ETV Bharat / state

ধুবুৰীত মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ সংবাদমেল

author img

By

Published : Apr 23, 2020, 1:50 PM IST

ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰী ৷ কৃষি খণ্ড আৰু খাদ্য সমস্যাৰ ক্ষেত্ৰত বিভিন্ন দিশ সামৰি লৈ গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় এই বৈঠকত ৷

Dhubri Atul Bora,Phani bhusahan Choudhury press meet
ধুবুৰীত মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ সংবাদমেল

ধুবুৰী, 23 এপ্ৰিলঃ বুধবাৰে ধুবুৰীত উপস্থিত হয় ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰী ৷ ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় দুয়োগৰাকী মন্ত্ৰী ৷ বিশেষকৈ কৃষি খণ্ড আৰু খাদ্য সমস্যাৰ ক্ষেত্ৰত বিভিন্ন দিশ সামৰি লৈ বিভিন্ন দিশ সম্বন্ধে আলোচনা কৰা হয় এই বৈঠকত ৷ ইয়াৰ পিছতেই এক সংবাদমেল অনুষ্ঠিত কৰি ধুবুৰী জিলাত আগন্তক এমাহৰ খাদ্য সামগ্ৰী মজুত আছে বুলি মন্তব্য কৰে যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে ৷ জিলাখনত কোনো ধৰণৰ খাদ্য সংকট নোহোৱা বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ উপৰিও ধুবুৰীত ৰমজান মাহৰ বাবে প্ৰয়োজনীয় ফল-মূল আৰু খাদ্য সামগ্ৰীৰ যাতে অভাৱ নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে ।

ধুবুৰীত মন্ত্ৰী অতুল বৰা আৰু ফণী ভূষণ চৌধুৰীৰ সংবাদমেল

আনহাতে, বৰ্তমান অৰ্থনৈতিক সংকটৰ ফলত চৰকাৰে ৰাজ্যত পেট্ৰ’ল,ডিজেল আদিৰ মূল্য বৃদ্ধি কৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰা বুলি ব্যক্ত কৰে যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে ৷ ইয়াৰ উপৰিও ৰমজান আৰু লক ডাউনৰ গইনা লৈ কোনো ব্যৱসায়ীয়ে ইচ্ছাকৃতভাৱে সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিলে জিলা প্ৰশাসনে ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি বুধবাৰৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

ধুবুৰীত মন্ত্ৰী অতুল বৰা আৰু ফণী ভূষণ চৌধুৰীৰ সংবাদমেল

লগতে পঢ়ক-শিলচৰ জিলা কাৰাগাৰৰ ডিটেনশ্যন কেম্পৰ পৰা 16 জনক মুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.