ETV Bharat / state

Silsako eviction : শিলসাঁকোত নিমাওমাও পৰিৱেশ, এখন তিৰপালৰ তলতেই উচ্ছেদিতই পাৰ কৰিছে বিনিদ্ৰ ৰজনী

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 11:00 PM IST

শিলসাঁকোৰ চৌদিশে কেৱল ধ্বংসস্তুপ আৰু ধ্বংসস্তুপ। দুদিন আগলৈ মানুহৰে ভৰি থকা শিলসাঁকোত নিমাওমাও পৰিৱেশ। সপোনৰ ঘৰখন চকুৰ সন্মুখতে ভাঙি পেলোৱাৰ পিচত আশ্ৰয়বিহীন হৈ পৰা উচ্ছেদিত বহু লোকে এতিয়াও উচ্ছেদিত স্থানত সাধাৰণ এখন তিৰপালৰ তলতেই পাৰ কৰিছে বিনিদ্ৰ ৰজনী।

Silsako eviction
এখন তিৰপালৰ তলতেই উচ্ছেদিতই পাৰ কৰিছে বিনিদ্ৰ ৰজনী

গুৱাহাটী, ৫ ছেপ্টেম্বৰ: ৰাইজৰ প্ৰবল প্ৰতিবাদকো উফৰাই যোৱা তিনিটা দিনত শিলসাঁকোত বেদখল মুক্ত কৰা হল প্ৰায় ডেৰশ বিঘা ভূমি। প্ৰশাসনৰ বুলড'জাৰে টচনচ কৰি পেলালে শিলসাঁকোৰ বেদখল কৃত প্ৰায় ২৯০ টা ঘৰ। শিলসাঁকোত এতিয়া বেদখলকাৰী একপ্ৰকাৰ শূণ্য।

এতিয়া শিলসাঁকোৰ চৌদিশে কেৱল ধ্বংসস্তুপ আৰু ধ্বংসস্তুপ। দুদিন আগলৈ মানুহৰে ভৰি থকা শিলসাঁকোত নিমাওমাও পৰিৱেশ। অৱশ্যে তাৰ মাজতে নিজৰ ঘৰ মাটি হেৰুৱাৰ পিছতো সেই স্থান এৰিবলৈ অনিচ্ছুক উচ্ছেদিত একাংশ লোক। নিজৰ কষ্টোপাৰ্জিত ধনেৰে সজোৱা সপোনৰ ঘৰখন চকুৰ সন্মুখতে ভাঙি পেলোৱাৰ পিচত আশ্ৰয়বিহীন হৈ পৰা উচ্ছেদিত বহু লোকে এতিয়াও উচ্ছেদিত স্থানত সাধাৰণ এখন তিৰপালৰ তলতেই পাৰ কৰিছে বিনিদ্ৰ ৰজনী।

Silsako eviction
এখন তিৰপালৰ তলতেই উচ্ছেদিতই পাৰ কৰিছে বিনিদ্ৰ ৰজনী

প্ৰশাসনৰ এই অমানৱীয় উচ্ছেদৰ ফলত দিক বিদিক হেৰুৱাই পেলোৱা এইসকল লোকে এতিয়া ক’ত যাব, ক’ত থাকিব তাক লৈ দুঃচিন্তাত পৰিছে। ইফালে সোমবাৰৰ পৰা শিলসাঁকোত উচ্ছেদ কাৰ্য সম্পূৰ্ণ বন্ধ ৰাখি জি এম ডি এ স্থায়ী ফেন্সিং বেৰৰ ব্যৱস্থা কৰিছে। জাতি, মাটি, ভেটিৰ শ্লোগান দি দিছপুৰৰ মচনদ দখল কৰা বিজেপি চৰকাৰখনে বানমুক্ত গুৱাহাটীৰ স্বাৰ্থত ইফালৰ পৰা ভাঙি পেলালে থলুৱা লোকৰ ঘৰ।খিলঞ্জীয়াৰ অধিকাৰৰ কথা কোৱা এই চৰকাৰখনৰ দিনত হেৰুৱালে অসমৰ খিলঞ্জীয়াই মাটি -ভেঁটি ৷

ৰাইজৰ প্ৰশ্ন, এইখন বণিয়াৰ নে থলুৱাৰ চৰকাৰ। পুঁজিপতিৰ বৃহৎ বৃহৎ অট্টালিকাক সুৰক্ষা দিয়াৰ স্বাৰ্থ ত শিলসাঁকো ত বছৰ বছৰ ধৰি বসবাস কৰি অহা লোকক থলুৱা লোকক উচ্ছেদ কৰি বীৰত্ব দেখুৱা চৰকাৰখনে হোটেল জিনজাৰ হোটেল, অমিয় কুমাৰ দাস ইনষ্টিটিউট, সু-উচ্চ অট্টালিকা আইডেল হিল ভিউ ভাঙিবলৈ সাহস কৰিবনে ?

লগতে পঢ়ক: Assam Police constable: গায়ত্ৰী হাজৰিকাক শিলসাঁকোৰ উচ্ছেদত নিয়োজিত কৰা হোৱা নাছিল: মহানগৰ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.