ETV Bharat / state

Drugs mafia arrested : ধুবুৰী আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া

author img

By

Published : Jul 27, 2022, 7:20 AM IST

ধুবুৰী আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া চহিদুৰ ৰহমান । দীর্ঘদিনে ধুবুৰী আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা চহিদুৰ অৱশেষত ড্ৰাগছ সহ ধৰা পৰিল আৰক্ষীৰ হাতত (Drugs mafia arrested in Dhubri)।

Drugs mafia arrested in Dhubri
ধুবুৰী আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া

ধুবুৰী, 27 জুলাই: দীর্ঘদিন ধৰি ধুবুৰীকে ধৰি নামনি অসমৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বেহা চলাই অহা চহিদুৰ ৰহমান অৱশেষত আৰক্ষীৰ জালত(Drugs mafia arrested in Dhubri) । ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে ধুবুৰীৰ আমেৰভিটা অঞ্চলৰ বালিচৰত ড্ৰাগছ বিক্ৰী কৰি থকাৰ খবৰ লাভ কৰে ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষীয়ে ।

এই গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে আৰক্ষীয়ে হাতে লোটে আটক কৰে ড্ৰাগছ মাফিয়া চহিদুৰ ৰহমানক । ধৃত চহিদুৰৰ জিম্মাৰ পৰা ১২ টাকৈ সন্দেহজনক ব্ৰাউন চুগাৰভৰ্তি কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে । বৰ্তমান বি এন কলেজ নগৰ আৰক্ষী চকীত আটকাধীন হৈ আছে ড্ৰাগছ মাফিয়া চহিদুৰ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

ধৃত ড্ৰাগছ মাফিয়া চহিদুৰৰ ঘৰ ধুবুৰীৰ বগুলামাৰী দ্বিতীয় খণ্ডত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

লগতে পঢ়ক: Human Trafficking At Bihali: মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা কিশোৰী উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.