ETV Bharat / state

আজমলৰ দূৰ্গত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী জনসভা

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 10:18 PM IST

Public Meeting by Congress: আজমলৰ দূৰ্গ ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী জনসভা ৷ সভাত উপস্থিত দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপৰিও ভূপেন বৰাসহ বহু জ্যেষ্ঠ নেতা ৷

congress Meeting Dhubri
আজমলৰ দুৰ্গত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী জনসভা

আজমলৰ দুৰ্গত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী জনসভা

বিলাসীপাৰা, 19 ডিচেম্বৰ : সমাগম লোকসভা সমষ্টিৰ নিৰ্বাচন । আজমলৰ দূৰ্গ হিচাবে বিবেচিত ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী জনসভা ৷ ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত বিলাসীপাৰাৰ বাঙালীপাৰা খেল পথাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল জনসভা ৷ উক্ত জনসভাত যুৱ কংগ্ৰেছ আৰু NSUI ৰ কৰ্ম-কৰ্তাসকলে হাজাৰ হাজাৰ বাইকৰ ৰেলীৰে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন আৰু কংগ্ৰেছৰ ৯ গৰাকীকৈ বিধায়কৰ আদৰণি জনায় ।

আগন্তুক লোকসভা সমষ্টিৰ নিৰ্বাচন প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ বিশাল জনসভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে অসমত কংগ্ৰেছৰ চৰকাৰ আহিলে ৰাইজক ২০০ ইউনিট বিদ্যুৎ ফ্ৰী, ১২ শ টকাৰ গেছ চিলিণ্ডাৰ ৫০০ টকাত আৰু নিবনুৱা যুৱক যুৱতীসকলক প্ৰতি মাহে নিবনুৱা ভাট্টা দিব ।

ইয়াৰোপৰি তেওঁ কয়, দিছপুৰৰ পৰা বিজেপিক খেদিবলৈ হ'লে ধুবুৰীৰ পৰা বদৰুদ্দিন আজমলক দলিয়াই দিব লাগিব ৷ উক্ত বিশাল জনসভাত উপস্থিত হৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে কয় যে অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ লাগিলে AIUDF ক ভোট দিয়ক আৰু যদি নালাগে তেনেহলে বদৰুদ্দিন আজমলক ধুবুৰীৰ পৰা প্ৰত্যাখান কৰক ।

AIUDF ক এটা ভোট দিয়া মানে বিজেপিক দুটাকৈ ভোট দিয়া বুলি মন্তব্য কৰে জেষ্ঠ নেতা ৰকিবুল হুছেইনে । উক্ত সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে কয় যে ভাৰতত নৰেন্দ্ৰ মোদী আৰু অসমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিমান বন্দৰ, চাহ বাগান বিক্ৰী কৰি হেলিকপ্তাৰত উঠি মাটি বিচাৰি আছে কোনখিনি মাটি বিক্ৰী কৰিব পাৰি ।

বদৰুদ্দিন আজমলে ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজৰ ভোট লৈ বিক্ৰী কৰি বেপাৰ চলাই আছে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙে । উক্ত জনসভাত ধুবুৰী জিলা কংগ্ৰেছৰ উপৰিও বিভিন্ন প্ৰান্তৰ পৰা ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱা দল, মণ্ডল কংগ্ৰেছ, মহিলা কংগ্ৰেছ, এন এছ ইউ আই কৰ্মকৰ্তাৰ লগতে ৰাইজে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: সমষ্টি উল্লেখ নকৰাকৈ সাংসদ আব্দুল খালেকে জমা দিলে আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.