Woman injured in gunshot: গোলাঘাটত বন্দুকৰ গুলীত আহত মহিলা

By

Published : Jul 26, 2022, 6:51 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

গোলাঘাটৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত অঘটন ৷ গোলাঘাট ক্ৰীড়া প্ৰাধিকৰণৰ ছাত্ৰৰ গুলীত আহত হয় সংগীতা বৰা নামৰ এগৰাকী মহিলা ৷ জানিব পৰামতে মহিলাগৰাকী ঘৰত কাম কৰি থকাৰ অৱস্থাতে তেওঁৰ স্বামীয়ে মূৰত কিবা এটা খুন্দা খোৱা প্ৰত্যক্ষ কৰে ৷ অলপ দেৰিকৈ শব্দ শুনাত ঘৰখনত হুলস্থুল লাগে (Woman injured in gunshot) ৷ ঘৰৰ লোকে অলপ পিছতেই মহিলাগৰাকীৰ মূৰৰ পৰা তেজ ওলোৱা দেখি ততালিকে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ কিন্তু হাস্পতাল কৰ্তৃপক্ষই মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ (Jorhat Medical college)প্ৰেৰণ কৰে । প্ৰকৃততে ক্ৰীড়া প্ৰাধিকৰণৰ ছাত্ৰ এগৰাকীয়ে প্ৰশিক্ষকৰ এয়াৰ গানটো চৰাই মাৰিবলৈ ব্যৱহাৰ কৰিছিল (Sports Authority of India) ৷ কিন্তু চৰাইৰ পৰিৱৰ্তে মহিলাগৰাকীৰ মূৰত এয়াৰ গানৰ গুলী লগাৰ ফলত অঞ্চলটোত হুৱা-দুৱাৰ সৃষ্টি হয় ৷ ঘটনা সন্দৰ্ভত গোলাঘাট সদৰ আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত কিশোৰকজনক ৷ কিশোৰজনৰ বয়স 16 বছৰ বুলি জানিব পৰা গৈছে ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.