ETV Bharat / state

Poor Healthcare Services in Border Areas : ধুবুৰীত বিএছএফৰ নদী এম্বুলেঞ্চতে সন্তান জন্ম দিলে প্ৰসূতিয়ে

author img

By

Published : Oct 15, 2022, 11:53 AM IST

Updated : Oct 15, 2022, 1:17 PM IST

Poor healthcare services in border areas
ধুবুৰীত বিএছএফৰ নদী এম্বুলেন্সতে সন্তান জন্ম দিলে প্ৰসূতিয়ে

ধুবুৰীৰ সীমান্ত অঞ্চলৰ ৰাইজ আজিও উন্নত স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত (Healthcare services in border area of Dhubri)। সীমান্ত সুৰক্ষা বাহিনীয়েই (বিএছএফ) তেওঁলোকৰ একমাত্ৰ ভৰষা । বিএছএফৰ নদী এম্বুলেঞ্চতে এগৰাকী প্ৰসূতিয়ে জন্ম দিলে কন্যা সন্তান । সাংবাদিক, আৰক্ষী আৰু বিএছএফৰ তৎপৰতাত চিকিৎসালয়লৈ প্ৰেৰণ নৱজাতকসহ মাতৃক ।

ধুবুৰী,১৫ অক্টোবৰ : সীমান্ত সুৰক্ষা বাহিনী, যিয়ে অনবৰতে সীমান্ত অঞ্চলত পহৰা দি দেশক সুৰক্ষা প্ৰদান কৰে । অতি স্পৰ্শকাতৰ অঞ্চলত থাকি দেশমাতৃৰ সেৱাত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীয়ে(বিএছএফ) অৱশ্যে আন আন দায়িত্বসমূহো পালন কৰি আহিছে । বিশেষকৈ সীমান্ত অঞ্চলৰ নাগৰিকক বিভিন্ন ধৰণে সহায়-সহযোগিতা কৰি আহিছে জোৱানসকলে । এইবাৰ ধুবুৰীৰ ভাৰত-বাংলা সীমান্ত অঞ্চলত দেশৰ সুৰক্ষাৰ বাবে নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীয়ে নিজৰ কৰ্তব্য পালনৰ উপৰিও দেখুৱালে সামাজিক দায়বদ্ধতাৰ অন্যতম নিদৰ্শন । জৰুৰী অৱস্থাৰ প্ৰসূতিক সহায় কৰি প্ৰশংসিত হ'ল জোৱানসকল (Humanity of BSF Jawan in Dhubri border)।

উল্লেখ্য যে ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ মহমায়া চৰ বিওপিৰ অন্তৰ্গত কাটিয়াৰ আলগা অঞ্চলৰ ছবুৰ হুছেইনৰ গৰ্ভৱতী পত্নী সাহানাৰা খাতুনে প্ৰসৱ যন্ত্ৰনাত চটফটাই আছিল । কিন্তু সেই সীমান্ত অঞ্চলটোত নাই কোনো স্বাস্থ্যকেন্দ্ৰ । যাৰ বাবে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে বিষয়টো অৱগত কৰে মহমায়া চৰ বিওপিত নিয়োজিত হৈ থকা ৪৯ নং বেটেলিয়নৰ সীমান্ত সুৰক্ষা বাহিনীক । লগে লগে মহমায়া চৰ বিএছএফৰ ফালৰ পৰা এখন এম্বুলেঞ্চ নাঁৱৰ জৰিয়তে ধুবুৰীলৈ অনাৰ ব্যৱস্থা কৰা হয় প্ৰসূতিগৰাকীক ।

কিন্তু হাস্পতাল পোৱাৰ পূৰ্বেই নদীৰ মাজতে মহিলাগৰাকীয়ে এগৰাকী কন্যা সন্তান জন্ম দিয়ে (Mother gives birth in BSF river ambulance)। সীমান্ত সুৰক্ষা বাহিনীৰ নাৰ্চিং এচিষ্টেণ্ট দেৱৰাজ আৰু বাকী জোৱানসকলে সেই সময়ত প্ৰসূতিগৰাকীক শুশ্ৰূষা কৰে ।

লক্ষণীয়ভাৱে ধুবুৰী বিএছএফৰ ৱাটাৰ উইং ঘাটত উপস্থিত হোৱাৰ পাছতো চিকিৎসালয়লৈ নিয়াৰ বাবে নাই কোনো এম্বুলেঞ্চৰ ব্যৱস্থা । সাংবাদিকসকল ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ অৱস্থা দেখি ধুবুৰী আৰক্ষীৰ সৈতে যোগাযোগ কৰাত বিষয়টো গুৰুত্ব সহকাৰে লয় অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজিৰাণী শৰ্মাই । লগে লগে ধুবুৰী আৰক্ষীৰ এম্বুলেঞ্চৰ জৰিয়তে মহিলাগৰাকীক ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰা হয় । আচলতে নিজৰ কৰ্তব্য পালনৰ উপৰিও সীমান্ত সুৰক্ষা বাহিনী, আৰক্ষী আৰু সংবাদকৰ্মীয়ে যি সামাজিক দায়বদ্ধতা পালন কৰিছে এয়া তাৰেই যেন এক বাস্তৱ উদাহৰণ ।

উল্লেখ্য যে, ধুবুৰীৰ ভাৰত-বাংলা সীমান্ত অঞ্চলত নাই কোনো উন্নত স্বাস্থ্য ব্যৱস্থা । দেশ স্বাধীন হোৱাৰ ৭টা দশক অতিক্ৰম কৰাৰ পাছতো স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত সীমান্তবাসী (Dhubri border people deprived of better healthcare)। সীমান্ত অঞ্চলৰ ঠায়ে ঠায়ে দুই এখন স্বাস্থ্য কেন্দ্ৰ আছে যদিও সেইবোৰৰ এতিয়া অচলাৱস্থা ।

ইফালে জটিল পৰিস্থিতিত মহিলাগৰাকীক সহায় কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছে নাৰ্চিং এচিষ্টেণ্ট দেৱৰাজে । ইফালে সীমান্ত অঞ্চলত কোনো স্বাস্থ্যকেন্দ্ৰ নাই বুলি উল্লেখ কৰাৰ লগতে কেৱল সীমান্তৰ বিএছএফৰ ওপৰতেই সীমান্তবাসী নিৰ্ভৰশীল বুলিও উদ্বেগ প্ৰকাশ কৰে কাটিয়াৰ আলগা গাঁৱৰ ৰাইজে ।

লগতে পঢ়ক :Public hearing at Majuli: মাজুলীৰ ফেৰীৰ ভাড়া বৃদ্ধিক লৈ শনিবাৰে ৰাজহুৱা শুনানি

Last Updated :Oct 15, 2022, 1:17 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.