ETV Bharat / state

সাংসদ আব্দুল খালেকৰ লক্ষ্য ধুবুৰী লোকসভা সমষ্টি

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 10:54 PM IST

MP Abdul Khalek
সাংসদ আব্দুল খালেকৰ লক্ষ্য ধুবুৰী লোকসভা সমষ্টি

MP Abdul Khaleque : এইবাৰ আজমলৰ বিদায় নিশ্চিত বুলি দাবী কৰিছে সাংসদ আব্দুল খালেকে । হিমন্ত বিশ্ব শৰ্মাক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কোৱা আজমলে বিৰোধী হৈও বিৰোধীৰ ভূমিকা দেখুওৱা নাই বুলি কৈছে খালেকে ৷

সাংসদ আব্দুল খালেকৰ লক্ষ্য ধুবুৰী লোকসভা সমষ্টি

ধুবুৰী, 5 জানুৱাৰী: আগন্তক লোকসভা নিৰ্বাচনক লৈ কংগ্ৰেছ দল সম্পূৰ্ণৰূপে সাজু । দেশ তথা অসমতো সাজু, ধুবুৰীতো কংগ্ৰেছ সাজু নিৰ্বাচন খেলিবলৈ ।

‘‘ এই নিৰ্বাচন দেশৰ অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন । কাৰণ নৰেন্দ্ৰ মোদী চৰকাৰৰ শাসনত অতিষ্ঠ হৈ পৰিছে দেশৰ জনগণ ।’’ লোকসভা নিৰ্বাচনী তৎপৰতা অব্যাহত থকাৰ সময়তে নিশা হঠাৎ দলীয় ৰাজনৈতিক অংক লৈ ধুবুৰী উপস্থিত হৈ এই মন্তব্য কৰে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে ।

উল্লেখ্য যে, ধুবুৰী লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ ১২ গৰাকীকৈ প্ৰাৰ্থীয়ে দলীয় টিকট বিচাৰি আবেদন কৰিছে যদিও মূলতে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী হিচাবে নাম পোহৰলৈ আহিছে সাংসদ আব্দুল খালেক, বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী আৰু বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নাম ।

তেনে সময়তে দলীয় ৰাজনৈতিক অংক লৈ যোৱা নিশা হঠাৎ ধুবুৰীত উপস্থিত হৈ আজি ধুবুৰী ৰাজীৱ ভৱনত দলীয় কৰ্মকৰ্তাৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় সাংসদ আব্দুল খালেক । ইপিনে সাংবাদিকৰ প্ৰশ্নোত্তৰত সাংসদ আব্দুল খালেকে বিগত পোন্ধৰটা বছৰে ৰাজত্ব কৰা এ আই ইউ ডি এফ প্ৰধান সাংসদ বদৰুদ্দিন আজমলৰ বাবে ধুবুৰী দুৰ্গ বুলি স্বীকাৰ কৰে যদিও এইবেলি আজমলৰ বিদায় নিশ্চিত বুলি দাবী কৰি আজমলক তীব্ৰ সমালোচনা সাংসদ আব্দুল খালেকে ।

ইয়াৰোপৰি বিৰোধী সাংসদ হিচাবে আজমলৰ কোনো বিৰোধী ভূমিকা তথা চৰিত্ৰ দেখিবলৈ পোৱা নাই বুলি মন্তব্য কৰি লগতে কয়, ‘‘ আজিলৈকে এনেকুৱা বিৰোধী দেখা নাই, যিয়ে শাসকীয় দলৰ মুখ্যমন্ত্ৰীক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ক’ব পাৰে । বিৰোধী হৈও বিৰোধীৰ ভূমিকা দেখুওৱা নাই আজমলে ।’’

সাংসদ আব্দুল খালেকে মুখ্যমন্ত্ৰীৰ সৈতে আজমলৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলি কৈ কয়, ‘‘ মুখ্যমন্ত্ৰী হিমন্তৰ শ্ৰুতলিপি মতেই আজমলে ৰাজনীতি কৰি আহিছে । পিছে এইবেলি পোন্ধৰ বছৰৰ হিচাপ বিচাৰি ৰাইজে আজমলক বিদায় দিব ৷’’ ইপিনে আজমলে এইবেলি নিজৰ নিশ্চিত পৰাজয় বুলি গম পায়েই মিত্ৰতাৰ নামত কংগ্ৰেছক ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰিছিল বুলি কয় কংগ্ৰেছ নেতা, সাংসদ আব্দুল খালেকে ।

আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিবলৈ গৈ সম্প্ৰদায়িকতা, মেৰুকৰণৰ ৰাজনীতি কৰি অহাৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীৰ ৷ সাম্প্ৰদায়িকতা আৰু মেৰুকৰণৰ ৰাজনীতি কৰি ৰাইজক ব্যস্ত ৰাখি নিজৰ সম্পত্তি গোটোৱাৰ চেষ্টা চলাইছে বুলি মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ বিৰুদ্ধে মন্তব্য কৰে সাংসদগৰাকীয়ে ।

ইপিনে আলফা-চৰকাৰৰ মাজত হোৱা শান্তি চুক্তি সম্পৰ্কে সাংসদ আব্দুল খালেকে কয়, ‘‘ পৰেশ বৰুৱা অবিহনে শান্তি চুক্তি নহয় ।’’ এই প্ৰসংগত চৰকাৰী পক্ষক সমালোচনা কৰে সাংসদ আব্দুল খালেকে । ইপিনে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰসংগ উপস্থাপন কৰি সাংসদ আব্দুল খালেকে কয়, ‘‘ ২০১৪ চনলৈকে বাংলাদেশীক বৰপীৰা পাৰি দিয়াৰ পিছত অসমত কেনেকৈ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হ’ল? লগতে এন আৰ চি পুনৰ বিবেচনাৰ বিৰোধিতা কৰি তেওঁ কয়, ‘‘ এন আৰ চি উন্নীতকৰণৰ কাম দেশৰ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হৈছে । পুনৰ বিবেচনা কৰা হ’লেও উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হ’ব লাগিব ৷’’

আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই দাবী কৰা ১০৪ টা সমষ্টি খিলঞ্জীয়াৰ বাবে সুৰক্ষিত প্ৰসংগতো মুখ্যমন্ত্ৰীক উভতি ধৰি তীব্ৰ সমালোচনা কৰে সাংসদ আব্দুল খালেকে । সাংসদগৰাকীয়ে বৰাক উপত্যকাৰ প্ৰসংগত কয়, ‘‘ যিসকলে অসমীয়াত লিখা নামফলক ক’লা ৰঙেৰে মচি দিব পাৰে, সেই অঞ্চলৰ সমষ্টি কেনেকৈ খিলঞ্জীয়াৰ কাৰণে সুৰক্ষিত হব পাৰে?’’

লগতে পঢ়ক: আজমলৰ দূৰ্গত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী জনসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.