law take its own.

    — GP Singh (@gpsinghips) July 13, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ হোৱাৰ পাচত এতিয়া চৰকাৰ আৰু প্ৰশাসন অথবা ন্যায় ব্যৱস্থাই এই ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ’ব ৷

লগতে পঢ়ক : মানসিক স্বাস্থ্যৰ প্ৰতি সজাগ নোহোৱাৰ বাবেই আত্মহত্যাৰ দৰে ঘটনা ঘটে : আলোকিতা বৰুৱা

Last Updated : Jul 13, 2022, 8:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.