ETV Bharat / state

Human Trafficking At Bihali: মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা কিশোৰী উদ্ধাৰ

author img

By

Published : Jul 26, 2022, 10:43 PM IST

কিশোৰী সৰবৰাহৰ ঘটনা
কিশোৰী সৰবৰাহৰ ঘটনা

বিহালীত কিশোৰীক বিবাহৰ প্ৰলোভনেৰে বহিঃৰাজ্য লৈ নিয়াৰ চেষ্টা ৷ বিহালী আৰক্ষীৰ তৎপৰতাত আৰু বিহালী অদিবাসী ছাত্ৰ সন্থাৰ সহযোগত কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Human Trafficking At Bihali) ৷

বিহালী, 26 জুলাই: দীৰ্ঘদিনৰ পৰা সমগ্ৰ ৰাজ্যৰ লগতে বিহালীত চলি আছে নাৰী তথা কিশোৰী সৰবৰাহৰ ঘটনা ৷ তেনে এক ঘটনা পুনৰ সংঘটিত হৈছে বিহালীত (Minor girl rescued at Bihali) ৷ এগৰাকী কিশোৰীক বিবাহৰ প্ৰলোভনেৰে বহিঃৰাজ্য লৈ নিবলৈ ওলোৱা সময়তে বিহালীৰ আৰক্ষীৰ তৎপৰতাত আৰু বিহালী অদিবাসী ছাত্ৰ সন্থাৰ সহযোগত কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Human Trafficking At Bihali) ৷

ইয়াৰ লগতে আৰক্ষীয়ে বটিয়ামাৰি সাধুবস্তিৰ মানৱ সৰবৰাহকাৰী নীৰজ শৰ্মা আৰু মাতৃ ইন্দ্ৰা দেৱী এই ঘটনাত জড়িত থকাৰ অভিযোগত আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ জানিব পৰামতে কিশোৰীগৰাকীক ৰাজস্থানত বিয়া দিয়াৰ প্ৰলোভনেৰে নিবলৈ লৈ গৈছিল মাতৃ-পুত্ৰই ৷ সোমবাৰে নিশা বৰগাং আৰক্ষীয়ে এই খবৰ লাভ কৰি বৰগাং চেন্টাৰত নাকা তালাচী চলাই কিশোৰী গৰাকীক বিশ্বনাথ চাৰিআলিৰ ৰে'ল ষ্টেচনলৈ গাড়ীৰে লৈ যোৱাৰ পথত উদ্ধাৰ কৰে ৷

মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা কিশোৰী উদ্ধাৰ

উল্লেখ্য যে, দাৰিদ্ৰতাৰ সুযোগলৈ একাংশ পৰিয়ালৰ কিশোৰী-যুৱতীক মানৱ সৰবৰাহকাৰী চক্ৰই এনেদৰে বহিঃৰাজ্যত বিক্ৰী কৰি অহাৰ অভিযোগ সততে উত্থাপিত হৈ আহিছে ।

উল্লেখযোগ্য যে, যোৱা কেইদিনমানৰ পূৰ্বে শিশু সৰবৰাহৰ অভিযোগত শোণিতপুৰৰ মিছন চাৰিআলিৰ পৰা মঃ ৰিতুল আলী নামৰ এটা সৰবৰাহকাৰীক আটক কৰি আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰে ৷ লগতে শিশু সৰবৰাহৰত ব্যৱহাৰ কৰা এখন বলেৰ' বাহন জব্দ কৰিলৈ সক্ষম হৈছিল আৰক্ষীয়ে ৷ বিহালীত এনে ঘটনা সঘনাই সংঘটিত হোৱাত বিহালীৰ সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: Woman injured in gunshot: গোলাঘাটত বন্দুকৰ গুলীত আহত মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.