ETV Bharat / state

Dhubri ASTC : ASTC ৰ মাটি বণিক গোষ্ঠীক গটোৱাৰ বিৰুদ্ধে ধুবুৰীত প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 8:18 AM IST

ধুবুৰীৰ অসম পৰিবহণ নিগম চৰকাৰী বাছ আস্থানত যাত্ৰীৰ প্ৰতিবাদ । পৰ্যপ্ত পৰিমাণৰ বাছ সেৱাৰ পৰা বঞ্চিত হোৱাৰ লগতে অসম পৰিবহণ নিগমৰ মাটি বণিয়াক গটোৱাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।

protest against irregular bus services in Dhubri ASTC
ASTC ৰ মাটি বণিয়া গোষ্ঠীক গটোৱাৰ বিৰুদ্ধে ধুবুৰীত প্ৰতিবাদ

ASTC ৰ বিৰুদ্ধে ধুবুৰীত প্ৰতিবাদ

ধুবুৰী, 6 ছেপ্টেম্বৰ: অসম ৰাজ্যিক পৰিবহণ নিগমৰ মাটি ৰাজ্য চৰকাৰে গটালে বণিক গোষ্ঠীক ! অসম ৰাজ্যিক পৰিবহণ নিগম আস্থানত যাত্ৰীৰ প্ৰতিবাদ ৷ ধুবুৰীত অসম ৰাজ্যিক পৰিবহণ নিগমৰ দূৰণিবটীয়া বাছ সেৱা নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজ তথা ভুক্তভোগী যাত্ৰীসকলে । ধুবুৰী চহৰৰ একাংশ যাত্ৰীয়ে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ধুবুৰী চৰকাৰী বাছ আস্থানত মঙলবাৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

উল্লেখ্য যে, ধুবুৰী ৰাজ্যিক পৰিবহণ নিগম বাছ আস্থানৰ পৰা নলবাৰী, গুৱাহাটী, শিলিগুড়িকে ধৰি অসম আৰু পশ্চিমবংগৰ বিভিন্ন ঠাইলৈ চলিছিল অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙা বাছ আৰু ASTC ৰ অধীনৰ যাত্ৰীবাহী বাছ । কিন্তু বৰ্তমানে ধুবুৰী-শিলিগুড়ি বাছখনৰ চলাচল বন্ধ থকাৰ বিপৰীতে ধুবুৰী-নলবাৰী আৰু ধুবুৰী-গুৱাহাটীৰ মাজত চলাচল কৰা বাছ দুখনো একেবাৰে অনিয়মীয়া হৈ পৰা বুলি ভুক্তভোগীয়ে জনায় । যাৰ ফলত ধুবুৰীৰ পৰা নলবাৰী, শিলিগুড়ি আৰু গুৱাহাটীলৈ যাব লগীয়া যাত্ৰীসকলে হাহাকাৰ পৰিস্থিতিৰ মুখামুখি হ’বলগীয়াত পৰিছে ।

এই বাছসমূহ নিয়মীয়াকৈ চলাচল কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হয় । ইয়াৰোপৰি, ASTC চৰকাৰী বাছ আস্থান পুঁজিপতি গোষ্ঠীৰ হাতত গতাই দিয়া বুলিও অভিযোগ তোলে যাত্ৰীসকলে ৷ উক্ত স্থানত পেট্ৰ’ল পাম্প নিৰ্মাণ কৰা বুলি জানিবলৈ দিয়ে যাত্ৰীসকলে । চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যক তীব্র সমালোচনা কৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে, অসম পৰিবহণ নিগমৰ ডিপোত দুটাকৈ পেট্ৰ’ল পাম্প বহুৱাৰ বাবে চৰকাৰে কোনো পুঁজিপতি গোষ্ঠীক মাটি লিজত দিয়ে বুলি অভিযোগ উঠিছে । ইতিমধ্যে এটা পেট্ৰ’ল পাম্প সম্পূৰ্ণ হৈ উঠাৰ বিপৰীতে আন এটা পেট্ৰ’ল পাম্পৰ নিৰ্মাণ কাৰ্য চলি আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Silsako eviction : শিলসাঁকোত নিমাওমাও পৰিৱেশ, এখন তিৰপালৰ তলতেই উচ্ছেদিতই পাৰ কৰিছে বিনিদ্ৰ ৰজনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.